পৃষ্ঠা:মাটিৰ চাকিৰ শিখা.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

২৬


ওপজা সোণৰ মাটি দূৰণিত এৰি আহি
বুজি পালো--সেই মাটি সেই মাত কিমান আপোন।”
মোৰ বুকুৰ ভিতৰখন গলি-পমি যাব যেন
হেঁপাহেৰে সিহঁতলৈ চালো-
এক তেজাল ডেকা
একে আশা-ক্ষোভ, একে বুকুৰ মৰম;
মাথো কোনোবাটো চকু সৰু, উঠঙা কপাল
কোনোবাটো গঢ়িত মুখৰ।
মোৰ অনুভৱ হ'ল-
কাণ সমনীয়া সেইজাক একেজনী আইৰে সন্তান
মই যেন সিহঁতৰ নিলগত বিয়া দিয়া এজনী বায়েক।

১৯৭৭ চন।



এইবাটে ঈশ্বৰ আহিছিল

পুৱতিৰ পোহৰত দেখা পালো
এইবাটে ঈশ্বৰ আহিছিল;
পূৱ তোৰণত পোহৰৰ মায়াময় খেলা,
নিশান্তৰ নিফুঁট কণ্ঠত
পখীটিৰ প্ৰথম কাকলি;
সদ্যোস্বিতা পৃথিবীৰ স্বপ্নালু চকুত
সম্ভাষণ শুভাগমনৰ।
মুখত নিয়ৰসনা গোলাপৰ হাঁহি
কান্ধত ৰ’দালিৰ উমাল কোমল উত্তৰীয়ৰ ভাঁজ
বতাহত ফুলৰ আঁতৰ ঢালি
এইবাটেৰেই তেওঁ গ'ল;