পৃষ্ঠা:মাটিৰ চাকিৰ শিখা.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 


দেৱতাৰ প্ৰাৰ্থনা

শৰণীয়া শিখৰত
অৱৰুদ্ধ দেৱতাই মিনতি জনালে,
“মোক মুক্তি দিয়া,
ঠেলি দিয়া জন-জীৱনৰ অন্ধ গলিলৈ
অনাহাৰ-অনাচাৰ-ৰোগযন্ত্ৰণাৰ
হাঁহাকাৰে কোলাহলময়।”
সমাগত স্থূলবপু ভক্তবৃন্দে ক'লে,
“চিক্‌মিক্‌, মাৰ্বলত প্ৰশস্তিৰ বেদমন্ত্ৰে
অহৰহ পূজিম তোমাক;
মন্দিৰৰ প্ৰতিটো ইটাই সোঁৱৰাব শিল্পীৰ নৈপুণ্য,
ৰত্নগৰ্ভা জননীৰ বিপুল ঐশ্বৰ্য্য;
নিয়নৰ তীব্ৰ আলোকেৰে
পোহৰাম দিক ভ্ৰষ্ট পথিকৰ বাবে
দুৰ্গম তোমাৰ পথ;
আঁচনিৰ আকাশী গংগাত
শত সেৱকৰ নিতে হব স্নান-আচমন
কিন্তু ত্যাগ আৰু সেৱা-বাণী ভেলেকী বাজিৰে
ক্ষীণ বুদ্ধি জনতাৰ মন মুহিবলে,
ক্ষমা কৰা, মুক্তি অসম্ভৱ।”

১৯৬৬ চন।