পৃষ্ঠা:মাটিৰ চাকিৰ শিখা.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১৫

তোমাৰ গৰৱে গৰৱিনী।
মই তোমাতেই পূৰ্ণ, তুমি মোত;
দুয়ো মিলি মহাজীৱনৰ সংগীত ৰচিছোঁ।
মোৰ কোনো খেদ নাই।
শিল্পীৰ সমাধিত
সেউজীয়া দুৱৰিয়ে বৰ্ণালি ৰচিব,
কেঁকোৰাজনীৰ দৰে বুকুৰ খোলাত মোৰ
শত নতুনৰ উন্মেষ ঘটিব।
মাথো ধূসৰ কল্পনা সাজে
মোক আৰু নসজাবা
মই পৰিপূৰ্ণ নাৰী-সত্বা, বাংময়ী কবিতা।

১৯৭৫ চন।



মোৰ আই

আজি বহু বছৰ হ’ল
মোৰ আই, নৰীয়া পাটিতে,
শীৰ্ণ দেহ, জীৰ্ণ বেশ, নিষ্প্ৰভ নয়ন
স্তিমিত কণ্ঠৰ ভাষা
কালৰ কৰ্কট চেপা
নিৰ্বাক বেদনা অশ্ৰু দীপ্তিহীন দুগালে বাগৰে।
মোৰ আই এনেতো নাছিল,
আঘোণৰ ধাননিত দেহৰ বৰণ
ওঠৰ অম্লান হাঁহি
আঁচলত অনন্ত সেউজ,