মহাসতী জয়মতী
প্ৰকাশিকাৰ মিনতি—
জয়মতী উপন্যাস খনি মই গ্ৰন্থকাৰৰপৰা খুজি আনি বহু আশা কৰি প্ৰকাশ কৰিলোঁ। এই কিতাপ বেচি যি আয় হয়, সমুদায় টকা “জয়মতী সোৱঁৰণী পুঁজিত” জমা হব। সেই টকাৰ দ্বাৰা ভবিষ্যতে জয়মতী তিথি উৎসৱ সমাৰোহেৰে পালন কৰিবলৈ আমি যত্নপৰ হম। গতিকে, আশা কৰিলোঁ, অসমৰ সদৌ মহিলা সমাজে কিতাপ খনি কিনি আমাৰ শুভ অনুষ্ঠানত সহায়তা কৰিব। ঘাইকৈ “জয়সাগৰৰ অধিষ্ঠাত্ৰী দেৱী” “জেৰেঙাৰ কুৱঁৰী” মহাসতী জয়মতীৰ জনম-ভূমি শিৱসাগৰ জিলাৰ আই সকলৰ হাতে হাতে একোখনি জয়মতী উপন্যাস যেন অনতিপলমে দেখিবলৈ পাওঁ, এয়ে আমাৰ একান্ত মিনতি। ইতি—
শিৱসাগৰ, |
শ্ৰীজীউতৰা ভঁৰালী। |
—পাতনি —
সাধাৰণতে দেখা যায় সকলো বিধৰ পুথিতকৈ উপন্যাস পঢ়ি মানুহে অধিক তৃপ্তি পায়। সেই দেখি এই পুথিখনি উপন্যাসৰ আকাৰত লিখা হল। ই ঐতিহাসিক উপন্যাস। ইয়াৰ ভেটি বুৰঞ্জী-মূলক, বুৰঞ্জীৰ ওপৰতে “জয়মতী অট্টালিকা” নিৰ্ম্মিত হৈছে। জঁকাটো আটুট বুৰঞ্জীৰ সত্যতাৰ ওপৰত প্ৰতিষ্ঠিত—তেজ, মাংস, মেদ আদি পদাৰ্থবিলাক উপন্যাসৰ উপযোগী কৰি কল্পিত হৈছে। আশ৷ কৰোঁ, এই ক্ষুদ্ৰ উপন্যাসৰপৰা জয়মতী-কাহিনীৰ বহুল প্ৰচাৰ হ’ব। যদি কোনো মহাপুৰুষে এই কাহিনী ইংৰাজীত লিখি দূৰ-দূৰণিত ধ্বনিত কৰে, তেনেহলে পৃথিবীৰ মহিলা মণ্ডলী তল-ওপৰ হব! — অসমৰ নাম দিগ-দিগন্তলৈ ৰাষ্ট্ৰ হ’ব—“জয়মতী ধৰ্ম্ম” নামেৰে নতুন ধৰ্ম্মৰ অৱতাৰণা হ’ব! মনত বহু আশা পোষণ কৰি কিতাপ খনি লিখিছোঁ কিন্তু আমাৰ দুৰ্ভগীয়া দেশত তেনে আশা জানোবা “অলীক সপোন”!
ইংৰাজী ১৯২৮ চনত শিৱসাগৰ জিলাৰ জয়সাগৰ পুখুৰীৰ পাৰত জয়মতী উৎসৱ উপলক্ষে মহাসতী জয়মতী নামেৰে আমি এখনি পুস্তিকা প্ৰকাশ কৰি সভাত পাঠ কৰিছিলো। জয়মতীৰ গীত কেইটি তাতে প্ৰথম প্ৰকাশিত হৈছিল।[ পাতনি ] সুধী সমাজে এই পুথিখনি সাদৰে গ্ৰহণ কৰিলে মোৰ শ্ৰম সাৰ্থক মানিম। এই পুথিখনি লিখা বহুত দিনেই হল। প্ৰকাশৰ অসুচলৰ বাবে ইমান দিন ধোৱাঁচাঙত পৰি আছিল। বৰ্ত্তমান মোৰ অতি মৰমৰ কন্যা শ্ৰীমতী জীউতৰা ভঁৰালী আইদেৱে নিজ খৰচেৰে ছাপা কৰাবলৈ উপযাচি গাত লোৱাত সঁচাকৈ মোৰ হিয়া আনন্দাপ্লুত হৈছে। আৰু তেওঁলৈ মোৰ আন্তৰিক শুভাশীষ জ্ঞাপন কৰিলোঁ। ইতি—
৭ এপ্ৰিল ১৯৪৭ চন |
—পাতনি—
সাধাৰণতে দেখা যায় সকলো বিধৰ পুথিতকৈ উপন্যাস পঢ়ি মানুহে অধিক তৃপ্তি পায়। সেই দেখি এই পুথিখনি উপন্যাসৰ আকাৰত লিখা হল। ই ঐতিহাসিক উপন্যাস। ইয়াৰ ভেটি বুৰঞ্জী-মূলক, বুৰঞ্জীৰ ওপৰতে “জয়মতী অট্টালিকা” নিৰ্ম্মিত হৈছে। জঁকাটো আটুট বুৰঞ্জীৰ সত্যতাৰ ওপৰত প্ৰতিষ্ঠিত—তেজ, মাংস, মেদ আদি পদাৰ্থবিলাক উপন্যাসৰ উপযোগী কৰি কল্পিত হৈছে। আশা কৰোঁ, এই ক্ষুদ্ৰ উপন্যাসৰপৰা জয়মতী-কাহিনীৰ বহুল প্ৰচাৰ হ’ব। যদি কোনো মহাপুৰুষে এই কাহিনী ইংৰাজীত লিখি দূৰ-দূৰণিত ধ্বনিত কৰে, তেনেহলে পৃথিবীৰ মহিলা মণ্ডলী তল-ওপৰ হব!—অসমৰ নাম দিগ-দিগন্তলৈ ৰাষ্ট্ৰ হ’ব–“জয়মতী ধৰ্ম্ম” নামেৰে নতুন ধৰ্ম্মৰ অৱতাৰণা হ’ব! মনত বহু আশা পোষণ কৰি কিতাপ খনি লিখিছোঁ কিন্তু আমাৰ দুৰ্ভগীয়া দেশত তেনে আশা জানোবা “অলীক সপোন”!
ইংৰাজী ১৯২৮ চনত শিৱসাগৰ জিলাৰ জয়সাগৰ পুখুৰীৰ পাৰত জয়মতী উৎসৱ উপলক্ষে মহাসতী জয়মতী নামেৰে আমি এখনি পুস্তিকা প্ৰকাশ কৰি সভাত পাঠ কৰিছিলো। জয়মতীৰ গীত কেইটি তাতে প্ৰথম প্ৰকাশিত হৈছিল।[ পাতনি ] সুধী সমাজে এই পুথিখনি সাদৰে গ্ৰহণ কৰিলে মোৰ শ্ৰম সাৰ্থক মানিম। এই পুথিখনি লিখা বহুত দিনেই হল। প্ৰকাশৰ অনুচলৰ বাবে ইমান দিন ধোৱাঁচাঙত পৰি আছিল। বৰ্ত্তমান মোৰ অতি মৰমৰ কন্যা শ্ৰীমতী জীউতৰা ভঁৰালী আইদেৱে নিজ খৰচেৰে ছাপা কৰাবলৈ উপযাচি গাত লোৱাত সঁচাকৈ মোৰ হিয়া আনন্দাপ্লুত হৈছে। আৰু তেওঁলৈ মোৰ আন্তৰিক শুভাশীষ জ্ঞাপন কৰিলোঁ। ইতি—
ডিব্ৰুগড়। |
শ্ৰীবেণুধৰ ৰাজখোৱা। |
মহাসতী জয়মতী
প্ৰথম আধ্যা
জয়মতীৰ বাল্যাৱস্থা
এতিয়া জয়মতীয়ে ১০ বছৰ বয়সত ভৰি দিলে। জয়মতী মাদুৰিয়াল লাইথেপেনা বৰগোহাঁইৰ জীয়েক। তেওঁৰ মাতৃদেবী কুৱৈঁগঞা লেচাই বুঢ়াগোহাঁইৰ জীয়েক চন্দ্ৰাদাৰু। জয়মতী দিনেক দিনে শুক্লপক্ষৰ চন্দ্ৰকলাৰ দৰে বাঢ়িবলৈ ধৰিলে। আজিকালি যাক সুন্দৰী বোলে, জয়মতী তেনে সুন্দৰী নাছিল। তেওঁ কথাছবিৰ নায়িকা মনোনীত নহব পাৰে। তেওঁ “ছাঁতে শুকোৱা, মুঠিতে লুকোৱা” নাছিল। তেওঁ খোজত উজটি খাই পৰিব নেখোজে। তেওঁ চেচুকৰ ডেমডেউকাৰ দৰে মৃদু বতাহতে হলি নপৰে৷ তেওঁ ফুলনীত ফুৰোঁতে, মানুহে তেওঁক পখিলা বুলি ভ্ৰম নকৰিব পাৰে। কিন্তু জয়মতীৰ যি সৌন্দৰ্য্য, সেই সৌন্দৰ্য্য নিশ্চয় অপাৰ্থিৱ। সেই বয়সতে তেওঁক দেখিলে সহজেই সৰ্ব্বসাধাৰণে অনুমান কৰিব পাৰিছিল যে তেওঁ ভবিষ্যৎ জীৱনত এগৰাকী মহীয়সী তিৰোতা হ’ব। তেওঁৰ শৰীৰ নিপোটল, হাত-ভৰি থুলন্তৰ আছিল। তেওঁ যেতিয়াই [ ২ ] তেতিয়াই ফেচ্-ফেচ্-কৰে হাঁহি নেথাকে। সেই বুলি তেওঁ যে নিৰস কঠুৱা আছিল, তেনে নহয়। ক’ত হাঁহিব লাগে, ক’ত নালাগে, সেই কথা তেওঁৰ জনা আছিল। খোজ-কাটল গহীন— ৰাজহংসৰ দৰে মন্থৰ গতিৰে খোজ কাঢ়িছিল। তেওঁ চুটি-চাপৰ নাছিল, অথচ লেঙাও নাছিল। বায়েক ভনীয়েকহঁতৰ লগত ফুৰি ফুৰোঁতে তেওঁ জাকত-জিলিকা আছিল। ধৰ্ম্মত তেওঁৰ ঐকান্তিক নিষ্ঠা আছিল। তেওঁ যিটো কাম কৰিব খোজে, সেই কামৰপৰা তেওঁক সহজে পিছলাব পৰা নগৈছিল। তেওঁৰ দৃঢ় প্ৰতিজ্ঞা দেখি মানুহ স্তম্ভিত হৈছিল। তেওঁ বিলাসিনী নাছিল—সাজ-পাৰ সাধাৰণভাৱে পিন্ধিছিল। এই দৰেই পিতৃ-গৃহত লালিত-পালিত হৈ ক্ৰমে গৈ জয়মতীয়ে ১৫ বছৰত ভৰি দিলে। তেতিয়া তেওঁৰ ৰূপত যি জেউতি দেখা গৈছিল, সি অতুলনীয়। সেই জেউতি বীৰ ব্যঞ্জক। তেওঁৰ মনটো প্ৰায়ে উদ্বেলিত হৈ থাকে। তেওঁৰ মনৰ কথা কাকো ভাঙি নকয়। তেওঁৰ এগৰাকী সখীয়েক আছিল, তেওঁৰ নাম ভানুমতী। তেওঁ সদায় জয়মতীৰ লগত ছাঁটোৰ দৰে ফুৰি ফুৰে। জয়মতীয়ে তেওঁক বৰ মৰম কৰে। আৰু তেওঁ জয়মতীক নিজৰ প্ৰাণত্কৈও অধিক ভাল পাইছিল। জয়মতীয়ে কিবা গোপনীয় কথা থাকিলে ভানুমতীক হে কৈছিল আৰু ভানুমতীৰ উপদেশ জয়মতীয়ে নেপেলাইছিল। ভানুমতী জনা-বুজা ছোৱালী আৰু তেওঁৰ সংসাৰৰ অভিজ্ঞতা [ ৩ ] যথেষ্ট আছিল। ভানুমতী জয়মতীৰ সম-বয়সীয়া। জয়মতীয়ে কেতিয়াবা ভানুমতীৰ লগ এৰি অকলে অকলে গছৰ তলত বহি কিবা ভাবি থাকে। ভানুমতীয়ে তেওঁৰ মনৰ কথাৰ গম লবলৈ বহুত চেষ্টা কৰিও কৃতকাৰ্য্য হব পৰা নাই। এইদৰে কাল অতিবাহিত হবলৈ ধৰিলে। জয়মতীৰ বয়স এতিয়া ১৯ বছৰ। জয়মতী এতিয়া পূৰ্ণ-যৌৱনা। এনে বয়সত ছোৱালী স্বভাৱতে ৰাংঢালী হয়, কিন্তু জয়মতীক বিপৰীত ভাৱাপন্ন দেখি এদিন ভানুমতীয়ে ভিতৰুৱাকৈ তেওঁৰে সৈতে আলাপ পাতিলে।
ভানুমতী—আজি মই তোমাক এটা কথা সুধিবলৈ আগ বাঢ়িলোঁ৷ কিবা দোষ হলে ক্ষমা কৰিবা।
জয়মতী—তোমাক মই ভাল পাওঁ, জানাই! যি কথা কব খুজিছা, অবাধে কবলৈ অনুমতি দিছোঁ।
ভানুমতী—তোমাৰ মনটো সদায় এক-লেখীয়া দেখিছোঁ। আন ছোৱালীবিলাকৰ দৰে তুমি হাঁহি-মাতি নুফুৰাঁ৷ তোমাৰ নো অসন্তোষৰ কাৰণ কি থাকিব পাৰে?
