পৃষ্ঠা:মাটিৰ চাকিৰ শিখা.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
 


বৰদৈচিলালৈ চিঠি

আঁহতৰ কুঁহি-পাত, কুলিৰ অমিয়া মাত
নাহৰৰ জীয়া গোন্ধে সোঁৱৰাই দিলে—
বৰদৈ, তই যোৱা বছৰেক পূৰ হওঁ হওঁ;
লুইতৰ বগী চকেচকী বালি,
পৰ্ব্বত-ভৈয়াম জুৰি তোৰ ঘৰখনি,
চেনেহৰ আইজনী—বুকু তোৰ পোৰা নাই?
সাত তৰপীয়া ধূলি ঘঁহি পিহি চুছি-মজি
এলাগী পৃথিবী আজি পটেশ্বৰী হ’ল;
ৰাংঢালী ফাগুণীয়ে
শিমলুৰ পলাশৰ ডাল-পাতে ৰং সানি গ’ল
খামুচীয়া কঁকালত খম্ খম্ ৰিহাৰ খোচনি
বকুলৰ গামখাৰু দালিম-ফুলৰ কেৰু
উলহ-মালহে তোৰ সাজি-কাচি ওলাবৰ হ'ল!

বৰদৈ, ৰণত কলিয়া হ’লো
যোৱা বেলি সকলোটি বানৰ বুকুত দিলো
তেতেলিপতীয়া চিৰা থমা দৈ সমাজিক হ’ল;
বজাৰত আচুঁসূতা জুই-ছাই দাম,
বিহুৱানো বিহু-চেৰা হ’ল;
তথাপিতো নাহি পাৰিবিনে তই?
আজি ঘোপমৰা এন্ধাৰত হেৰাল পথৰ মোৰ
মোক চিকিমিকি এচাটি পোহৰ লাগে
সমাজৰ সুপ্ত চেতনাত এক প্ৰচণ্ড জোকাৰ লাগে
বৰদৈ, ধুমুহা বাহিনী, বজ্ৰ-বিজুলীৰে তই নাহিলে নহব।