পৃষ্ঠা:মাটিৰ চাকিৰ শিখা.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

২৩


যন্ত্ৰণাতীত
ৰাতিৰ নিথৰ যন্ত্ৰণাত
এটি সূৰ্য্যৰ জন্ম হ'ল- ৰক্তাক্ত সূৰ্য্যৰ ,
দুপৰৰ পোহৰত
পৃথিবী দেখা পালো গলিত ৰূপত—
অহ, কি যে দুঃসহ যন্ত্ৰণা!
আবেলিৰ বতাহতো শুনো
বিলীয়মান দিনৰ দীৰ্ঘনিশ্বাস।
জীৱন যদি যন্ত্ৰণাৰে অনা ৰূপ হয়
সেই দুখৰ অমৃতে
মোৰ পান-পাত্ৰ পূৰ্ণ হ’ক- কোনো খেদ নাই।
যন্ত্ৰণাৰ ৰঙেৰে গাঢ় কৰো
জীৱনৰ ছায়া পট
যন্ত্ৰণাতে হব মোৰ আত্মাৰ বোধন।

১৯৭৭ চন।



এইবেলি বহাগত
বহাগৰ ডেউকাত কিহৰ খবৰ?
শিলাবৃষ্টি ধুমুহাৰ হয় যদি হক
ঘূঁণে ধৰা গছবোৰ ঠাল-ঠেঙুলিৰে
ভাঙে যদি ভাঙি যক,
দুবৰিৰে সূৰুযৰে হব দেখাদেখি।
বহাগৰ ডেউকাত নতুন খবৰ-
ভেটা-ভঙা চেতনাৰ সোঁত
ন-পানী ৰঙা ৰ’দ মুক্ত বায়ু পাই
কিজানিবা মাটিৰ বুকুত
ৰক্ত-বীজে গজালি মেলেই,
সমাজৰ নিকা পদূলিত
জানো কাহানিবা কেতেকী মলেমলায়!

এপ্ৰিল, ১৯৭৭ চন।