জয়মতী—মোৰ নিজৰ নিমিত্তে একো চিন্তা নাই। কিন্তু মই দেশৰ কথা ভাবি ভাবি ব্যাকুল হৈছোঁ। দেখা নাইনে, ডাঙৰীয়া আৰু বিষয়াবিলাকৰ ভিতৰত ইটে-সিটে দন্দ-খৰিয়াল, হিংসা-হিংসি। তাৰ ফলত ৰাজ্যত ভীষণ বিশৃঙ্খলা ঘটিছে। ৰজা প্ৰজাঁ কাৰো মনত শান্তি নাই। সকলো ফৈদৰ [ ৪ ] কোঁৱৰবিলাকৰ চকুত টোপনি নাই—কাৰ পাল কেতিয়া আহে, তালৈকে বাট চাই ছট্ ফটাব লাগিছে। ৰজা হোৱাটোৱেই ভয়ৰ কাৰণ হৈছে। কোঁৱৰবিলাক সেই ভয়তে পেপুৱা লাগিছে। আজি যি জন কোঁৱৰক ৰজা পাতিব, কাইলৈ তেওঁৰ দশা কি হয়, কোনে জানে! এইবিলাক কাৰণতে মোৰ মন সদায় দোলায়িত। যেতিয়ালৈকে এই দেশত শান্তি নহয়, তেতিয়ালৈকে মোৰ মনত শান্তি নহয়, নহয়, নিশ্চয় জানিবা।
ভানুমতী—সখী, তোমাৰ কিহৰ ভয়। তোমাৰ দেউতাৰাঁ বৰগোহাঁই—তেওঁৰ অখণ্ড প্ৰতাপ। তেওঁ হাত-দীঘল পুৰুষ! তেওঁৰ ভয়ত বনৰ বাঘো কঁপি থাকে!
জয়মতী—সেয়ে তো ভয়ৰ কাৰণ। অখণ্ড প্ৰতাপ খণ্ড খণ্ড হবলৈ কেই দিন লাগিছে? দেবেৰা বৰবৰুৱাৰ অখণ্ড প্ৰতাপ নাছিল নে? তেওঁ চুন্যত্ ফা, চুহুং আৰু গোবৰ সৰ্গদেওক চক্ৰান্ত কৰি মাৰিলে। চুক্লন্ফা-সৰ্গদেও নৰিয়া পৰি মৰিল। নহলে দেবেৰা বৰবৰুৱাই তেওঁকো বিহ, খুৱাই নেমাৰিলেহেতেঁন বুলি কোনে কব পাৰে? পাচত সেই দেবেৰা বৰবৰুৱাকো আন আন ডাঙৰীয়া আৰু বিষয়াসকলে বধ নকৰিলে জানো! এতেকে দেউতাৰ অখণ্ড প্ৰতাপৰ কথা সুৱঁৰি মোৰ মনত বিভীষিকা উপস্থিত হৈছে৷ সেইটো সেই–তাৰ উপৰি প্ৰজাৰ বিলৈ দখি পানীতো হাহঁ নচৰা হৈছে। মই কেনেকৈ থিৰে থাকো? সখী, এটা উপায় দিয়াচোন, মোৰ মনটো কেনেকৈ থিৰ হয়।[ ৫ ] ভানুমতী—সখী, তুমি কোৱা কথাবিলাক সকলো সচাঁ। মই নেজানিম কেলৈ। কিন্তু তুমি সেইবিলাক কথা ভাবি কেনেকৈ পাৰ পাবা? তুমি এতিয়া ভৰ-গাভৰু—এঠাইত বিয়াখন পাতি গৃহ-বাস কৰিলেই তোমাৰ মন সুস্থিৰ হ’ব।
জয়মতী—দেশৰ এনে দুৰ্দ্দিনত নো বিয়াৰ কথা ভাবিব লাগে নে? এইবিলাক তুমি কি বেবেৰিবাং কথা কৈছা?
ভানুমতী—সখী, তুমি যদি দেশৰ নিমিত্তে কিবা কৰিব পাৰাঁ, তেতিয়া হে কৰিব পাৰিবা। তোমাৰ স্বামী নিশ্চয় এজন সৰ্ব্বগুণী ৰাজকোৱঁৰ হ’ব। তোমাৰ নিচিনা সৰ্ব্বালঙ্কৃতা সহধৰ্ম্মিণী পোৱা কেইজনৰ ভাগ্যত ঘটে। আৰু সেই পুৰুষে তোমাৰ বলেৰে বলীয়ান্ হৈ নিশ্চয় দেশৰ এটা ৰেহা লগাব পাৰিব। তুমি তেওঁক অনুপ্ৰাণিত কৰি দেশৰ বিস্তৰ উপকাৰ সাধিব পাৰিবা। সখী, মোৰ এতিয়া কাম আছে, মই যাওঁ। আকৌ পাচত আহি এই বিষয়ে বিস্তাৰিতৰূপে কথা-বতৰা পাতিম।
জয়মতীয়ে সখীয়েকক বিদায় দিলে। তেওঁ মনত ভালেই পালে, কিয়নো বিয়াৰ বিষয়ে কথাটো ভাবিবলৈ কিছু পৰ তেওঁ অকলশৰীয়াকৈ থাকিবলৈ ইচ্ছা কৰিছিল।
8
মহাসতী জয়মতী। বিলাকৰ চকুত টোপনি নাই—কাৰ পাল কেতিয়া আহে, তালৈকে বাট চাই দুট ফটাব লাগিছে। ৰজা হোৱাটোৱেই ভয়ৰ কাৰণ হৈছে। কোঁৱৰবিলাক সেই ভয়তে পেপুৱা লাগিছে। আজি যি জন কোঁৱৰক ৰজা পাতিব, কাইলৈ তেওঁৰ দশা কি হয়, কোনে জানে! এইবিলাক কাৰণতে মোৰ মন সদায় দোলায়িত। যেতিয়ালৈকে এই দেশত শান্তি নহয়, তেতিয়ালৈকে মোৰ মনত শাস্তি নহয়, নহয়, নিশ্চয় জানিবা। ভানুমতী—সখী, তোমাৰ কিহৰ ভয়। তোমাৰ দেউতাৰ। বৰগোহাঁই—তেওঁৰ অখণ্ড প্ৰতাপ। তেওঁ হাত-দীঘল পুৰুষ! তেওঁৰ ভয়ত বনৰ বাঘে৷ কঁপি থাকে! জয়মতী – সেয়ে তো ভয়ৰ কাৰণ। - অখণ্ড প্ৰতাপ খণ্ড খণ্ড হবলৈ কেই দিন লাগিছে? দেবো ===ৰুৱাৰ অখণ্ড প্ৰতাপ নাছিল নে? তেওঁ চুন্যত ফা, চুহুং আৰু এৰ সৰ্গদেওক চক্ৰান্ত কৰি মাৰিলে। চুক্লফা-সৰ্গদেও নৰিয়া পৰি মৰিল। নহলে দেবেৰা বৰবৰুৱাই তেওঁকো বিহু, খুৱাই নেমাৰিলেহেতেঁন বুলি কোনে কব পাৰে? পাচত সেই দেবেৰা বৰবৰুৱাকে৷ আন আন ডাঙৰীয়া আৰু বিষয়াসকলে বধ নকৰিলে জানো! এতেকে দেউতাৰ অখণ্ড প্ৰতাপৰ কথা সুৱঁৰি মোৰ মনত বিভীষিকা উেপস্থিত হৈছে। সেইটো সেই—তাৰ উপৰি প্ৰজাৰ বিলৈ দখি পানীতো হাহ নচৰা হৈছে। মই কেনেকৈ থিৰে থাকো?
সখা, এটা উপায় দিয়াচোন, মোৰ মনটো কেনেকৈ থিৰ হয়।[ ৬ ]দ্বিতীয় আধ্যা।
গদাপাণিৰ বিয়াৰ আলোচনা
তুংখুঙীয়া ফৈদৰ গোবৰ ৰজাৰ পুতেক লাঙি গদাপাণি। তেওঁৰ বয়স এতিয়া ২৫ বছৰ। তেওঁ শকত-ডাঙৰ বাহুবলী আছিল। তেওঁৰ গাত খতি-খুন নাছিল। তেওঁ হৃষ্ট-পুষ্ট আৰু বলৱন্ত আছিল। আন আন কোঁৱৰবিলাকৰ মাজত থিয় দিলে, লাপিলুপা আওকাঠৰ মাজত এডাল শাল গছ জিলিকিছে, তেওঁক এনে হেন দেখা গৈছিল। তেওঁকেই সকলোৱে দলপতি বুলি মানি লৈছিল। এদিন তেওঁৰ চকুৱে যেন ফিৰিঙতি হে ওলাইছিল। লগৰীয়াবিলাকে উচাপ খালে। এজনে আগ বাঢ়ি তেওঁক সুধিলে—“আজি তোমাৰ বৰ খং উঠিছে যেন দেখিছোঁ। কি হৈছে?” গদাপাণিয়ে কলে —“মোৰ দেউতাৰ কেনেকৈ মৃত্যু হ’ল, তোমালোকে জানা। মোৰ চকুত যি কুৰা জুই দেখিছা, সেই জুই প্ৰতিহিংসাৰ জুই! মই যেতিয়াকৈলে প্ৰতিহিংসা লব নোৱাৰোঁ আৰু দেশৰ শৃঙ্খলা ঘটাব নোৱাৰোঁ, তেতিয়ালৈকে এই কুৰা জুই মোৰ চকুৰ আগত দেখিবা।” লগৰীয়া কোৱঁৰে কলে “তুমি অকলৈ কেনেকৈ প্ৰতিহিংসা লবা”? গদাপাণিয়ে কলে “লগ নো ক’ত পাওঁ তাকে ভাবি উলিয়াব পৰা নাই। তেতিয়া দুয়োৰো ভিতৰত এইদৰে আলাপন [ ৭ ] চলিলঃ—লগৰীয়াঃ⸺তোমাৰ নিচিনা বলী আৰু সাহসী কোৱঁৰ এজনৰ লগ লোৱাঁ। তেতিয়া দুয়ো মন্ত্ৰণা কৰি কামত আগুৱাবা। আমি সকলো কোৱঁৰে তোমাক সহায় কৰিম।
গদাপাণি—ভাইটি, মোৰ নিচিনা কোৱঁৰ এজনো দেখা পোৱা নাই। সকলো কোৱঁৰেই ভয়ত পেপুৱা লাগি পৰি আছে। লগৰীয়াঃ⸺সেইটো হয়। ককাইদেও, এটা কাম কৰিলে ভাল। তুমি বিয়া কৰোৱাঁ।
তেতিয়া কোঁৱৰবিলাকে গিৰ্জনি মাৰি হাঁহি উঠিল। দ্বিতীয় লগৰীয়াই কলে—“এইটো হাঁহিৰ কথা নহয়। বন্ধুৱে যি প্ৰস্তাব কৰিছে, সি বাস্তবিক বিবেচনা কৰিব-লগীয়া। মোৰ মনেৰে কোনো পুৰুষে গদাপাণিৰ প্ৰকৃত সহায় হব নোৱাৰে। সেই কাম তিৰোতাৰ পৰা হে সংঘটিত হ’ব পাৰিব। তিৰোতাৰ অনুপ্ৰেৰণা ঐশ্বৰিক অনুপ্ৰেৰণা বুলিব লাগে। বিপদত তিৰোতাৰ বুদ্ধি নহলে উদ্ধাৰ পোৱা টান। চণ্ডিকা দেৱীয়ে কিমান অসুৰ মাৰি খাচ কৰিলে, পুথিত পঢ়িবলৈ পাইছা। ৰক্তবীজৰ নিচিনা মহাবীৰকো তেওঁ নিপাত কৰিলে। দশভূজা দুৰ্গা নহলে মহিষাসুৰৰ বধ নহলহেঁতেন। সম্পদত তিৰোতাৰ ধৈৰ্য্য হেৰায়—কিন্তু বিপদত তেওঁবিলাকৰ বুদ্ধিৰ স্ফুৰণ হয়। বিপদত পুৰুষক উদ্ধাৰ কৰিবৰ নিমিত্তেই তিৰোতাৰ সৃষ্টি।
এই কথা শুনি গোটেই সমাজ নিস্তদ্ধ হল। গদাপাণিয়েও কিছুপৰ টলকা মাৰি ভাবিবলৈ ধৰিলে। তেওঁ কলে— [ ৮ ] “তিৰোতাই বল নিদিলে অসাধাৰণ বল কোনো পুৰুষে পাব নোৱাৰে। এই কথা জানিবই লাগিব। কিন্তু তেনে তিৰোতা বাছি উলিওৱা বৰ টান।”
