পৃষ্ঠা:মাটিৰ চাকিৰ শিখা.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৩৯

অত ৰাজআলি স্কুলঘৰ থাকোতে
নিশাবোৰ সুখেৰেই যাব,
জাতি-বৰ্ণ শ্ৰেণীৰ ভেদা-ভেদ আমাৰ
এনেকৈয়ে দূৰ হব।
ঘৰে ঘৰে ল'ৰা-ছোৱালীৰ পাল
পুঠিমাৰীৰ মথাউৰি সতে
কেইটানো উটি গল?
ত্ৰিভুজ-মাৰ্কা পৰিকল্পনা
কিঞ্চিৎ সফল হ’ল
এখন ডিবৰু জহি খহি গ'লে
চাৰিখন গঢ়ি লম
পৰ্বতে-ভৈয়ামে এইখন ৰাজ্যত
কত মাটি পৰে চন।
পলসুৱা ভেটীত মিঠা লাও গজিব
বাট-ঘাট-পথাৰত শইচে হাঁহিব
সেউজ-বিপ্লৱ সোণৰ এই দেশত
বিনা অয়াসতে হব।
ৰাইজ ঐ চকুলো নুটুকিবি
ভুকুতে কলটো নপকে জানিবি;
লুইতৰ বুকুৰে গড়খাৱৈ হব
পগলা নদীৰে সোঁত ওভোতাব
আমাৰ ঘৰ-চোতালত বানৰ লীলা খেলা
এদিন সাধুকথা হব।

আগষ্ট, ১৯৭২ চন।