পৃষ্ঠা:মাটিৰ চাকিৰ শিখা.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
 

সেই নাম কটা ৰয় জনতাৰ হৃদয়ৰ শিল-ফলকত।
হাঁহি আৰু কান্দোনক
পোৱাৰ আনন্দ আৰু নোপোৱাৰ হতাশাক
ৰূপ দিয়ে, ভাষা দিয়ে, সুৰেৰে সজায়
কাঁইটেৰে বুকু ফালি কেতেকী ফুলায় –
সেই শিল্পী মৰে কাহানিবা?
বলিষ্ঠ তোমাৰ পদক্ষেপ
নতুনৰ দুৰ্বাৰ হেপাহ।
অশান্ত জীৱন-তৃষ্ণা, দৃষ্টি বৈপ্লৱিক;
ৰূপৰ সাগৰ মথি
জনতাৰ ৰাগ-বিৰাগৰ হলাহলে নীলকণ্ঠ
তুমি শিল্পী মৰণ বিজয়ী।
খন্তেক জিৰণি লবা?
নিত্য-নৈমিত্তিক এই যতি
সাধনাৰ অবিচ্ছিন্ন সোঁত
জাঁজিৰ মুখত এয়া ক্ষণিক বিৰতি।
দেহৰ দীনতা যত, জাগতিক সসীমতা ঠেলি
তুমি সাৰ পাবা প্ৰত্যুষতে
ওপজা ই সোণৰ মাটিত;
সাৰে ৰ’বা চিৰদিন
স্মৃতি ৰূপে প্ৰেৰণাৰ হেঙুলি বোলেৰে
জ্যোতি-ৰাভা-নটসূৰ্য্য যিদৰে থাকিল সাৰে
নৱ-চেতনাৰ বীজ সিচি এচামৰ নতুন তেজত।

জুলাই, ১৯৭২ চন।

(শিল্পী ব্ৰজেন বৰুৱাৰ মৃত্যুত)