এইদৰে গলা-গপা কৰি গদাপাণিয়ে বিয়া কৰিবৰ নিমিত্তে মন বান্ধিলে। উপযুক্ত তিৰোতাৰ ৰূপো তেওঁৰ মনত প্ৰতিভাত হ’ল। তেওঁ মনতে ভাবিলে “মোৰ নিমিত্তে জয়মতীয়েই উপযুক্ত ঘৈণী হ’ব—নহলে মোৰ বিয়া নহব। এলেবাং ছোৱালী এজনী বিয়া কৰিলে মোৰ সহায় নহৈ গলগ্ৰহ হে হ’ব।” কিন্তু এই কথা গদাপাণিয়ে কাৰো আগত বেকত নকৰিলে। সমাজ ভাঙি সকলো কোঁৱৰ ঘৰাঘৰি গ’ল।
⸻
—তৃতীয় আধ্যা—
পুঙা দলৈ।
বিখ্যাত টঙা দলৈ দৈবজ্ঞৰ ঘৰ গোলাঘাট মহকুমাৰ বোকাখাট মৌজাত। তেওঁবিলাক জ্যোতিষ শাস্ত্ৰত প্ৰাজ্ঞ। টঙা দলৈ বুঢ়া মানুহ—ঘৰতে থাকি মানুহক দান দক্ষিণাৰ ব্যৱস্থা দিয়ে আৰু ভৱিষ্যৎ-বাণী কয়। আহোম ৰজা, ডাঙৰীয়া আৰু বিষয়া সকলোৱেই জ্যোতিষ বৰকৈ মানে। আন কি, ৰণ কৰিবলৈ হলেও খেণ-বাৰ চাই হে যাত্ৰা কৰে। ৰণ-থলীতো এজন দৈৱজ্ঞ থাকে। পুঙা দলৈ বাজত ফুৰি ফুৰি বিস্তৰ উপাৰ্জ্জন কৰিছিল। আজি তেওঁ বৰগোহাঁই ডাঙৰীয়াৰ [ ৯ ] ঘৰৰ ফালে মুখ কৰিলে। হাউলিৰ ভিতৰ সোমাল। বাহিৰৰ ফুলনীত জয়মতী আৰু ভানুমতীয়ে কথা পাতি আছিল। ভানুমতীয়ে পাচত আহিম বুলি কৈ ৰাতিপুৱাই ঘৰলৈ গৈছিল। সেই কথা মতে এতিয়া আহি জয়মতীক ফুলনীত দেখা পাই তালৈকে আহি দুয়ো লগ হ’ল। তেনে সময়তে দলৈক দেখি ভানুমতীয়ে মাতিলে। ভানুমতীয়ে ক’লে “দলৈ, মোৰ সখীৰ মনটো কিছু দিনৰপৰা বিৰস। আপুনি পুথি-পাঁজি চাই কি কৰিব লাগে, অনুগ্ৰহ কৰি কৈ দিয়কচোন”? দলৈয়ে পুথি-পাঁজি মেলি কিবাকিবি চালে। তাৰ পাচত গহীনাই ক’লে—“আইদেওৰ সোনকালে লিখা আছে। তেওঁৰ স্বামীৰ ৰজা হোৱা যোগ আছে। আইদেৱে সতী সাধ্বী হৈ পৃথিবীত যুগমীয়া কীৰ্ত্তি ৰাখিব। আইদেও সকল, এতিয়া মই ডাঙৰীয়াৰ ঘৰৰ ভিতৰলৈ যাওঁ। আজি এটি গ্ৰহ-যজ্ঞ কৰিব লাগে। সেই দেখি হে আহিছো”। এই কথা কৈ দলৈয়ে জয়মতীৰ ঘৰৰ ফালে খোজ ললে।
ভানুমতীয়ে ৰাতিপুৱা জয়মতীক এৰি যোৱাৰ পাচত জয়মতীয়ে নিজে নিজে বিয়াৰ বিষয়ে আলোচনা কৰি ভানুমতীৰ প্ৰস্তাৱত সাৰবত্তা আছে বুলি ধৰি ল’লে। ভানুমতীয়ে আগৰ দৰে সখীয়েকৰ মুখ গহীন নেদেখিলে। মনটোও উলাহৰ মাদলি দেখা নগল। ভানুমতীয়ে মনতে ভাবিলে “সখীয়ে বিয়া নকৰোৱাটোকে থিৰাং কৰিলে নেকি! কিন্তু তেওঁৰ মুখখন [ ১০ ] আগৰ দৰে গধুৰ দেখা নাই। মুখত যদিও হাঁহি প্ৰস্ফুটিত হোৱা নাই, তাথাপি যেন তাত আনন্দৰ বিৰিঙনি দেখা পোৱা গৈছে”। এইদৰে মনতে গলা-গপা কৰি জয়মতীক ক’লে “সখী, দলৈৰ ভৱিষ্যৎ বাণী শুনিলা। এতেকে শুভকাৰ্য্যত পলম কৰাৰ সকাম নাই। তোমাৰ মনৰ কথাটি এতিয়া ভাঙি কোৱাঁচোন”। জয়মতীয়ে কলে “তোমাৰ কথাকে সাৰোগত বুলি মানিলোঁ। দলৈৰ বাণী জানোচা সঁচা হয়েই”। ভানুমতীয়ে ক’লে “তুংখুঙীয়া ফৈদৰ এজন কোৱঁৰ আছে, তেওঁ সকলো প্ৰকাৰে তোমাৰ যোগ্য স্বামী হব। মই অহু-কাণে পহু-কাণে শুনিবলৈ পাইছোঁ, তেওঁ হেনো তোমাক হে বিয়া কৰিব খোজে। তুমি মত দিলে মই যো-যা কৰিব পাৰোঁ”। জয়মতীয়ে ক’লে “মই গদাপাণিক দেখিছোঁ। তেওঁ হৃষ্ট-পুষ্ট বলিষ্ঠ আৰু সকলো কোৱঁৰৰ দলপতি। দেউতা আৰু আইতাই তেওঁৰে সৈতে সম্বন্ধ পাতিবলৈ নিশ্চয় কুণ্ঠিত নহ’ব”। এই বেলি ভানুমতীয়ে হাঁহি পেলালে আৰু ক’লে “সখী আজি মোৰ ভানুমতী নাম সাৰ্থক হ’ল”। ভানুমতী যাদুৰে তোমাক সন্মোহিত কৰিলোঁ। এতিয়া মই কামত লাগি যাওঁ গৈ। কাম অনায়াসে সিদ্ধ হ’ব। সখী, তোমাৰ মনটো এতিয়া পাতল লাগিছে নে? “জয়মতীয়ে কলে” মনত উলাহো লাগিছে। কিন্তু বিয়াৰ নিমিত্তে নহয়। গদাপাণিক জীৱনৰ সঙ্গী পাই তেওঁৰ দ্বাৰা আহোম ৰাজত্ব সু-প্ৰতিষ্ঠিত কৰিব পাৰিম বুলি মোৰ মনত [ ১১ ] ধাৰণা হৈছে। গদাপাণিৰ নিজৰ দেউতাককে কেনে নিষ্ঠুৰভাৱে হত্যা কৰা হ’ল। গদাপাণিয়ে তাৰ প্ৰতিশোধ লবলৈ নিশ্চয় আগ বাঢ়িব। দেশৰ খেলি-মেলি ভাঙি ধৰ্ম্মৰ ওপৰত ৰাজ্য প্ৰতিষ্ঠিত কৰিব পাৰিব। ইন্দ্ৰবংশীয় আহোম ৰাজ্যক ধ্বংসৰ মুখৰপৰা ওভতাব পাৰিব। মোৰ যদি মনত ধৰ্ম্মৰ বল আছে, তেওঁ সিদ্ধি লাভ কৰিব। বন্দৰ বৰফুকন তেওঁৰ ভিনীহিয়েক আছে। তেওঁৰপৰাও আমি শক্তি আহৰণ কৰিব পাৰিম। সখী, হিয়া উবুৰিয়াই মই তোমাক ধন্যবাদ দিছোঁ। মোৰ বিয়া স্বাৰ্থজড়িত নহয়, ই ধৰ্ম্ম-প্ৰণোদিত ঈশ্বৰাদিষ্ট দৈৱ নিবন্ধন”।
ভানুমতীয়ে জয়মতীৰ মুখত অলৌকিক জেউতি দেখিবলৈ পালে। ভানুমতীয়ে ভাবিলে “সঁচাকৈয়ে মই আজি নজনাকৈয়ে এটা মহৎ কাম সাধিলোঁ নে কি”? জয়মতীৰ স্বৰ্গীয় জেউতিৰ দ্বাৰা অভিভূত হৈ ভানুমতীয়ে জয়মতীৰপৰা সন্তৰ্পণে বিদায় ললে।
⸻
চতুৰ্থ আধ্যা
লাইথেপেনা বৰগোহাঁই আৰু সিদ্ধেশ্বৰী আইকুৱৰীদেও।
বৰগোহাঁয়ে আইকুৱৰী দেওক সম্বোধন কৰি কলে—“ভানুমতীৰ মুখে সকলো কথা শুনিছাই। জয়মতীৰ যথেষ্ট বয়স হৈছে—গদাপাণি উপযুক্ত ডেকা। এনে মিলন ঈশ্বৰানুমোদিত বুলি ধৰিব লাগে”। আইকুৱৰীদেৱে কলে—“জয়মতীৰো এই আগৰ দৰে গধুৰ দেখা নাই। মুখত যদিও হাঁহি প্ৰস্ফুটিত হোৱা নাই, তাথাপি যেন তাত আনন্দৰ বিৰিঙনি দেখা পোৱা গৈছে”। এইদৰে মনতে গলা-গপা কৰি জয়মতীক ক'লে “সখী, দলৈৰ ভৱিষ্যৎ-বাণী শুনিলা। এতেকে শুভকাৰ্য্যত পলম কৰাৰ সকাম নাই। তোমাৰ মনৰ কথাটি এতিয়া ভাঙি কোৱাচোন”। জয়মতীয়ে কলে “তোমাৰ কথাকে সাৰোগত বুলি মানিলোঁ। দলৈৰ বাণী জানোচা সচাঁ হয়েই”। মতীয়ে ক'লে “তুংখুঙীয়া ফৈদৰ এজন কোৱঁৰ আছে, তেওঁ সকলো প্ৰকাৰে তোমাৰ যোগ্য স্বামী হব। মই অহু-কাণে পহু-কাণে শুনিবলৈ পাইছোঁ, তেওঁ হেনো তোমাক হে বিয়া কৰিব খোজে। তুমি মত দিলে মই যো-যা কৰিব পাৰে৷”। জয়মতীয়ে ক'লে “মই গদাপাণিক চোদছো। তেওঁ হৃষ্ট-পুষ্ট বলিষ্ঠ আৰু সকলো কোৱঁৰৰ দলপতি। দেউতা আৰু আইতাই তেওঁৰে সৈতে সম্বন্ধ পাতিবলৈ নিশ্চয় কুণ্ঠিত নহ'ব”। এই বেলি ভানুমতীয়ে হাঁহি পেলালে আৰু ক'লে “সখী আজি মোৰ ভানুমতী নাম সাৰ্থক হ'ল”। ভানুমতী যাদুৰে তোমাক সম্মোহিত কৰিলোঁ। এতিয়া মই কামত লাগি যাওঁ গৈ। কাম অনায়াসে সিদ্ধ হ'ব। সখী, তোমাৰ মনটো এতিয়া পাতল লাগিছে নে? “জয়মতীয়ে কলে” মনত উলাহে৷ লাগিছে। কিন্তু বিয়াৰ নিমিত্তে নহয়। গদাপাণিক জীৱনৰ সঙ্গী পাই তেওঁৰ দ্বাৰা আহোম ৰাজত্ব সু-প্ৰতিষ্ঠিত কৰিব পাৰিম বুলি মোৰ মনতমহাসতী জয়মতী। ১১ ধাৰণা হৈছে। গদাপাণিৰ নিজৰ দেউতাককে কেনে নিষ্ঠুৰ- ভাৱে হত্যা কৰা হ'ল। গদাপাণিয়ে তাৰ প্ৰতিশোধ লবলৈ নিশ্চয় আগ বাঢ়িব। দেশৰ খেলি-মেলি ভাঙি ধৰ্ম্মৰ ওপৰত ৰাজ্য প্ৰতিষ্ঠিত কৰিব পাৰিব। ইন্দ্ৰবংশীয় আহোম ৰাজ্যক ধ্বংসৰ মুখৰপৰা ওভতাব পাৰিব। মোৰ যদি মনত ধৰ্ম্মৰ বল আছে, তেওঁ সিদ্ধি লাভ কৰিব। বন্দৰ বৰফুকন তেওঁৰ ভিনীহিয়েক আছে। তেওঁ ৰপৰাও আমি শক্তি আহৰণ কৰিব পাৰিম। সখী, হিয়া উবুৰিয়াই মই তোমাক ধন্যবাদ দিছোঁ। মোৰ বিয়া স্বাৰ্থজড়িত নহয়, ই ধৰ্ম্ম-প্ৰণোদিত ঈশ্বৰাদিষ্ট দৈৱ নিবন্ধন”।
