পৃষ্ঠা:মাটিৰ চাকিৰ শিখা.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৩০

কাৰ হাত বুলনিত
চৈতন্যৰ ধীৰ সঞ্চালন;
ৰক্তিম কৰুণা-ধাৰা বাগৰিল শিৰাই শিৰাই
যেন শীতাৰ্ত্ত পৃথিবীলৈ
আকাশৰ অশ্ৰুধাৰা
মৃতপ্ৰায় প্ৰকৃতিত জীৱনৰ নতুন স্পন্দন।
মোৰ ভাগ্যৰ সীমান্তত
কোনা সেয়া কল্যাণ মুৰতি?
মৰণমুখীৰ বাবে দুহাতত একাজলি জবা
এন্ধাৰৰ সউপাৰে দিলাহি জ্বলাই
আশাৰ শলিতাগছি
আৰু আবেলিৰ আকাশৰ শেতা জোন যেন
কপালৰ এধানি সেন্দুৰ।
মই তো নেজানো তুমি নাৰী নে পুৰুষ,
কোন পথে আহিছিলা।
য’ত হিংসাৰ উন্মুক্ত অসি জ্বলে চক্‌চক্‌
য’ত স্বাৰ্থৰ লুলোপ জিভা নাচে লক্‌লক্‌
জানো, সেইপথ তোমাৰ নহয়।
শেৱালিৰ স্নিগ্ধতাই য’ত
ৰুক্ষ পৃথিবীক প্ৰেমেৰে সাৱটে,
জননীৰ স্নেহ-সৰসীত
য’ত সৃষ্টিৰ শতদলে হাঁহে
মন্দিৰ-মছজিদ গীৰ্জা
পাহাৰ ভৈয়াম সৱ একাকাৰ কৰি
সেইপথে আহিছিলা
জাতিহীন, বৰ্ণহীন, ভাষাহীন তুমি মানৱতা।

১৯৭৭ চন।