জয়মতী।—“হে মোৰ প্ৰাণকান্ত, মোৰ মনেৰে আপুনি
নামচাং পৰ্ব্বতলৈ যাওক। নামচাং নগা ৰজাৰে সৈতে
আহোম ৰজাৰ বিবাদ আছে। নামচাঙৰ নামনিত এটা লোণ
পুং আছে। আহোম ৰজাই তাকে দখল কৰিব খোজে।
নামচঙীয়া ৰজাই আপত্তি কৰাত উভয় পক্ষৰে ভিতৰত বিবাদ।
পিতাদেওৰ মুখে এই সকলো বাতৰি পাইছোঁ। লোণ পুঙত
এতিয়া কোনো পক্ষই কাম কৰা নাই—এনেই সি অকৰ্ম্মণ্য হৈ
পৰি আছে। তালৈ ৰজাৰ চৰীয়া যাব নোৱাৰে। আৰু
গলেও নামচঙীয়া ৰজাই আপোনাক এৰি নিদিয়ে। তেনেহলে
আহোম ৰজাই নামচঙীয়া ৰজাৰে ৰণ কৰিব লাগিব। সিমান
দূৰলৈকে আহোম ৰজাই আগ বাঢ়িব নে? আৰু এটা কথা।
নগ৷ পৰ্ব্বতলৈ আপুনি গৈছে বুলি ৰজাই ফুটকে নেপায়। শত্ৰু
ৰাজ্যলৈ আহোমৰ কোঁৱৰ এজন যাবলৈ সাহ কৰিব পাৰে বুলি
আহোম ৰজাই কেতিয়াও ভাবিব নোৱাৰে। তদুপৰি নামচঙীয়া
ৰজাই আপোনাক আশ্ৰয় দিলে কেতিয়াও আপোনাক প্ৰত্যৰ্পণ
নকৰে। আমাৰ মানুহে নগাক পৰ্ব্বতীয়া অসভ্য জাতি বোলে।
কিন্তু প্ৰকৃত বীৰত্ব যদি কৰবাত আছে, সিহঁতৰ গাত হে।
সিহঁতে যাক আশ্ৰয় দিব, হেজাৰ প্ৰলোভনতো সিহঁতে তেওঁক
পৰিত্যাগ নকৰে।”
গদাপাণি—“হে মোৰ হৃদয়েশ্বৰী, আজি তোমাৰ জ্ঞানৰ স্ফুৰণ হৈছে। মই জানোৱেই, বিপদত তিৰোতাৰ বুদ্ধিৰ