ভানুমতীয়ে জয়মতীৰ মুখত অলৌকিক জেউতি দেখিবলৈ পালে। ভানুমতীয়ে ভাবিলে, “সচাকৈয়ে মই আজি নজনাকৈয়ে এট৷ মহৎ কাম সাধিলে৷ নে কি”? জয়মতীৰ স্বৰ্গীয় জেউতিৰ দ্বাৰা অভিভূত হৈ ভানুমতীয়ে জয়মতীৰপৰা। সন্তৰ্পণে বিদায় ললে।
⸻
চতুৰ্থ আধ্যা
লাইথেপেনা ব্ৰগোহাঁই আৰু সিদ্ধেশ্বৰী আইকুৱৰীদেও। বৰগোহাঁয়ে আইকুৱৰী দেওক সম্বোধন কৰি কলে— “ভানুমতীৰ মুখে সকলো কথা শুনিছাই। জয়মতীৰ যথেষ্ট বয়স হৈছে—গদাপাণি উপযুক্ত ডেকা। এনে মিলন ঈশ্বৰানুমোদিত আইকুৱৰীদেৱে কলে—“জয়মতীৰো এই বুলি ধৰিব লাগে”।[ ১৪ ] বৰাগীৰ গীত শুনি ডাঙৰীয়া আৰু আইকুৱঁৰীদেৱে বৰ তৃপ্তি পালে, আৰু তেওঁক যথোচিত পুৰস্কাৰ দিলে। বৰাগীয়ে মেলানি মাগি নিজ ঘৰলৈ খোজ ললে। ডাঙৰীয়া আৰু আইকুৱঁৰীদেৱে বিয়াৰ যোগাৰ কৰিবলৈ বুলি ভিতৰ সোমাল। জয়মতীয়ে মনে মনে ভাবিলে – “বৰাগীৰ গীতত বহুত কথা লুকাই আছে। দম্পতিৰ ভিতৰত এজনাক নিষ্ঠুৰ কালে হৰি নিয়ে। এয়ে মোৰ নিজৰ জীৱনৰ কাহিনী নে কি? দুটিৰ এটি বুলি অৱশ্যে মোৰ স্বামীক বুজাইছে। দলৈয়ে তেওঁৰজা হব বুলি ভবিষ্যৎ-বাণী কৈছে। তেওঁ ৰজা হলে তেওঁকো মোৰ পৰা শতুৰু কালে হৰি নিব নে কি? মোৰ জীৱন উছৰ্গা কৰি মই মোৰ স্বামীক ৰক্ষা কৰিম। যদি মই সতী সাধ্বী হওঁ, তেনেহলে মই ৰক্ষা কবচ হৈ স্বামীক সদায় বিপদৰপৰা নিলগত ৰাখিম। নিজৰ দেশৰ নিমিত্তে মোৰ এই ক্ষুদ্ৰ প্ৰাণ বলি দিম। হে ঈশ্বৰ! তুমি মোৰ সহায় থাকিবা”।
পঞ্চম আধ্যা।
জয়মতী আৰু গদাপাণিৰ চক্লং-বিয়া।
আজি জয়মতীৰ বিয়া। নিমন্ত্ৰিত লোকসকল দলে দলে আহিছে। খেলে খেলে শাৰী পাতি বহিছে আৰু খেলে খেলে জলপান দিহা চলিছে। তিৰোতা সকলে বিয়া নাম গাই গোটেই ঘৰ মুখৰিত কৰিছে। গায়ন ঢুলীয়াই গীত বাদ্যৰ দ্বাৰা [ ১৫ ] বায়ু-মণ্ডলত খলকনি লগাইছে। দোলা, পাল্কী, হাতী আদিৰে বৰগোহাঁই ডাঙৰীয়াৰ হাউলি ভৰি পৰিছে। গদাপাণিয়ে লগৰীয়া সকলৰ লগত আহি দৰাৰ আসন গ্ৰহন কৰিছে। তেওঁৰ চেহেৰা দেখি প্ৰজা সকলে কোৱাকুৱি কৰিছে –“এৱেঁই প্ৰকৃত ৰজাৰ লায়ক, বীৰ্য্যৱান সুলক্ষণীয়া মহাপুৰুষ”। গদাপাণিয়ে বিয়া কৰিবলৈ ওলাইছে—মনত দৃঢ়সঙ্কল্প লৈ। তেওঁ আহোম ৰাজ্য উদ্ধাৰ কৰিবৰ অৰ্থে লগত শক্তিৰূপিনী জয়মতীৰ সহায় লব খুজিছে।
এতিয়া কন্যা উলিয়াবৰ হল। জয়মতীক আঁচলত ধৰি তেওঁৰ প্ৰিয় সখী ভানুমতীয়ে লৈ আহিছে। সভাঘৰ কাঁহ পৰি জিম যোৱা যেন হল। জয়মতীৰ সাজ-পাৰত একো বৈচিত্ৰ্য নাই। সাধাৰণ ৰিহা-মেখেলা আৰু খনিয়া-অলঙ্কাৰো সেইমতে সাধাৰণ প্ৰকাৰ। হাতত এযোৰ খাৰু, কাণত এযোৰ কেৰু আৰু ডিঙিত এধাৰ ডুগডুগি—ইমানেই। কিন্তু ভানুমতীৰ সাজ-পাৰ বেলেগ। আজি সখীয়েকৰ বিয়া আৰু এই বিয়া তেওঁৰ উদ্যোগতে সংঘটিত হৈছে। এই কথা ভাবি তেওঁ আজি ৰঙত ৰঙিলী পথিলীটি যেন হৈছে। অলঙ্কাৰেৰে সু-সজ্জিত—তাৰ জেউতিয়ে দেখোঁতাৰ চকুত চমক লগাইছে। ভানুমতী দেখিবলৈও সুন্দৰী — বয়সো জয়মতীৰ সমানেই। বহুতে ভ্ৰমত ভানুমতীক হে কন্যা বুলি ভাবিছিল। পাচে দৰাৰ বাওঁফালে যেতিয়া জয়মতীক দেখিলে, তেতিয়া হে তেওঁবিলাকৰ [ ১৬ ] ভ্ৰম আঁতৰ হল। জয়মতীৰ গহীন গম্ভীৰ মূৰ্ত্তি দেখি মানুহে ভাবিলে এওঁ মানৱী নহয়, দেবী। পাৰ্থিৱ পদাৰ্থেৰে এওঁ সুসজ্জিত নহয়—কিন্তু এওঁৰ দিব্য স্বৰ্গীয় প্ৰভা বিকীৰ্ণ হোৱাত সমজুৱা সকল স্তম্ভিত হল। যুগল মূৰ্ত্তি দেখি সকলোৱে ধন্য ধন্য কৰিবলৈ ধৰিলে।
তেতিয়া দেওঁধাই আগ বাঢ়ি আহি আহোম বিধিমতে সকলো ধৰ্ম্মকাৰ্য্য সংসাধন কৰিলে। পাচত টেমী কটাৰী সলোৱ৷ হল। বিয়াৰ কাৰ্য্য শেষ কৰি অভ্যাগত সকল দিহাদিহি যাবলৈ ওলাল। দৰা কন্যা ভিতৰলৈ সোমাল। স্বৰ্গৰ দেৱ- দেৱী যুগল আহি আজি আহোম ৰাজ্য ৰক্ষা কৰিবলৈ আহিছে। প্ৰজা সকলে উচ্চকণ্ঠে গাবলৈ ধৰিলে – “জয় সৰ্গদেও গদাধৰ সিংহৰ জয়। জয় ৰাজকুঁৱৰী জয়মতীৰ জয়”।
⸻
ষষ্ঠ আধ্যা।
জয়মতী আৰু গদাপাণিৰ ভিতৰত দেশৰ অৱস্থাৰ পৰ্য্যালোচনা।
জয়মতী আৰু গদাপাণিৰ বিয়া হৈ যোৱা ১০ বছৰ হল। এদিন দুয়ে৷ বহি এইদৰে আলাপ কৰিবলৈ ধৰিলে :—
গদাপাণি। – হে প্ৰাণৱল্লভে, তোমাৰ পবিত্ৰ প্ৰেমৰ স্পৰ্শত মই নিজকে ধন্য মানিছোঁ। আমাৰ প্ৰেমৰ নিদৰ্শনস্বৰূপ লাই আৰু লেচাই এই দুটি লৰাৰো জন্ম হ’ল। এইদৰে কিয় [ ১৭ ] মই পাতনি মেলিছোঁ, তাৰ কাৰণ কব খুজিছোঁ। মই সাংসাৰিক ভোগবিলাসৰ নিমিত্তে তোমাৰে সৈতে সংযুক্ত হোৱা নাই। আৰু মই বঢ়িয়াকৈ বুজিছোঁ তোমাৰ মনতো কোনো স্বাৰ্থপৰতা আৰু সঙ্কীৰ্ণ পাৰ্থিৱতা নাই। আমাৰ দুয়োৰো আশা আকাঙ্ক্ষা একেই। কিন্তু আমাৰ সংঙ্কল্পৰ সংসিদ্ধিৰ নিমিত্তে এফেৰিমানো আগুৱাব পাৰিছোঁ নে? ৰাজ্য ছিগি-ভাগি গৈছে। কাৰ কেতিয়া মৰণ মিলে, কোনেও ক’ব নোৱাৰে। চুন্যত্ফা ৰজাক দেবেৰা বৰবৰুৱাই বিহ খুৱাই মাৰিলে। চুক্লন্ফাৰ ভাগ্যক্ৰমে স্বাভাৱিক মৃত্যু ঘটিল——নহলে তেওঁৰো এনে দশাই মিলিলহেতেঁন। চামগুৰীয়া ফৈদৰ চুহুং ৰজাকো দেবেৰা বৰবৰুৱাই বিহু খুৱাই বধিলে। মোৰ পিতাদেওৰ শোচনীয় পৰিণামৰ কথা ক’ব খুজিলে বুকু ফাটি যাব খোজে। বুঢ়াগোহায়ে চুজিন্ফা ৰজাৰ চকু কঢ়ালে–সেই বেজাৰতে তেওঁ শিলত মূৰ আফালি আপোনঘাতী হ’ল। চুদিফা ৰজাকো চক্ৰান্ত কৰি বধ কৰা হ’ল এতিয়৷ চুলিক্ফা ৰজা হৈছে। তেওঁ লৰা মানুহ—ডাঙৰীয়া আৰু বিষয়াসকলৰ হাতৰ পুতলা। সেই দেখি মই ধূৰুপ জানিছোঁ, তেওঁৰ আমোলত প্ৰজাবৰ্গ আৰু কোঁৱৰসকলৰ নানা প্ৰকাৰ দুৰ্গতি ঘটিব। মই অসম-আকাশত এচমকা ক’লা ডাৱৰ দেখিছোঁ। চাওঁতে চাওঁতেই সি লাহে লাহে বহলি গৈছে। ডাৱৰবিলাক লাহে লাহে সিঁচৰতি হৈ পৰিছে। সেইবিলাকে নানা প্ৰকাৰ মূৰ্ত্তি ধাৰণ কৰিছে। কেতিয়াবা [ ১৮ ] বাঘৰ মূৰ্ত্তি যেন দেখা গৈছে; কেতিয়াবা ভালুক, ঘোং, দৈত্য- দানৱ, ৰাক্ষস আদি ভয়ঙ্কৰ মূৰ্ত্তি মই চকুৰ আগতে দেখিবলৈ পাইছোঁ। নানা প্ৰকাৰ ভূত-প্ৰেত, পিশাচ আদি দেখি মোৰ মনত আশঙ্কা উপজিছে।
জয়মতী।—হে নাথ, আপুনি এনে অমঙ্গলীয়া কথা কিয় কৈছে? মোৰ নিচিনা সতী তিৰোতা থাকোঁতে আপোনাৰ বিপদ হব পাৰে নে? সাবিত্ৰীয়ে সত্যবানক যমৰ হাতৰ মুঠিৰ পৰাও উদ্ধাৰ কৰি আনিলে। ময় একনিষ্ঠভাৱে ঈশ্বৰ-পৰায়ণ হৈ অত দিন আপোনাৰ মঙ্গল কামণা কৰি আহিছোঁ।
