পৃষ্ঠা:মাটিৰ চাকিৰ শিখা.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
 

বকুল-শেৱালি বচা দুৱৰি ডৰাত
ৰৈ গ’ল চৰণ ৰেণুৰ কণা
আৰু মোৰ মুগ্ধ হৃদয়ত।
দুপৰৰ আকাশত খাওঁ খাওঁ সূৰ্য্য জ্বলে,
পেটত ক্ষুধাৰ বাহু;
উৰুখা পজাত ভাঁহে
অৰ্দ্ধাহাৰী শিশুটিৰ অবুজ কান্দোন
ৰেষ্টোৰাৰ ৰেডিঅ’ত সস্তীয়া গানৰ সুৰ।
জীৱনৰ দুয়োকাষে বেচা কিনা চলে অবিৰাম;
ওপৰত চিলনীৰ সৰৱ অগিয়াবগি
সিহঁতৰ পাখীত উজ্জ্বল ৰ’দ, চকুত বুভুক্ষা।
নৈৰ বুকুতো যেন একেৰাহী দগ্‌মগ্ সীহৰ উতল;
আত্মাৰ নিবিড় ছাঁত দুই দণ্ড জিৰণিৰ বাবে
প্ৰাণে হামৰাও কাঢ়ে;
আৰ্ত্তস্বৰে চিঞৰিলোঁ—ভগৱান ক’ত?
মোৰ ক্ষীণ কণ্ঠ ডুব গ’ল
যন্ত্ৰ-দানৱৰ ধোঁৱাময় বিকৃত উকিত।
ক্লান্ত দেহ অৱসন্ন মন
বহি ৰ’লো আবেলিৰ সেমেকা ঘাঁহত
সুৰভিত এচাটি বতাহে
চুই গ’ল উত্তপ্ত কপাল
মূৰ তুলি চাই দেখো
পশ্চিমৰ আকাশত ফাকুৰ পোহাৰ;
জোন-তৰালিৰ আদৰণী আল্‌পনা আঁকি
সৌজন ভগৱান স্মিতহাস, অনিন্দ্যসুন্দৰ।

১৯৭৪ চন।