পৃষ্ঠা:মাটিৰ চাকিৰ শিখা.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিষয়বস্তুৰ যুগ-ধৰ্মিতা বা সমসাময়িকতাৰ কথা এৰিলেও আৰু আন কেতবোৰত থকা 'চেলুলয়ড', 'ধাঁৰাল ঢৌ’, ‘অন্ধ-গলি’, ‘ৰূপালী-ফ্ৰেম', ‘নিয়ন পোহৰ’, ‘ডেটল’, ‘চেতনাৰ শীশ্‌মহল’, ‘অক্সিজেন’ ইত্যাদি শব্দ অভি-ব্যক্তিৰ বাহ্যিক আধুনিকতাৰ কথা নধৰিলেও এক গভীৰ আৰু আভ্যন্তৰীণ অৰ্থত প্ৰায়বোৰ কবিতাতে আধুনিক ‘চেন্‌চিবিলিটি’ বা চেতনা আৰু আধুনিক ‘মানৱিক অৱস্থিতি’ বা ‘হিউমেন কন্‌ডিশ্য- নৰ’ ইঙ্গিত আৰু ব্যঞ্জনাৰ সন্ধান পোৱা যায়।

 ‘মাটিৰ চাকিৰ শিখা’ৰ অন্তৰ্লীন আধুনিকতাৰ এটা মন কৰিব লগীয়া বৈশিষ্ট্য এই যে ভালেখিনি কবিতাত আধুনিক জীৱনৰ অন্ত- দ্বৰ্ন্দ্ব ক্ষোভ, সংঘাট, শূণ্যতা, বেদনাবোধৰ তীব্ৰতা আৰু তিক্ততা অনস্বীকাৰ্যভাৱে প্ৰকট হলেও কবয়িত্ৰী গৰাকীয়ে কতো এনেবোৰ অক্ষমতাৰ ওচৰত আত্ম-সমৰ্পণ কৰা নাই। বাস্তৱ অভিজ্ঞতাৰ ৰূঢ়- তাই বহুসময়ত শাশ্বত ধ্ৰুব প্ৰমূল্যসমূহৰ প্ৰতি অধিক কঠোৰ আৰু ক্ষমাহীন কৰি তুলিছে যদিও তেওঁ বাৰে বাৰে এইবিলাক অতিক্ৰম কৰি মানুহৰ মহত্ব প্ৰতিষ্ঠাৰ সম্ভাৱনাৰ প্ৰতি হাত বাউল দিছে, নাৰী সুলভ আবেগ অনুভূতিপ্ৰৱণ দুৰ্বলতাৰ বশৱৰ্তী হৈ পৰিবেশ আৰু পৰিস্থিতিৰ প্ৰতিকূলে মানৱসত্বাৰ অগ্ৰগতিত আস্থা হেৰুৱা নাই। আধুনিক হলেও হিৰন্ময়ী দেবীয়ে “শৰণীয়া শিখৰত অৱৰুদ্ধ দেৱতা”, “আলোকৰ অভিযাত্ৰী (মৈত্ৰেয়ী) বিদায়ী স্বামী” মাডাৰ টেৰেছা, হেম বৰুৱা, ব্ৰজেন বৰুৱা, শ্বহীদ নৰেণ মহন্ত, অপহৰণকাৰীৰ বলি শিশু সঞ্জয় আদিৰ পৰা মানৱীয় প্ৰেৰণা আহৰণ কৰি সমস্যা-সংকুল জীৱনৰ পৰা প্ৰজ্ঞা-প্ৰোজ্জ্বল জীৱনলৈ উত্তৰণৰ পাথেয় বিচাৰিছে। মহিলা কবি হোৱা স্বত্বেও হিৰন্ময়ীৰ কবিতাত যি এটা দৃঢ়তাব্যঞ্জক বলিষ্ঠ অশাবাদ আৰু আদৰ্শবাদৰ পৰিচয় পোৱা যায় সেইটো অসমীয়া মহিলা কবিৰ কবিতাত দুৰ্লভ বুলি কলেও বঢ়াই কোৱা নহয়। দুৰ্বো- ধ্য বা চিত্ৰকল্প-বহুলতাক আধুনিক কবিতাৰ দুৰ্লক্ষণ বুলি বিবেচনা