পৃষ্ঠা:মাটিৰ চাকিৰ শিখা.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
 


মাতৃৰ স্বপ্ন

মোৰ কোলা আৰু ল’ৰালি ধেমালি এৰি
পোণাকণ, তই এদিন মানুহ হবি,
মোৰ স্বপ্ন—তই ডাক্তৰ হ'বি।
সনাতন মূল্যবোধ—ওজন হেৰাল তাৰ
অপ্ৰতিৰোধ লালসাৰে ব্যাধিগ্ৰস্ত আমাৰ পৃথিবী।
নিস্তেজ নাকৰ পাহিত
শতিকাৰ সভ্যতাৰ অক্সিজেন টানি টানি
আৰু বাচিম কিমান দিন?
তহঁতৰ জ্ঞান-চিন্তা-কৰ্ম যেন মৃত-সঞ্জীৱনী হয়
ক্ষয়িষ্ণু দেহৰ দীপ্তি পুনু উভটিব।
দুৰ্ল্লভ মানৱ জন্ম—মাথো এবাৰৰ বাবে
তাৰ সঁচা দাম বুজিব লাগিব;
তোৰ ষ্টেথস্কোপত যেন ধৰা পৰে
অসহায় মাতৃৰ বুকুৰ ব্যথা,
অক্ষম পিতৃৰ জ্বালা
মূক জনতাৰ অস্ফুট কান্দোন;
ভূৱা মূল্যৰ বজাৰত আত্মাক বিক্ৰয় কৰি
বাসনাৰ আকাশ-লংঘী হৰ্ম্য তই নেলাগে ৰচিব।
মাটিৰ মানুহ আমি
ঘাম আৰু চকুলোৰে সেমেকা মাটিতে ফুলে
বাৰে ৰহনীয়া জীৱনৰ সুগন্ধি কুসুম।
ডেৱা-পোৰা প্ৰাণৰ জুৰণি
মূল্যহীন অমূল্য হাঁহিটি
তাৰ মাথো পোণাকণ, নহবি দুখীয়া
বুকুত উদাৰ প্ৰেম, দুচকুত অমৃত আশ্বাস,
তই হতাশাৰ দুৱাৰত মূৰ্তিমান আশা হবি।
জীৱনৰ ৰ'দে পোৰা খৰাং পথাৰ
উদ্দালক প্ৰতিভাৰে সৰস সুন্দৰ হব,
শুভ্ৰ সাজ নিষ্কলুষ সেৱাৰে প্ৰতীক।
১৯৭৮ চন।