পৃষ্ঠা:মাটিৰ চাকিৰ শিখা.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
 


মেজি ঘৰ

পোনাকণ, আমনি নকৰ;
কাহিলি পুৱাতে উঠি সোণমণি তেল ডিপোত
জোনমণি গাখীৰৰ লাইনত থিয়
চেনি-চাউলৰ বাবে ধনটিয়ে দোকানত বোন্দাপৰ দিছে
তই মেজিঘৰ সাজিবিনো কাৰে?
সাতোটা বলিয়া বানে পথাৰ গৰকি গ'ল
এইবেলি নৰাৰো আকাল
মেজিঘৰ জ্বলাবি কিহেৰে?
আমাৰ জীৱন পোৰা উৰ্দ্ধমুখী দামৰ জুইৰে?
পেট যদিওবা শুদা
আমি বাৰু মুঠি মুঠি সোণালী স্মৃতিৰে
মনৰ উদং তলি ভৰাব পাৰিম।
তহঁতৰ সুকুমাৰ জীৱন কঁপোৱা
নাই নাই হাঁহাকাৰ ঢাকিম কিহেৰে?
মেজিৰ উৰাওঁ উৰাওঁ কৰা
তহঁতৰ হাঁহি-খিকিণ্ডালি
টকা-পেঁপা নাচৰ উচ্ছাস
আজি ঘূৰাওঁ কিদৰে?
আমি নিৰূপায়।

মাঘ বিহু
১৯৭৫ চন।