পৃষ্ঠা:মাটিৰ চাকিৰ শিখা.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
 


বহাগ

এয়া বহাগ আহিল
জীৰ্ণ পৃথিবীত যৌৱন নামিল
দুখীয়াৰ উৰুখা পজাত
যৌৱন যিদৰে নামে অনাহূত
গুচি যায় শুদা মুখে।
আঁহতৰ ৰেশমী সেউজ
ধুমুহাত থানবান;
কৰবী গুলঞ্চই মিছাকৈয়ে
বাটে-ঘাটে দলিচা পাৰিলে;
কৃষ্ণচূড়া সোণাৰুৰ ৰূপ-সজ্জা কাৰ বাবে?
আজি যৌৱন বিক্ষুব্ধ
কবি শিল্পী জীৱন জৰ্জৰ
প্ৰাণ যমুনাত বালিচৰ।
জিৰ্‌ জিৰ্‌ আঁহতৰ বা-ত
হায়, তাহানিৰ স্বতঃস্ফূৰ্ত বহাগী উচ্ছাস!
সংস্কৃতিৰ মুখা পিন্ধি জৰাজীৰ্ণ পুতলাই
হাটে-বাটে প্ৰহসন তৰে;
আমাৰ কৃত্ৰিম হাঁহিত
আত্মবঞ্চনাৰ অপচেষ্টা,
ঘনীভূত নৈৰাশ্যৰ তৰলীকৰণ।
হে বহাগ, তই আহিয়ে থাকিবি,
আমাৰ দুৰ্ল্লভ বহাগ মাথো এবেলাৰ নাট।
কাল-যযাতিৰ জৰা বৈ
দুৰ্বিসহ আমাৰ যৌৱন;
তোৰ সনাতন সৌন্দৰ্য্যৰ অমৃত পৰশ
জীৱনৰ ঠেৰু ভঙা পিয়লাত
উচ্ছল আনন্দৰ এপিয়লা নিৰ্ভেজাল ৰাগী
আমাক বিস্মৃতি লাগে
নোপোৱাৰ যত ক্ষোভ
যত ক্লান্তি মচি দিয়া পৰম বিস্মৃতি।