গদাপাণি।—হে মোৰ প্ৰাণসমা সতী, তোমাৰ কথাত মই মুগ্ধ হৈছোঁ। তোমাৰ বলতেই মই বল পাইছোঁ। তোমাৰ বুদ্ধি পৰামৰ্শ মতে মই সকলো কাম কৰিম। তুমি স্বৰ্গীয় আদেশ পাই মোক যি কৰিবলৈ কোৱা, মই তাকে কৰিম।
এইদৰে দুয়ো আলাপ কৰাৰ পাচত গদাপাণি বহু দূৰ আশ্বস্ত, হল। জয়মতীয়ে তেওঁক নিৰ্ভয় দিলে আৰু প্ৰতিজ্ঞা কৰিলে— “মোৰ নিজৰ প্ৰাণ উছৰ্গা কৰি আপোনাক ৰক্ষা কৰিম। মোৰ নিজৰ প্ৰাণৰ মূল্য একো নাই। আপুনি যদি ঈশ্বৰৰ ইচ্ছাত ৰজা হয়, তেনেহলে ৰাজ্যৰ বিশৃঙ্খলা গুচিব আৰু পাচত লাই আৰু লেচাইলৈ বাট মুকলি হব। এই কথা কৈয়েই জয়মতীয়ে পতিৰ চৰণত সেৱা কৰিলে। গদাপাণিয়ে জয়মতীৰ [ ১৯ ] মূৰত হাত দি আশীৰ্ব্বাদ কৰিলে। ইয়াৰ পাচত জয়মতীয়ে নিজৰ গৃহস্থালী কামলৈ গল। গদাপানিয়ে দেশৰ অৱস্থাৰ আও-ভাও বুজিবলৈ বাহিৰলৈ ওলাই গল।
⸻
সপ্তম আধ্যা।
লৰা ৰজাৰ বিভীষিকা।
লৰা ৰজাৰ মানসিক অৱস্থা বৰ্ণনাতীত। যিবিলাক ৰজাৰ পূৰ্ব্বে অপমৃত্যু ঘটিছিল, তেওঁবিলাকৰ ছায়ামূৰ্ত্তি শয্যাত শুই থাকোঁতে ৰাতি চকুৰ আগতে দেখিবলৈ পালে! চুণ্যত্ফা ৰজা আৰু দেবেৰা বৰবৰুৱা দুয়োকে৷ ওচৰা-ওচৰিকৈ থিয় হৈ থকা দেখিলে। চুক্লন্ফা ৰজাক নৰিয়া-পাটিত পৰি থকা দেখিলে। আৰু তেওঁ কেঁকাই-গেঁথাই কোৱা শুনিলে হে প্ৰভু, এয়ে মোৰ মৃত্যু শয্যা হওক! অপঘাত মৃত্যুতকৈ এই মৃত্যু শতগুণে শ্ৰেয়ঃ।” চুহুং ৰজ৷ আৰু দেবেৰা বৰবৰুৱা দুয়োকো কোলাকুলি কৰা দেখিলে। গোবৰ ৰজাই উধবাহু হৈ দেবেৰা বৰবৰুৱাক অভিশাপ কৰা দেখিলে। চুজিন্ফা ৰজাক এচটা শিলত মূৰ আফালি থকা অৱস্থাত দেখিলে। চুদৈফা ৰজাৰ ভয়ঙ্কৰ মূৰ্ত্তি দেখিবলৈ পালে – ওচৰতে লালুক বৰফুকন আৰু ৰঙামাটিৰ নবাৱ থিয় দি আছিল। এবাৰ লৰা ৰজাই ডাঙৰীয়া আৰু বিষয়া সকলোৱেই তেওঁক বেৰি ধৰি আক্ৰমণ কৰিবলৈ অহা যেন [ ২০ ] দেখিলে। লৰা ৰজাৰ মনত এইবিলাক স্বপ্নৰ নিচিনা প্ৰতিভাত হ’ল। শয্যাৰ পৰা চক্মক্ খাই উঠিল। তেওঁ মনতে ভাবিলে, এইবিলাক তেওঁৰ মগজুৰ বিকাৰ মাথোন। আকৌ ভাবিলে, মগজুৰ বিকাৰ হোৱা হলে তেওঁ আন আন অনেক ঘটনাও দেখিবলৈ পালেহেঁতেন। অকল তেওঁ পূৰ্ব্বৰ ৰজাসকলৰ অপমৃত্যুৰ ছবি কিয় দেখিব। তেওঁ তেতিয়া মনতে ঠিক কৰিলে “এইবিলাক ঘটনা সপোনত দেখুৱাই ঈশ্বৰে মোক সাৱধান কৰি দিছে। মোৰ ৰাজ্য যাতে নিষ্কণ্টক হয়, তাৰ নিমিত্তে সজাগ থাকিবলৈ ঈশ্বৰাদেশ হৈছে। ঈশ্বৰাদেশ মই অমান্য কৰিব নোৱাৰোঁ”।
লৰা ৰজাই এতিয়া “ঈশ্বৰাদেশ” পালিবলৈ যত্নপৰ হ’ল। তেওঁৰ যি যি শত্ৰু আছিল, তেওঁবিলাকক এজন-এজন কৈ কোনো এটা অপৰাধত পেলাই বধ কৰালে। তেওঁ ভাবিলে “এতিয়া মই নিষ্কণ্টকে ৰাজ্যভোগ কৰিব পাৰিম। কিন্তু এটা কথা ৷ ৰজাৰ উপযুক্ত অসংখ্য কোঁৱৰ আছে। ডাঙৰীয়া আৰু বিষয়াসকলে ৰজাক বধি তাৰে এজনক আনি মনোনীত কৰে। এতেকে যদি কোঁৱৰবিলাকৰ ভিতৰত “উপযুক্ত” লোক নেথাকে, তেনেহলে নতুন ৰজা পাতিবলৈ ষড়যন্ত্ৰকাৰীসকলে মন নেমেলিব। সেই দেখি কোঁৱৰবিলাকক আঁতৰাব লাগে।” এইদৰে গুণি-গাথি লৰা ৰজাই ছল-বুদ্ধি কৰি কিছুমান কোঁৱৰক হত্যা কৰিলে। কিছুমানক দেশান্তৰী কৰিলে আৰু কিছুমানক অঙ্গক্ষত কৰিলে [ ২১ ] গাৰ ঘুণ থাকিলে ৰজা হ’ব নোৱাৰে, - এই ৰীতি আহোম শাসনত বদ্ধমূল আছিল। প্ৰায়ে কাণৰ লতি এটা কাটি ঘুন লগোৱা হৈছিল আৰু তেওঁবিলাকক লাকুৱা অঞ্চলত একে ঠাইতে থাকিবলৈ দিলে। সততে চোৰাংচোৱাই তেওঁবিলাকৰ কাৰ্য্যবিধি পৰিবেক্ষণ কৰি থাকে। কিন্তু গদাপাণিক ৰজাৰ গুপ্তচৰে এতিয়ালৈকে ধৰিব পৰা নাই।
⸻
অষ্টম আধ্যা
গদাপাণিৰ আত্মৰক্ষাৰ মন্ত্ৰণা।
গদাপাণিয়ে অস্থিৰ ভাৱে ঘৰৰ ভিতৰ সোমাল। ওচৰতে এখন আসন পাই তাতে চিন্তাকুলিতভাৱে বহি পৰিল। জয়মতীয়ে দেখা পাই লৰালৰিকৈ আহি কাষতে থিয় দিলে। গদাপাণিৰ মুখৰ আকৃতি দেখি তেওঁ নজনা বিপদ-পাতৰ আশঙ্কা কৰিলে। গদাপাণিয়ে কলে “হে প্ৰাণপ্ৰিয়ে,” মই যি হব বুলি আশঙ্কা কৰিছিলোঁ, সেয়ে ফলিয়াবলৈ ধৰিছে। লৰা ৰজাৰ ভীষণ উৎপাত আৰম্ভ হৈছে। কেইবা জনো কোঁৱৰক ছল- বুদ্ধি কৰি হত্যা কৰিলে। বহুতৰ কাণৰ লতি ছেদ কৰি ঘুনীয়া কৰিলে। মোক ধৰিবৰ নিমিত্তে চৰীয়া পঠাইছে। মই পলাই ফুৰিছোঁ। এতিয়৷ সুৰুঙা পাই তোমাক দেখা কৰি তোমাৰ পৰামৰ্শ লবলৈ আহিছোঁ। পলাই ফুৰাটো কাপুৰুষৰ লক্ষণ। সেই দেখি মই নিজে ধৰা দিম বুলি ভাবিছোঁ।” [ ২২ ] জয়মতীয়ে গম্ভীৰভাৱে কলে “হে প্ৰাণবল্লভে” আপুনি কিয় তেনে কথা কয়। নিজৰ প্ৰাণৰ নিমিত্তে কাতৰ হৈ পলোৱাটো বেয়া হব পাৰে। কিন্তু মই জানো, আপুনি স্বাৰ্থান্ধ নহয়। মই আপোনাৰ চিৰ-লগৰী দাসী আছোঁ। লাই আৰু লেচাই দুটি অজান বালক আছে। নিজৰ পৰিয়ালৰ প্ৰতি আপোনাৰ কৰ্ত্তব্য আছে। আপুনি ধৰা দিলে আমাৰ কি গতি হব আৰু আহোম ৰাজ্যৰে বা কি দশা হব। আমি মনতে যি সঙ্কল্প কৰিছোঁ, সেই সঙ্কল্প কাৰ্য্যত পৰিণত কৰিবলৈ অহোপুৰুষাৰ্থ কৰিব লাগে। আপোনাৰ নিচিনা সৰ্ব্বগুণী কোঁৱৰক লৰা ৰজাই ধৰা পেলাব পাৰিলে পোতাশালত বন্দী কৰিয়েই সন্তুষ্ট নেথাকে বা অঙ্গক্ষত কৰিয়েই এৰি নিদিয়ে। আপোনাৰ নিশ্চয় প্ৰাণহানি কৰিব। এই যে ধুমুহা মাৰিছে, ই সৰহ দিন নাথাকে। যেতিয়া ধুমুহাই শাম কাটিব, তেতিয়া আপুনি গুপ্ত স্থানৰ পৰা উভতি আহিব পাৰিব। লৰা ৰজাৰ এনে অত্যাচাৰত বহু প্ৰজা আৰু বিষয়া তেওঁৰ বিপক্ষে বিদ্ৰোহী হব। আপুনি সেইবিলাকেৰে যোগ হৈ ভিনীহিদেৱেকৰ সহায় লব পাৰিব। আপুনি নিশ্চয় ৰাজপাটত বহিব পাৰিব। মই মানস-দাপোণত এইবিলাক ভবিষ্যৎ বাতৰি ফৎফটীয়াকৈ দেখিবলৈ পাইছোঁ।”
গদাপাণি।—হে প্ৰাণ প্ৰিয়ে, সেই দেখি হে মই তোমাৰ উপদেশ লবলৈ হেবাথৰি খাই আহিছোঁ। কিন্তু পলাই জানো সাৰিব পাৰিম? ৰজাৰ চৰীয়াই চাৰিও পিনে পিঁয়াপিঁ দিছে। [ ২৩ ] জয়মতী।—“হে মোৰ প্ৰাণকান্ত, মোৰ মনেৰে আপুনি নামচাং পৰ্ব্বতলৈ যাওক। নামচাং নগা ৰজাৰে সৈতে আহোম ৰজাৰ বিবাদ আছে। নামচাঙৰ নামনিত এটা লোণ পুং আছে। আহোম ৰজাই তাকে দখল কৰিব খোজে। নামচঙীয়া ৰজাই আপত্তি কৰাত উভয় পক্ষৰে ভিতৰত বিবাদ। পিতাদেওৰ মুখে এই সকলো বাতৰি পাইছোঁ। লোণ পুঙত এতিয়া কোনো পক্ষই কাম কৰা নাই—এনেই সি অকৰ্ম্মণ্য হৈ পৰি আছে। তালৈ ৰজাৰ চৰীয়া যাব নোৱাৰে। আৰু গলেও নামচঙীয়া ৰজাই আপোনাক এৰি নিদিয়ে। তেনেহলে আহোম ৰজাই নামচঙীয়া ৰজাৰে ৰণ কৰিব লাগিব। সিমান দূৰলৈকে আহোম ৰজাই আগ বাঢ়িব নে? আৰু এটা কথা। নগ৷ পৰ্ব্বতলৈ আপুনি গৈছে বুলি ৰজাই ফুটকে নেপায়। শত্ৰু ৰাজ্যলৈ আহোমৰ কোঁৱৰ এজন যাবলৈ সাহ কৰিব পাৰে বুলি আহোম ৰজাই কেতিয়াও ভাবিব নোৱাৰে। তদুপৰি নামচঙীয়া ৰজাই আপোনাক আশ্ৰয় দিলে কেতিয়াও আপোনাক প্ৰত্যৰ্পণ নকৰে। আমাৰ মানুহে নগাক পৰ্ব্বতীয়া অসভ্য জাতি বোলে। কিন্তু প্ৰকৃত বীৰত্ব যদি কৰবাত আছে, সিহঁতৰ গাত হে। সিহঁতে যাক আশ্ৰয় দিব, হেজাৰ প্ৰলোভনতো সিহঁতে তেওঁক পৰিত্যাগ নকৰে।”
