পৃষ্ঠা:মাটিৰ চাকিৰ শিখা.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সম্ভৱ নহয়, আমাৰ সমাজত কেইগৰাকী তিৰোতাই তেনে পৰিবেশ পায়?” কথাষাৰ-নিঃসন্দেহে সত্য, আলংকাৰিকভাৱে কোৱা কথা নহয়। পুথিখনৰ দুই এটা ঢিলা বিধৰ কবিতা নধৰি সৰহখিনি কবিতা পঢ়ি মোৰ কিন্তু বিশ্বাস হ’ল বিশিষ্ট কাব্য-সৃষ্টিৰ বাবে লাগতিয়াল অভিজ্ঞতা, অধ্যয়ন, মনন যথোপযুক্ত পৰিমাণে থাকক বা নেথাকক সাধাৰণ অ-সমালোচক কবিতা-ৰসিক পঢ়ুৱৈ এজনে কবিতা সংকলনৰ পৰা ঘাইকৈ যিখিনি সন্তুষ্টি লাভ কৰিবলৈ হেপাহ কৰে তাৰ কোনো খিনিৰে অভাৱ ‘মাটিৰ চাকিৰ শিখা’ত অনুভৱ কৰিবলগীয়া নহব। কবিতাৰ ছান্দসিক সৌন্দৰ্য্য, গাথনিগত সৱলতা, দাৰ্শনিক গভীৰতা বা ব্যঞ্জনামূলক মৌলিকতাতকৈও সাধাৰণ ৰসগ্ৰাহী পঢ়ুৱৈয়ে কবি- তাৰ পৰা আশা কৰে তাৰ বাণী আৰু মৰ্মগত আন্তৰিকতা আৰু অৰ্থ- গৌৰৱ। সেই দৃষ্টিৰে চালে মোৰ মনত হয় শ্ৰীহিৰণ্ময়ী দেবীৰ কবিতা- খিনিৰ অন্তৰত সোমাই থকা মানৱীয় সংবেদনশীলতা আৰু সংযত আৰু বলিষ্ঠ ধৰণৰ আবেগ- -অনুভূতিয়ে ইয়াক সীমিত ব্যক্তিগত স্তৰৰ পৰা বহুজনৰ অন্তৰ পৰশিব পৰা স্তৰলৈ উন্নীত কৰিছে।

 মই যেতিয়া নিজকে সেধো-কিহৰ বাবে হিৰণ্ময়ীৰ কবিতা মোৰ এনেকৈ ভাল লাগিল, ‘মাটিৰ চাকিৰ শিখা’ৰ কিবোৰ গুণে মোক আকৰ্ষণ কৰিলে?- তেতিয়া এই ভাল লগাৰ কাৰণবোৰ বিশ্লেষণ কৰিবলৈ নৌ যাওঁতেই এটা উত্তৰ পাওঁ—এই কবিতাখিনিৰ প্ৰচ্ছন্ন আধুনিকতাৰ সুৰটোৰ বাবেই কবিতা কেইটা মোৰ ইমান প্ৰিয়। জানো,এগৰাকী উদীয়মানা মহিলা কবিৰ প্ৰথম কাব্য-প্ৰয়াসৰ প্ৰসঙ্গতে ‘আধুনিকতা’ৰ কথা তুলি মই কোদোৰ বাঁহত জুই দিয়াৰ লেখীয়া কামহে কৰিছো। তথাপি মই নিৰুৎসাহ হোৱা নাই। কাৰণ হিৰণ্ময়ী দেবীৰ কবিতা সূক্ষ্ম বিশাৰদৰ বিচাৰেৰে নাইবা তথাকথিত ‘আধু- তিক কবিত’ৰ কলা-কৌশল সম্পৰ্কীয় কাৰিকৰী বিশ্লেষণেৰে চালে সঠিকভাৱে আধুনিক কবিতাৰ পংক্তিভুক্ত হব পাৰিবনে নোৱাৰে সেই বিষয়ে নিশ্চিত নহলেও মই অনুভৱ কৰো কিতাপখনৰ বহুতো কবিতাৰ