পৃষ্ঠা:মহাসতী জয়মতী.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
মহাসতী জয়মতী।


এদিন খপিলোঁ  জেৰেঙা পথাৰত,
 তেজেৰে ৰাঙলী নৈ।
দুদিন খপিলোঁ  জেৰেঙা পথাৰত,
 আছে পশু-পক্ষী ৰৈ॥
তিন দিন খপিলোঁ  জেৰেঙা পথাৰত,
 প্ৰজাগণ শোকতে বাউল।
চাৰি দিন খপিলোঁ জেৰেঙা পথাৰত,
 ৰাজ্যত লাগিছে আউল॥
পাঁচ দিন খপিলোঁ  জেৰেঙা পথাৰত,
 চমটাত চিগি গল ছাল।
ছ দিন খপিলোঁ জেৰেঙা পথাৰত,
 নাচিছে আগতে কাল॥
সাত দিন খপিলোঁ  জেৰেঙা পথাৰত,
 লৰা ৰজাৰ যশষ্যা ৰ'ল।
চন্দ্ৰ সূৰুযে  নেদেখা বোৱাৰী,
 জেৰেঙাত নাঙ্গঠা হ'ল॥
আঠ দিন খপিলোঁ  জেৰেঙা পথাৰত,
 দেখিছোঁ মৰণৰ ছাঁ।
ন দিন খপিলোঁ  জেৰেঙা পথাৰত,
 ফাটি গল সুকোমল গা॥