গদাপাণি—“হে মোৰ হৃদয়েশ্বৰী, আজি তোমাৰ জ্ঞানৰ স্ফুৰণ হৈছে। মই জানোৱেই, বিপদত তিৰোতাৰ বুদ্ধিৰ [ ২৪ ] অপৰিসীম বিকাশ ঘটে। কিন্তু এটা কথা। আহোম ৰজাৰ ক্ষমতা এতিয়াও অটুট হৈ আছে। তদুপৰি নগা ৰজা আৰু আহোম ৰজাৰ মাজত শত্ৰুতা নাই— আছে কেৱল মনোমালিন্য। আহোম ৰজাই কটকী পঠালে নগা ৰজাই আশ্ৰিতক এৰি নিদিবও পাৰে—কিন্তু নগা ৰাজ্যত তেওঁক থাকিবলৈ ঠাই নিদিব। সেয়ে হলেই আহোম ৰজাই মোক সহজে ধৰিব পাৰিব। কিন্তু তোমাৰ উপদেশৰ পৰা মই এইটো সাৰ কথা পালোঁ যে পলাবলৈ হলে নগা পৰ্ব্বতলৈ যাব লাগে। কিন্তু সেই কথাৰ সম্ভেদ ৰাজ্যৰ কোনোৱে ফুটকে পাব নেলাগে।”
জয়মতী।—“ফলাফল যেনে কি হওক মোৰ মনে ধৰিছে, আপুনি নগা পৰ্ব্বতলৈ পলাই যাওক।”
গদাপানি।–“কিন্তু লৰা ৰজাই যদি মোক নেপাই তোমাক শাস্তি দিয়ে-”
জয়মতী।–“সেই নিমিত্তে আপুনি একো চিন্তা নকৰিব। লৰা ৰজা অধৰমী হলেও তেওঁ তিৰোতাৰ ওপৰত অত্যাচাৰ নকৰে।”
এইদৰে আলাপন কৰি গদাপাণিয়ে নগা পৰ্ব্বতলৈকে ছদ্মবেশেৰে পলাই যাবলৈ থিৰাং কৰিলে। জয়মতীয়ে হাত যোৰ কৰি চকুৰ দৃষ্টি সৰগলৈ পেলাই মনতে স্বামীৰ মঙ্গলাৰ্থে প্ৰাৰ্থনা জনালে। তাৰ পাচত স্বামীক দণ্ডৱৎ কৰি তেওঁৰ পদধূলি শিৰত ললে। গদাপাণিয়ে লাই আৰু লেচাইক কোলাত [ ২৫ ] তুলি লৈ দুয়োকো চুমা খালে, আৰু সহধৰ্ম্মিণীৰ মূৰত হাত দি আশীৰ্ব্বাদ কৰিলে। গদাপাণিয়ে ছদ্মবেশেৰে নগা পৰ্ব্বতৰ ঢালে খোজ ললে।
⸻
নৱম আধ্যা।
লৰা ৰজাৰ দুৰ্ম্মতি।
লৰা ৰজাই ছাঁটোকে বাঘটো দেখা হল। মাজে মাজে বিনা কাৰণত উচাপ খাই থাকে। আৰু দেবেৰা বৰবৰুৱাৰ প্ৰেতাত্মাই তেওঁৰ লগ নেৰা হল। চাৰিওপোনৰপৰা চৰীয়া আহি সংবাদ দিলে হি – গদাপাণিক বিচাৰি পোৱা নাই। লৰা ৰজাই ভাবিলে – গদাপাণিক নেপালে মই ইমানবিলাক কোঁৱৰক মিছাতে আঁতৰ কৰিলোঁ। গদাপাণি হে দলপতি। তেওঁ যেনে বলিষ্ঠ আৰু সাহিয়াল, তেওঁ জীয়াই থাকেমানে মোৰ মনত শান্তি নাই। যেনে তেনে প্ৰকাৰে গদাপাণিক ধৰিবই লাগিব। তেওঁ চৰীয়াবিলাকক সুধিলে— “গদাপাণিৰ ঘৈনীয়েকক গিৰিয়েকৰ বাতৰি সুধিছিলি নে?” চৰীয়াই উত্তৰ দিলে— “আমি নানা প্ৰকাৰে সুধিলোঁ। জয়মতীৰ স্বামী কলৈ গল, কোনোপধ্যে নকয়।” তেতিয়া ৰজাই কটকীক কলে—“মই নিজেই জয়মতীক সুধি চাম। তোমালোক যোৱাঁ, জয়মতীক সভালৈ লৈ আহাঁগৈ। দোলা লৈ যোৱা। দয়-দস্তুৰেৰে আনিবা। কোনো প্ৰকাৰে জয়মতীক অপমান নকৰিবা।” যেই [ ২৬ ] হুকুম, সেই কাম।” দোলাকাযৰীয়া বৰুৱাই দোলা আনি হাজিৰ কৰিলে। দোলা ভাৰীয়ে দোলা লৈ জয়মতীৰ হাউলিলৈ খোজ ললে। লগত কটকী গল।
⸻
দশম আধ্যা।
জয়মতীৰ মহাযাত্ৰা।
দোলা আহি জয়মতীৰ ঘৰৰ সন্মুখত থিয় হল। জয়মতীয়ে মুহূৰ্ত্ততে ভবিষ্যতৰ বাতৰি পালে। তেওঁ এফেৰিও বিচলিত নহল–বৰং আগতকৈ অধিকতৰ ধৈৰ্যশীলা হল। কটকীয়ে কুৱঁৰীক সেৱা জনাই ৰাজ আজ্ঞা শুনালে। জয়মতীয়ে ধীৰ, গম্ভীৰভাৱে ৰাজ আজ্ঞা গ্ৰহণ কৰিলে। বাতৰি পাই চাৰিওফালৰপৰা অসংখ্য প্ৰজা ছাপি আহিল। বন্দী বেটী লাই, লেচাই আৰু পৰিয়ালৰ অন্যান্য সকলোৱে কান্দিবলৈ ধৰিলে। দোলাৰ লগত গায়ন-বায়ন আহিছিল। সিহঁতেও নেকান্দি নোৱাৰিলে। এই গায়ন-বায়নৰ গীত বাদ্য আনন্দ- উৎসৱ-ব্যঞ্জক নহয়। শ্মশানলৈ মৃতদেহ নিওঁতে যেনে গীত বাদ্য হয়, ইও সেই শ্ৰেণীৰ। কটকীয়ে ৰাজ আজ্ঞা শুনাওঁতে তেওঁৰ দুচকুৰপৰা দুটোপা চকুলো পৰিছিল। জয়মতীয়ে কিন্তু মৃত্যুলৈ ভয় কৰা নাই। তেওঁ জানিছিল, তেওঁৰ মৃত্যু সুনিশ্চিত। তেওঁ আৰু জানিছিল, তেওঁৰ স্বামী ক’ত লুকাই আছে, সেইটো কথা তেওঁক সুধিব। তেওঁ দৃঢ়প্ৰতিজ্ঞ হল। [ ২৭ ] তেওঁ ঘূনাক্ষৰেও স্বামীৰ সন্ধান নিদিয়ে। তেওঁ এতিয়া ভাবলে –“মোৰ স্বামী পৰ্ব্বতত লুকাই আছে বুলি জানিব পাৰিলে তেওঁক বিচাৰি আহোম ৰজাই প্ৰত্যেক শিল চপৰাটোলৈকে একোজন মানুহ পঠাব। স্বামী নগা পৰ্ব্বতলৈ যোৱা কথা মই প্ৰাণ গলেও ব্যক্ত নকৰোঁ। হে হৰি!, মোৰ মনত বল দিবা। আজি জগতত দেখুৱাম, তিৰোতাৰ শক্তি কিমান। আহোম ৰমণীৰ মাহাত্ম্য জগতত ঘোষণা কৰিম”। এইদৰে তেওঁ নানা কথা আলচিবলৈ ধৰিলে। সেই মুহূৰ্ত্ততে যেন জয়মতীৰ মুখৰ বৰণৰ সলনি হল। তেওঁৰ জিভাত স্বয়ং সৰস্বতী অধিষ্ঠিত হল। তেও সুললিত কণ্ঠেৰে শেষ মেলানিৰ গীত আৰম্ভ কৰিলে। অগণন প্ৰজাবৰ্গই নিস্তব্ধহৈ শুনিবলৈ ধৰিলে।—
মোৰে বন্দী ঐ, মোৰে বেটী ঐ,
বুজিবি কথাৰে ভাও।
আজি দুপৰীয়া ৰজাৰ চৰালৈ
ডিঙি আগে কৰি যাওঁ॥
কাপোৰৰ পেটাৰি লৈ আহ লিগিৰী,
গড়ত থৈয়ে থৈয়ে কুটোঁ।
জনমলৈ আৰু নেলাগে খনীয়া,
মৰণৰ দোলাতে উঠোঁ।
নেকান্দিবি দুলীয়া, নেকান্দিবি খুলীয়া,
ফলিব বিধিৰে লিপি।
যমৰে টেকেলা আহিছে নিবলৈ,
দুৱাৰতে আছে জুপি॥
মোৰে পুতাই অ’ লাই লেচাই,
দেহৰে দুগুটি লাৰু।
মোৰ আয়ুষেৰে চিৰঞ্জীৱি হোৱাঁ,
নেকান্দা উচুপি আৰু॥
মোৰে প্ৰাণ সখী মৃত্যুকন্যা আহি
চিয়াঁৰত মাতিছে মোক।
আজি সৰগলৈ ওলালোঁ যাবলৈ;
কোনোৱে নকৰা শোক॥
নেকান্দিবি বেলি, নেকান্দিবি আলি,
নেকান্দিবি মোৰে দোলা।
সখী মৃত্যুকন্যা বাটলৈ চাইছে,
পাতিছে মোলৈকে কোলা॥
এই মৰণলৈ সাজি পাৰি আছোঁ,
মেলানি মাগিলোঁ আজি।
পৃথিবীৰে নাৰী, সৰ্গৰ অপেচৰী;
চোৱাঁহি বিধতাৰ বাজি॥
হে ল’ৰা ৰজা তোমাৰে সে গুণে,
হম গৈ সভাতে থিয়।
সৃষ্টি থাকে মানে তোমাৰে যশয্যা
গাব আছে য’ত জীৱ॥
ওবা সমজুৱা চিন্তা শোক এৰাঁ,
অভাগীয়ে সেৱা কৰোঁ।
কৰাঁ আশীৰ্ব্বাদ অগ্নি-পৰীক্ষাত
যেন পৰি দিব পাৰোঁ॥
বঙহৰ দেউতা লাঙি গদাপাণি,
আজি পাৰি দিওঁ কালৰে নৈ।
পৰ্ব্বতে-পাষণ্ডে নিলগতে ফুৰিম ঐ,
ৰঙ্গ৷ পখিলাটী হৈ॥
গীত শুনি প্ৰজাবৰ্গৰ শৰীৰ কণ্টকিত হ’ল। এনে মহাবাক্য উদগীৰণৰ শক্তি মানবৰ আছে নে? এই মহাবাক্যৰ দ্বাৰা আজি সৰগ আৰু মৰত লগ লাগিল। ঘাত-প্ৰতিঘাতৰ দ্বাৰা স্থাবৰ জঙ্গম কঁপিবলৈ ধৰিলে। দোলাত উঠিব লাগে বুলি জয়মতীক কবলৈ কাৰো প্ৰাণত শক্তি নহল। জয়মতীয়ে সমজুৱা সকলক যথাবিধি সেৱা জনাই, নিজে গা দাঙি এখুজি- দুখুজিকৈ গৈ দোলাত উঠিল গৈ। অসংখ্য প্ৰজা লগত লৰিল। পৃথিবী দল-দোপ হেন্দোল-দোপ। বিৰ দি বাট পাবলৈ নাইকিয়া হৈছে। জয়মতীয়ে মহাযাত্ৰা কৰিলে!
