পৃষ্ঠা:মাটিৰ চাকিৰ শিখা.pdf/৩০

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১৮

লক্ষ প্ৰাণকুণ্ড ভেদি
অশ্ৰু গংগা বব নিৰবধি
সোঁতত ভাঁহিম মই চিৰসদ্য এটি জবা
অহেতুক মৰণৰ কাৰুণ্যেৰে ৰঙা।
তোমাৰ বুকুৰ সেই ঘনকৃষ্ণ বননিত
দুৰু দুৰু হিয়াৰ কঁপনি কত
ভীতঝ এই হৰিণীৰ
কালি, মাথো কালি মাৰ গ’ল;
আজি সন্ধিয়াতে তুমি ক্ষুব্ধ এটি পশু
দুচকুত ঈৰ্ষা জ্বলে
উত্তাপত যুক্তি গলে
দুৰ্নিবাৰ প্ৰেম জ্বলে আদিতম ক্ৰুৰতা বহ্নিত।
সন্দেহৰ কুঁৱলীৰে ধূসৰ তোমাৰ দৃষ্টি,
এই জীৱনৰ যমুনা তীৰত বহি
নেদেখিলা হাতীপটি ফটিক বুকুত মোৰ
দুপৰৰ ৰশ্মিজালে ৰচা।
তোমাৰ দিগন্ত জুৰি
তৃষাতুৰ মৰুভূৰ মহা হাঁহাকাৰ
দুবৰিৰ স্বপ্ন য’ত ক্ষনিকৰ ভাৱনা বিলাস৷
স্বামী মোৰ, দ্বিধা নাই, আহা কাষলৈ।
মৰণৰ গৰিমাৰে জীৱনৰ কালিমা ঢাকিলা;
অনসূয়া মোৰ প্ৰেমে ধুই মচি লৈ যক
যত গ্লানি তোমাৰ আত্মাৰ!
প্ৰেম আৰু প্ৰত্যয়ৰ সুবিমল জোনাকত
আকৌ এবাৰ স্বামী আহা কাষলৈ
মৃত্যু নীল কপালত এইবাৰ মই আঁকি দিওঁ
শত চুমা আবেগ বিহ্বল,
যি চুমা কাহানিবা যাচিলেহেঁতেন
মৰমৰ আকলুৱা নিৰ্বোধ মোৰ শিশুটিক।

১৯৬৮ চন।