পৃষ্ঠা:মাটিৰ চাকিৰ শিখা.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
 


এই মাটি এই মাত

ৰঙা নদী পাৰ হৈ
নীলা পাহাৰৰ দাঁতিয়েদি
ৰেলখন ভাটিমুখে আগবাঢ়িছিল;
পথাৰৰ সোণালী শইচ
নৈ-বিল-বননিৰ ইমান সেউজ
ক’ত জানো এৰি থৈ
দোকমোকালিতে ভৰি দিলো দিল্লীৰ মাটিত৷
ঠেতুৱৈ ধৰা ওঁঠ, ঘৰ এৰা উৰুঙা হৃদয়
একাপ কফিৰ বাবে আহিলো ওলাই।
বিয়াগোম ৰেলৰ ষ্টেচন
অহা আহে, যোৱা যায়
পৰিচয়হীন মুখ, বেনামী ঠিকনা।
হঠাতে এজুম ল’ৰা
মোক আহি ঘেৰি ধৰিলেহি।
চিনাকি সুৰীয়া কথা, হাঁহিৰ টুকুৰা
হিয়া ভৰে, ভৰি উঠে দিল্লীৰ অচিন বতাহ।
“লুইতপৰীয়া আমি ডিবৰুৰ ল'ৰা
দেশখন চাওঁ বুলি ফুৰিছোহি অনাই-বনাই;
পাত-সোণ মেখেলাত আঁচুফুল ফুলা দেখি
আহিছো উধাতু খাই
বাইদেউ, নধৰিব দায়;
আজি একুৰি পোন্ধৰ দিনে
দেখা নাই অসমীয়া মুখ,
বুকু জুৰ পৰা, শুনা নাই মিঠা সমিধান;