⸻
একাদশ আধ্যা
ৰাজসভাত জয়মতী।
জয়মতীয়ে নিঃশঙ্কোচে পোনে পোনে গৈ লৰা ৰজাৰ আগত থিয় হ’ল। যেন এটি আগ্নেয়গিৰি মাটি ফুটি আৱিৰ্ভূত হ’ল। সমজুৱা সকল তলমুৱা হ’ল। সকলোৰে মুখত মাত হৰিল। সভাঘৰ কাঁহ পৰি জিম গল। আগ্নেয়গিৰিৰ মুখৰ পৰা অগ্নি উদ্গীৰণ হ’ল :—
“ধিক্ সৰ্গদেও, আপোনাৰ ৰাজত্বত ধিক্। চন্দ্ৰ সূৰ্য্য থাকে মানে আপোনাৰ গুণাৱলী পৃথিবীত ঘোষিত হব! ৰজাৰ বোৱাৰীক আনি আজি ৰাজসভাত থিয় কৰাইছে হি, ইয়াতকৈ কাপুৰুষালি আৰু কিবা হব পাৰে নে। আই বসুমতী, তুমি ফাট মেলি লৰাৰজাক সিংহাসনে সৈতে কিয় এতিয়াও ৰসাতললৈ নিয়া নাই?” লৰাৰজাই লাজ, অপমান আৰু খঙত একো নাইকিয়া হ’ল। গম্ভীৰভাৱে উত্তৰ দিলে “তোমাৰ স্বামী গদাপাণি কলৈ গল, এই কথাৰ সম্ভেদ লাগে। তাকে কৈ তুমি নিজৰ হাউলিলৈ উভতি যোৱাঁ। তুমি ৰাজসভাত এইদৰে মোক ককৰ্থনা কৰাটো অনুচিত। মোৰ ক্ষমতা কিমান, তুমি জনা নাই নে? তুমি তিৰোতা মানুহ, সেইদেখি হে তোমাক ক্ষম৷ কৰিছোঁ। কিন্তু তোমাৰ স্বামীৰ সন্ধান নিদিলে তুমি ৰক্ষা নোপোৱাঁ।” জয়মতীয়ে উত্তৰ দিলে “স্বামীৰ অহিত সাধন কৰিবলৈ তেওঁৰ সহধৰ্ম্মিণীক [ ৩১ ] বাধ্য কৰোৱাটো আপোনাৰ ন্যায় আৰু ধৰ্ম্ম সন্মত নে কি?” ৰজাই উত্তৰ দিলে “কিন্তু এয়ে ৰাজবিধি। ৰাজবিধি মতে কাৰ্য্য নকৰিলে মোৰ ৰাজ্য কেনেকৈ অটুট থাকিব? “জয়মতীয়ে ক’লে আহোম ৰাজ্য বহুকাল অটুট থাকক। সেইবাবে আমি অহৰহঃ চেষ্টা কৰিছোঁ। কিন্তু আপোনাৰ নিচিনা অধৰমী ৰজা যেন পৃথিবীয়ে আৰু সৰহ দিন ভাৰ ববলৈ নাপায়। মই যদি সতী হওঁ, এই সমাজতে মই অভিসম্পাত দিছোঁ, আপোনাৰ নশ্বৰ দেহা অচিৰতে লয় প্ৰাপ্ত হৈ সদৌ আহোম ৰাজ্যৰ শ্ৰেষ্ঠ মঙ্গল সাধিত হওক।” ৰজাই আৰু ধৈৰ্য্য ধৰি থাকিব নোৱাৰিলে! তেওঁ ভাবিলে জয়মতী কুৱঁৰীক লাঞ্ছনা কৰিলে তেওঁৰ অকীৰ্ত্তি পৃথিবীত ৰৈ যাব। কিন্তু তেওঁৰ উপায় নাইকিয়া। তেওঁ এতিয়া থিৰাংকৈ বুজিব পাৰিলে যে গদাপাণিয়ে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে আৰু অচিৰতে কিবাস্বৰূপে তেওঁক ভাঙিবলৈ আয়োজন কৰিব। এতেকে গদাপাণি ক’ত আছে, সেই কথাৰ সম্ভেদ যেনে তেনে প্ৰকাৰে উলিয়াব লাগিব। এই সম্ভেদ ঘৈণীয়েকে নাজানিলে আনে নাজানে। এইবিলাক কথা ভাবি তেওঁ শেষ বাৰৰ নিমিত্তে জয়মতীক সুধিলে “তিৰোতা মানুহেৰে সৈতে বাক-বিতণ্ডা কৰিবলৈ মোৰ প্ৰয়োজন নাই। খাতাংকৈ কোৱা, তোমাৰ স্বামীৰ সন্ধান দিবা নে নিদিয়া।” জয়মতীয়ে তললৈ মুখ কৰি একো উত্তৰ নিদিলে। তেওঁ উত্তৰ পূৰ্ব্বতে দিছে—নতুনকৈ উত্তৰ দিবলৈ একো নাই। ৰজাই ভাবিলে, জয়মতীয়ে অলপ শাম কাটিছে, হয়তো স্বামীৰ [ ৩২ ] সন্ধান দিব পাৰে। তেওঁক শাৰিৰীক শাস্তি দিলে তেওঁ কিজানি সকলো কথা কৈ দিব। ৰজাই চাওদাং বৰুৱাক ওচৰলৈ মাতি আনি গোপনে কলে “জয়মনীক জেৰেঙালৈ নি শাস্তি দিব লাগে। যিমান দিনলৈকে স্বামীৰ সন্ধান নকয়, সিমান দিনলৈকে শাস্তি দি থাকিবা। কিন্তু তেওঁৰ প্ৰাণ বধ নকৰিবা।” চাওদাং বৰুৱাই সভাৰ মাজলৈ আহি ৰাজ আজ্ঞা শুনাই দিলে। তৎক্ষণাত দুজন চাওদাঙে জয়মতীক বান্ধি পেলালে। জয়মতীয়ে ৰজাৰ ফাললৈ কটাক্ষপাত নকৰি সমজুৱা সকলক সেৱা জনা ই চাওদাঙৰ লগত সভাৰ বাজ হৈ জেৰেঙামুৱা হল। চাওঁতে চাওঁতে ক’লা ডাৱৰে বেলিটো ঢাকি পেলালে। চৰাই বিলাকে ৰমলিয়াবলৈ ধৰিলে। ধুমুহা বতাহ আহি প্ৰজাবৰ্গৰ মনত বিভীষিকাৰ সঞ্চাৰ কৰিলে।
⸻
দ্বাদশ আধ্যা
—জেৰেঙাত জয়মতী—
জেৰেঙাত চাওদাঙে দিনে দিনে নতুন শাস্তি দিবলৈ ধৰিলে। চমতাৰে কোবালে, গাত চোৰাত আমৰলি মেলিলে। আৰু অনেক অমানুষিক অত্যাচাৰ কৰিবলৈ ধৰিলে। কিন্তু স্বামীৰ বাতৰি সুধিলে সতীয়ে একো নামাতে। অত্যাচাৰৰ পুঙ্খানুপুঙ্খ বৰ্ণনা আমি দিব নোৱাৰোঁ— হৃদয়ে কান্দিবলৈ ধৰে। সাতদিনৰ মূৰত গদাপাণিয়ে নগা পৰ্ব্বতত অহুকাণে[ ৩৩ ] পহুকাণে শুনিবলৈ পালে, যে জয়মতীক জেৰেঙাত অমানুষিক অত্যাচাৰ কৰিব লাগিছে। গদাপাণি থিৰে থাকিব নোৱাৰিলে। তেওঁ ছদ্মবেশেৰে জেৰেঙাত উপস্থিত হৈ স্বামীৰ বাতৰি কৈ প্ৰাণ ৰক্ষা কৰিবলৈ সতীক অনুৰোধ কৰিলে। সতীয়ে স্বামীক চিনিব পাৰি কপটীয়া ভেকাহিৰে তেওঁক পেপুৱা কৰিলে। সতীয়ে মাত লগালে- "য'ৰ মানুহ তলৈ যাব পায়। মই স্বামীৰ বাতৰি নকওঁ, বাটৰুৱাক কিহে কিলায়।” সতীয়ে যি যজ্ঞ পাতিছে, সেই যজ্ঞ অসম্পূৰ্ণ হব নেকি? সতীয়ে অলৌকিক তেজৰ দ্বাৰা গদাপাণিক অভিভূত কৰিলে; গদাপাণি নিমাত হল। ছদ্মবেশী গদাপাণিক আন কোনেও চিনিব নোৱাৰিলে। চিনাটো অসম্ভৱ। তেওঁ অতি কৌশলেৰে ছদ্মবেশ ধাৰণ কৰিছিল। মুখত কলা ৰহণ লগাইছিল। তাতে বিপদত আৰু বিষাদত খীণাই-শুকাই কঙ্কালসাৰ হল। সতীৰ আদেশত গদাপাণিয়ে মন্ত্ৰমুগ্ধ অৱস্থাত জেৰেঙা এৰি গুচি গল, কিন্তু সতীৰ বাক্যৰ অৰ্থ বুজি নাপালে। তেওঁ বুজিব নোৱাৰিলে, সতীৰ যজ্ঞ বূৰ্ণ হ'লে, মন্ত্ৰী ডাঙৰীয়া আৰু প্ৰজা সকলোৱে তেওঁক আহ্বান কৰি এদিন পাটত বহুৱাব; বুজিব নোৱাৰিলে, সতীৰ মৰমৰ লাই গোহাঁইদেও কালত ৰুদ্ৰসিংহ ৰজা হৈ অতুল প্ৰতাপ বিস্তাৰ কৰি সদৌ অসম ৰাজ্যক সোণাময় কৰি তুলিব; বুজিব নোৱাৰিলে, লৰা ৰজা নিজৰ দুষ্কৃতি ৰাশিৰ দ্বাৰ উদ্দীপিত বহ্নিত নিজে ভস্মীভূত হব; বুজিব নোৱাৰিলে, [ ৩৪ ] জঁয় পৰা আহোম ৰাজত্বৰ নব বিকাশ হৈ অসম ৰাজ্য সু-গোন্ধত আমোলমোল হ’ব; বুজিব নোৱাৰিলে, সতীয়ে নাৰীজাতিৰ উদ্ধাৰৰ অৰ্থে দেহত্যাগ কৰিবলৈ সঙ্কল্প কৰিছে। সতীৰ মহিমা বতাহৰ লগত দূৰ-দূৰণিলৈ ব্যাপৃত হ'ল। বতাহৰ ঢৌ উঠি বাগৰি বাগৰি আকাশ-মণ্ডলত খলকনি লাগিল। সতীৰ পাদ-পদ্ম যুগল দৰ্শনৰ অভিলাষ কৰি হেজাৰ হেজাৰ নৰনাৰী আহি জেৰেঙা ভৰি পৰিছে। জয়মতীয়ে নিদাৰুণ যন্ত্ৰৰ্ণা অকাতৰে সহ্য কৰি জগতক সতীত্বৰ অলৌকিক চানেকী দেখুৱালে। এইদৰে পোন্ধৰ দিন অতিবাহিত হ’ল। তথাপি সতীৰ প্ৰতিজ্ঞা অটল—তেওঁ স্বামীৰ সন্ধান কেতিয়াও নিদিয়ে। জয়মতীৰ প্ৰাণ বিয়োগ-ঘটিব বুলি চাওদাঙে নেজানিছিল। চাওদাঙে ভাবিলে, শেষত জয়মতীয়ে স্বামীৰ সম্ভেদ দিব— আৰু তেতিয়া হলে সিহঁতে ৰজাৰপৰা মূল্যবান বঁটা আৰু ডাঙৰ বিষয় বাব পাব। ৰজাৰ হুকুমো আছিল, জয়মতীৰ প্ৰাণ-বধ নকৰিব। কিন্তু সেয়ে ঘটি নুঠিল। ঈশ্বৰে জয়মতীৰ যজ্ঞ পৰিপূৰ্ণ কৰিলে। ইয়াৰ ভিতৰতে প্ৰজাবিলাকৰ মাজত হুলস্থুল লাগি পৰিছে। লৰা ৰজাৰ বিপক্ষে মুখ ফালি মানুহে কবলৈ সাহ নকৰে। কিন্তু ভিতৰি ভিতৰি বিদ্ৰোহ-বীজৰ কুঁহি গজিব লাগিছে। দেশত আউল লাগি পৰিছে। সতীৰ যজ্ঞ ফল সুনিশ্চিত। জেৰেঙাৰ অত্যাচাৰৰ আখ্যান সতীৰ নিজ মুখেৰে শুনি সকলোৱে জীৱন ধন্য কৰক[ ৩৫ ]
এদিন খপিলোঁ জেৰেঙা পথাৰত,
তেজেৰে ৰাঙলী নৈ।
দুদিন খপিলোঁ জেৰেঙা পথাৰত,
আছে পশু-পক্ষী ৰৈ॥
তিন দিন খপিলোঁ জেৰেঙা পথাৰত,
প্ৰজাগণ শোকতে বাউল।
চাৰি দিন খপিলোঁ জেৰেঙা পথাৰত,
ৰাজ্যত লাগিছে আউল॥
পাঁচ দিন খপিলোঁ জেৰেঙা পথাৰত,
চমটাত চিগি গল ছাল।
ছ দিন খপিলোঁ জেৰেঙা পথাৰত,
নাচিছে আগতে কাল॥
সাত দিন খপিলোঁ জেৰেঙা পথাৰত,
লৰা ৰজাৰ যশষ্যা ৰ'ল।
চন্দ্ৰ সূৰুযে নেদেখা বোৱাৰী,
জেৰেঙাত নাঙ্গঠা হ'ল॥
আঠ দিন খপিলোঁ জেৰেঙা পথাৰত,
দেখিছোঁ মৰণৰ ছাঁ।
ন দিন খপিলোঁ জেৰেঙা পথাৰত,
ফাটি গল সুকোমল গা॥
দহ দিন খপিলোঁ জেৰেঙা পথাৰত,
