পৃষ্ঠা:মাটিৰ চাকিৰ শিখা.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৩৬

কত শঙ্কা কত আনন্দেৰে
কত তৃপ্তি কত বিস্ময়েৰে
লেখিছিল জঠৰত দুৰু দুৰু ভ্ৰূণৰ কঁপনি
থুনুক-থানাক মাত, অকাৰণ হাঁহিটিত
দেখিছিল ৰূপৰেখা অনাগত ৰঙীণ দিনৰ
অনন্ত প্ৰহৰী হৈ অমৃত-দায়িনী তেৱেঁ
চিৰকাল ৰাখিব আবৰি।

কাল-ৰাতি নুপুৱাব জানো?
সনাতন মূল্যবোধ হেৰোৱা-সূৰ্য্যৰ
নহবনে পুনৰ উদয়?
নিষ্পেষিত নাৰীৰ কৰুণ অধ্যায়
হয়তোবা হব শেষ।
সেই শুভ-প্ৰভাতত
আধা ফুলা বাসনা-কুসুম
সযতনে কৱৰীত গুজি,
অপ্ৰকাশ প্ৰতিভাৰ জ্যোতি সানি গালে-মুখে
আহিবা আকৌ,
সন্ধ্যা-ললিতা-কান্তা হাত ধৰাধৰিকৈ
লয়লাসে উচ্ছল হাঁহিৰে।
আশীষ নিৰ্মালি হৈ
কাৰোবাৰ ৰিক্ত কাননত ফুলিবা দুনাই;
যৌৱনৰ জোনালী আভাৰে
পোহৰাবা কাৰোবাৰ নিস্প্ৰদীপ মন-মণিকোঠা।
পৃথিবীত এতিয়া দোভাগ-ৰাতি
দুবৰিৰ নিহালিৰে আলফুলে দেহা ঢাকি।
শুই থকা তিনিভনী নিজানে-নিৰলে।

১৯৭০ চন।

( নৃশংস ধুবুৰী-হত্যাকাণ্ডৰ বলি নিৰ্মালি-জোনালী-ৰূপৰেখাৰ
কৰুণ স্মৃতিত )