পৃষ্ঠা:মাটিৰ চাকিৰ শিখা.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৩৫

অশ্ৰু গাঁথা


পৃথিৱীত এতিয়া দোভাগ ৰাতি
দুবৰিৰ নিহালিৰে আলফুলে দেহা ঢাকি
শুই থাকা তিনি ভনী নিমাতে নিতালে।
আধা-গঁথা কবিতাৰ মালা
অত স্বপ্ন অত সম্ভাৱনা
অতবেৰ গাভৰু বাসনা
বুকুতে থাকক শুই;
মানুহৰ পাপৰ পঙ্কত
নেলাগে ফুলিব আৰু ফুলপাহি হৈ
চেনেহৰ বেহা লৈ
ঘৰমুৱা পিতৃৰ বৃথা-প্ৰতীক্ষাত।

জোনৰ বুকুত আৰু
তাহানিৰ মাধুৰিমা নাই,
শিলবোৰ কঢ়িয়াই আনি
আমি বুকে বুকে বান্ধি ললো
কাল পচোৱাৰ বা-ত
জীৱনৰ মহাবৃক্ষ উম্মুলিতপ্ৰায়
নিৰাশ্ৰয় দয়া-মায়া-মানৱতাবোধ।
সূতিকাগাৰত নাচে ঘাটকৰ শানিত কৃপাণ
প্ৰেম আৰু প্ৰত্যয়ৰ সমাধিভূমিত
যম-ডাকিনীৰ বিকট আৰাও;
টাবৰ ৰজনীগন্ধা হাচ্‌নাহানাই
নোৱাৰে ঢাকিব গলিত মাংসৰ গোন্ধ;
এইখন পৃথিবীত কি দৰে উশাহ লবা?
দুবৰিৰ নিহালিৰে আলফুলে দেহা ঢাকি
শুই থাকা তিনি ভনী নিৰ্ভয় হৃদয়ে,
চেনেহী জননী এয়া শুইছে কাষতে।