দেখিছে ত্ৰিদশ দেৱ।
দেৱী ভগৱতী, আজি জয়মতী
মনতে কৰিছোঁ সেৱ॥
এঘাৰ দিন খপিলোঁ জেৰেঙা পথাৰত,
মুখৰ মাত আহিছে হৰি।
ভকত বৈষ্ণৱক মাগিলোঁ বিদায়,
মনতে নমস্কাৰ কৰি॥
বাৰ দিন খপিলোঁ জেৰেঙা পথাৰত,
কাউৰীয়ে আৰাৱ কৰে।
তেৰ দিন খপিলোঁ জেৰেঙা পথাৰত,
মৰণে নাচোন ধৰে॥
চৈধ্য দিন খপিলোঁ জেৰেঙা পথাৰত,
চাপিছে কালৰে নাও।
এমেৰা ঘুৰিল ঐ কালৰে চকৰি
লৰা ৰজাই দেখিব ভাও॥
পোন্ধৰ দিন খপিলোঁ জেৰেঙা পথাৰত,
ললোঁ সৰগৰে বাট।
বিধতাৰ বাজি চাই যোৱাঁ আজি,
ভাৱৰীয়াই মেলিব নাট॥
⸻
ত্ৰয়োদশ আধ্যা
সতীৰ স্বৰ্গাৰোহণ।
ভাৱৰীয়াই কি নাট মেলিলে, বুৰঞ্জী-পাঠক মাত্ৰেই জানে। এনে নিদাৰুণ অত্যাচাৰৰ কাহিনী পৃথিবীত আজিলৈকে শুনিবলৈ পোৱা নাই। এনে ভীষণ চিতাৰ মাজৰপৰা সতীত্ব বহ্ণিৰ স্বৰ্গধাবিনী শিখা পৃথিবীত আজিলৈকে দেখিবলৈ পোৱা নাই। সতীৰ শেষ মুহূৰ্ত্তৰ অমৃতোপম কথা কেইষাৰি শুনি সকলোৱে আত্মাৰ পৰিতৃপ্তি কৰক।
হাবিতে হৰিণী কান্দে।
দুখনি হাততে শিকলি বান্ধে॥
মাঘত মলিয়ালে আমৰে মল।
কোনে নো বাধিব কালৰে ঢল॥
ডেমডেউকাৰে ঠাৰি।
মই নো তিৰীমতি অৱলা নাৰী॥
নৈৰে গৰাতে জাওঁ।
যমৰে টেকেলা চপোঁৱা নাও।
পানী পৰুৱাৰে শাৰী
বৰনৈৰ মাজে দি দিওঁ গৈ পাৰি॥
সৰগতে জ্বলে তৰা।
কাললৈ নুমালোঁ আজিৰেপৰা॥
[ ৩৯ ]
আকাশী গীত।
বসন্ত কালৰে আমৰে ডালি, নাচিছা কুলি কি শুৱনী।
নেদেখা-নুশুনা ভঙ্গিমা আজি দেখোৱা সৰগী নাচনী॥
এই নাচোনতে হালি-জালি নাচি শত নৰ-নাৰী ফুৰিছে।
আহিছা ধৰালৈ তুমিয়ে নে কুলি ত্ৰিদশ দেৱৰ পাচনি॥
মানবী সমাজ আউলি-বাউলি উঠে খলকনি বেমেলি
সৃষ্টি-ৰাগিনী হেঁচা পৰি আছে, নুশুনি এবেলি একণি।
কণ্ঠ তুলি কুলি ৰাগিনী গোৱা মানবী সমাজত আজি।
বুজিব এধানি মায়াৰ কাহিনী, বাতৰি শুনি ধৰণী॥
ছায়াময়ী মূৰ্ত্তিৰ অন্তৰ্দ্ধান।
মহাসতীৰ মহা প্ৰয়াণ মিলিল। ১৬০১ শকৰ ( ইং ১৬৭০ চন ) চতৰ ১৩ তাৰিখৰ দিনা জয়মতীৰ স্বৰ্গাৰোহণ হল।
⸻
চতুদশ আধ্যা
লৰা ৰজাৰ পতন—
লৰা ৰজাৰ উৎপাত যেতিয়াই আৰম্ভ হল, গদাপাণিয়ে পোন প্ৰথমে বগী পোহাৰীৰ ঘৰত আশ্ৰয় ললে। এওঁ জাতত মুছলমান আছিল। এওঁ গদাপাণিক নিৰ্ভয় দিলে আৰু ক’লে “আপুনি যে মোৰ ঘৰত আহি আছে হি, এই কথাৰ ফুট কোনো মানুহে নেপায়”। তেওঁ আতৌ-পুতৌকৈ [ ৪০ ] গদাপাণিক পাখীৰ আঁৰত আবৰি ৰাখিলে। ৰজাই বিচাৰি ফুৰা মানুহক আশ্ৰয় দিওঁতা লোক সতকাই নোলায়। ৰজাৰ চৰীয়াই পিঁয়া-পিঁ দি গদাপাণিক বিচাৰি ফুৰিছিল। ইমানতো বগী পোহাৰীয়ে তেওঁক থাকিবলৈ ঠাই দিলে। ধন্য বগী-পোহাৰী, তোমাৰ কীৰ্ত্তি অতুলনীয়! এই বগ পোহাৰীৰ নামেৰেই পাচত গদাধৰ সিংহই বগী দৌল নিৰ্ম্মাণ কৰিলে। গদাপাণিয়ে নগৰৰ ওচৰত থকাটো নিৰাপদ নহয় যেন ভাবি জয়মতীৰে পৰামৰ্শ কৰি নগা পৰ্ব্বতলৈ গল। জয়মতীৰ মৃত্যুৰ পাচত তেওঁ নগা পৰ্ব্বতৰপৰা ওলাই আহি ভটিয়াই যাবলৈ ধৰিলে। বোকাখাটৰ টঙা দলৈ দৈৱজ্ঞৰ ঘৰতো কিছু দিন আছিল। দলৈয়ে যত্ন কৰি তেওঁক ৰাখিছিল। তেওঁ গদাপাণিৰ ভবিষ্যৎ গণণা কৰি কলে “আপুনি ৰজা হ’ব লাগে”। তাৰপৰা গদাপাণি কলিয়াবৰ অভিমুখে যাত্ৰ৷ কৰিলে। শলাল গোহাঁইক লগ পাই তেওঁক সকলো বৃত্তান্ত ক’লে। শলাল গোহাঁয়ে কোৱঁৰক সাহ দিলে,আৰু নিজেও যৎপৰোনাস্তি সহায় কৰিম বুলি কলে। তাৰপৰা গৈ চান্দকুচীয়া বৰুৱাৰ ঘৰতো গদাপাণি কেইদিনমান থাকিল গৈ। গদাপাণিৰ বাইদেৱেক বাউলী আইদেও গুৱাহাটীৰ বন্দৰ বৰফুকনৰ ভাৰ্য্যা। গদাপাণিয়ে ভিনীহিদেৱেকৰ আগত উজনীৰ দুৰৱস্থাৰ বিবৰণ দিলে। বৰফুকনে মনত বৰ দুখ পালে আৰু গদাপাণিক লগত লৈ স-সৈন্যে উজনীৰ ফালে যাত্ৰা কৰিলে। [ ৪১ ] শলাল গোহাঁয়েও যিমান পাৰে সৈন্য-সামান্ত দি সহায় কৰিলে। ইপোনে ৰাজধানীৰ অৱস্থা অতীৱ শোচনীয় হৈ উঠিল। প্ৰজাৰ ধন-প্ৰাণ অব্যৱস্থিত-চিত্ত লৰা ৰজাৰ মইমতালিৰ ওপৰত নিৰ্ভৰ কৰিছিল। ভডা-ডাঙৰীয়া আৰু বিষয়া সকলোৱে লৰা ৰজাৰ বিপক্ষে যোগ দিলে। যেতিয়াই গদাপাণি সসৈন্যে গড়গাওঁলৈ আহিছে বুলি জানিব পাৰিলে, জুমে জুমে প্ৰজাবৃন্দ তেওঁৰ সৈন্য ভুক্ত হল। গড়গাওঁৰ ওচৰতে গদাপাণি আৰু লৰা ৰজাৰ সৈন্য ভেটাভেটি হ’ল। দুয়োদল দুফালে ৰণ কৰিবলৈ উদ্যত হ’ল। লৰা ৰজাই স্বয়ং ৰণৰ অধিনায়ক স্বৰূপে যুদ্ধ পৰিচালনা কৰিছিল। সিফালে গদাপাণি, বন্দৰ বৰফুকন আৰু শলাল গোহাঁই থিয় হৈ তেওঁবিলাকৰ সৈন্যবিলাকক উদগনি দিছিল ৷ চাওঁতে চাওঁতে গদাপাণিৰ সৈন্যৰ সংখ্যা শাওণমহীয়া ঢলৰ দৰে বাঢ়ি আহিল। লৰা ৰজাই গতি-গোত্ৰ দেখি বিভ্ৰাট গণিলে। তেনেতে তেওঁ জয়মতীৰ ছায়ামূৰ্ত্তি গদাপাণিৰ সৈন্য দলৰ ওপৰত আকাশ-মণ্ডলত দেখিবলৈ পালে! তেওঁ নিস্তেজ হৈ পৰিল। যুদ্ধ আৰম্ভ হ’ল, কিন্তু অলপ সময়তে লৰা ৰজাৰ সৈন্যদল ফৰিং-চিটিকা দি পলাবলৈ ধৰিলে। লগতে লৰা ৰজাও পলাই গা ৰক্ষা কৰিলে। ডাঙৰীয়া আৰু বিষয়া সকলোৱে গোট খাই গড়গাওঁৰ বৰচৰাতে ১৬০৩ শঁকৰ চ’ত মাহতে গদাপাণি কোঁৱৰক ৰজা পাতিলে। তেতিয়াৰেপৰা তেওঁৰ নাম গদাধৰ সিংহ হ’ল। ১৬০১ শঁকৰ চত মাহত [ ৪২ ] মহাসতী জয়মতীয়ে মহাপ্ৰয়াণ কৰিলে। আৰু ১৬০৩ শঁকৰ চ’ত মাহত তেওঁৰ স্বামী গদাধৰ সিংহ ৰাজপাটত উঠিল।
⸻
পঞ্চদশ আধ্যা।
——সতীৰ যজ্ঞ ফল——
গদাধৰ সিংহ ৰজা হৈ দেশৰ পৰম শত্ৰু লৰা ৰজাক আঁতৰালে। তেওঁক নামৰূপলৈ নি তাতে বধ কৰালে। জয়মতী-বধৰ প্ৰতিশোধ লব পাৰি গদাধৰ সিংহই নিজকে ধন্য মানিলে। তেওঁ জয়মতীৰ স্মৃতি উদ্দেশ্যে কৃতাঞ্জলি পুটে ঈশ্বৰৰ চৰণত প্ৰাৰ্থনা জনালে। দেশত শান্তি স্থাপিত হ’ল। লাই কোঁৱৰক যুৱৰাজ পাতিলে। গদাধৰ সিংহৰ আমোলত গোটেই দৰং ৰাজ্যৰ মাটি পিয়ল কৰোৱা হ’ল। তেওঁ বিশ্বনাথৰ দৌল বন্ধালে। ধোদৰ আলি, অকাঁৰ আলি, বৰবৰুৱা আলি, ফুকনৰ আলি, ৰহদৈ আলি, ৰহদৈ দৌল, খৰা গড়, দিজৈৰ শিলৰ সাঁকো, বগী দৌল আৰু পুখুৰী, ৰহদৈৰ শিলৰ সাঁকো, উমানন্দ দৌল এনেবিলাক সৎকাৰ্য্য কৰি গদাধৰ সিংহই আহোম ৰাজ্য সু-প্ৰতিষ্ঠিত কৰিলে। বিষয়া সকলৰ অন্যায় উপদ্ৰৱ গুচাই প্ৰজাৰ শান্তি বিধান কৰিলে। গদাধৰ সিংহৰ আহোম নাম চুপাত্ফা আছিল। তেওঁ ১৪ বছৰ সু-খ্যাতিৰে ৰাজত্ব কৰি ১৬৮৫ চনত স্বৰ্গী হল। তাৰ পাচত তেওঁৰ বৰ পুত্ৰ যুৱৰাজ লাই গোহাঁই [ ৪৩ ] দেও ৰাজপাটত উঠিল। তেওঁৰ আহোম নাম চুখ্ৰংফা আৰু হিন্দু নাম ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহৰ ৰাজত্বৰ বিষয়ে একো বহলাই নিলিখোঁ—তেওঁৰ কাহিনী লিখাটো আজি আমাৰ উদ্দেশ্য নহয়। কেৱল এটি কথাৰ উল্লেখ কৰিবৰ নিমিত্তে তেওঁৰ বিষয়ে দু-আষাৰি লিখিলোঁ। সেই কথা হৈছে, তেওঁৰ মাতৃ দেবীৰ কীৰ্ত্তি-চিন ৰখাটো। যিটো খুটাত বান্ধি জয়মতীক লৰা ৰজাই শাস্তি দিয়াইছিল, সেই ঠাইকে কেন্দ্ৰ কৰি তাতে নাগ বহুৱাই মহাৰাজ ৰুদ্ৰসিংহই ১৭০০ চনত জয়সাগৰ নামে পুখুৰী খনালে আৰু তাৰ পাৰতে জয়দৌল নামে দৌল বন্ধালে। বৰ্ত্তমান জয়সাগৰ পুণ্য-তীৰ্থ বুলি প্ৰসিদ্ধ! বছৰি চ’ত মাহত মহাসতী প্ৰয়াণৰ তিথিত অসমীয়া নৰ-নাৰী একত্ৰিত হৈ জয়মতী উৎসৱ পালন কৰে।
অন্যান্য কীৰ্ত্তি-কলাপৰ ভিতৰত সৰ্গদেও ৰুদ্ৰসিংহই ৰংপুৰ নগৰ আৰু কাৰেংঘৰ সজালে। আহোম গগনত মহাৰাজ ৰুদ্ৰসিংহ মধ্যাহ্ণ মাৰ্ত্তণ্ড!
—অন্ত—
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )