পৃষ্ঠা:মাটিৰ চাকিৰ শিখা.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
 


অ' মোৰ সুৰীয়া মাত

ভ্ৰমিলো বহুত দেশ
সীমাহীন সাগৰ সিপাৰে,
শিকিলো বহুত ভাষা
বাক-বিনিময় হল অলেখ জনেৰে।
দিয়া-নিয়া স্তুতি-প্ৰশস্তিৰে
উচ্ছসিত কত পুৱা
হাস্যৰৱ মুখৰিত কিমান উজ্জ্বল সন্ধ্যা
নৈঃশব্দৰ এন্ধাৰ পাৰত
ৰোহ পাতি শুই থাকে নি:সংগ হৃদয়।

স্বপ্নত শুনিলো এটি মাত
দূৰণিত এৰি অহা চিনাকি সুৱদি মাত
য’ত ভাষা পালে
মোৰ শৈশৱৰ আধাফুটা মিঠা কাকলিয়ে,
যাৰে স্বৰলিপি ৰচিছিল
আবেগ ৰঙীন মোৰ সোণালী যৌৱনে,
মোৰ ওপজা মাটিৰ ভাষা,
মোৰ বাংময়ী যত আশা,
সেই মাত শুনিলো স্বপ্নত।
ৰোমাঞ্চিত তনু-মন
নীৰৱ বীণৰ তাঁৰ
সুৰৰ জোকাৰ লাগি হঠাতে কঁপিল,
তড়িৎ আঘাতে যেন খুলি দিলে হৃদয়-দুৱাৰ,
দিঠকৰ ৰূপালী বালিৰ বান্ধে
অজস্ৰ কান্দোন যত অতদিনে আগচি আছিল।

১৯৭৫ চন