পৃষ্ঠা:মাটিৰ চাকিৰ শিখা.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

স্বাগতম্‌ নৱজাতক

সোণ, অতপৰে আহি পালি!
ভাল হ’ল পলমে অহিলি,
চিতা-জুই কিনো চাবি, মেজিৰ জুইকে চা
ঠেতুৱৈ ধৰা মৃতপ্ৰায় পৃথিবীত
জাগৃতিৰ নতুন উত্তাপ।
তোৰ হাঁহো হাঁহো ৰঙা মুখখনি!
মাতৃৰ সেন্দুৰকণ গালে-মুখে সানি
তই দেখো পুৱাৰ অৰুণ!
এৰা, বেলি তো নমৰে, মাথো মাৰ যায়
পূব আকাশৰ বুকুত
নতুন তেজেৰে দীপ্ত
অন্য এক সূৰ্য্যৰ ধ্ৰুৱ প্ৰত্যয়েৰে।
মাতৃ-গৰ্ভৰ এন্ধাৰতে তই বন্দুকৰ গৰ্জন শুনিলি
মহীৰূহ খহি পৰা শব্দ, বাঁহ ভঙা পখীৰ কান্দোন,
কাঁহ নৌ বাজোতেই চমক ভাগিল তোৰ
ৰক্ত-বীজৰ বংশধৰ তই
সংগ্ৰাম তোৰ জীৱন-নিশ্বাস।
কুঁৱৰীটোলৰ ধুলি মাটি আজি ৰঙা চন্দন হ’ল;
এই ধূলিতেই জীৱনেৰে যুঁজি যুঁজি
এটি শিশু পিতৃ হ’ল, মৰণ-বিজয়ী হ’ল;
এই ধুলি গাত সানি অসমীৰ চেনেহী কোলাত
মুক্ত বতাহত তই ডাঙৰ দীঘল হবি ,
এই ভাষাৰেই তয়ো কথা কবি, গান-গাবি, বচন মাতিবি ,
তই অভিমন্যু নতুন যুগৰ
জীৱনৰ চক্ৰবেহু প্ৰবেশৰ পথ মাথো শিকি অহা নাই
সপ্তৰথী হেলাৰঙে বধি বীৰোচিত নিষ্ক্ৰমনৰো।

ডিচেম্বৰ, ১৯৭২ চন [শ্বহীদ নৰেণ মহন্তৰ মৰণোত্তৰ পুত্ৰসন্তানটিৰ জন্মত]