পৃষ্ঠা:মহাসতী জয়মতী.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
মহাসতী জয়মতী।


হুকুম, সেই কাম।” দোলাকাযৰীয়া বৰুৱাই দোলা আনি হাজিৰ কৰিলে। দোলা ভাৰীয়ে দোলা লৈ জয়মতীৰ হাউলিলৈ খোজ ললে। লগত কটকী গল।

দশম আধ্যা।

জয়মতীৰ মহাযাত্ৰা।

 দোলা আহি জয়মতীৰ ঘৰৰ সন্মুখত থিয় হল। জয়মতীয়ে মুহূৰ্ত্ততে ভবিষ্যতৰ বাতৰি পালে। তেওঁ এফেৰিও বিচলিত নহল–বৰং আগতকৈ অধিকতৰ ধৈৰ্যশীলা হল। কটকীয়ে কুৱঁৰীক সেৱা জনাই ৰাজ আজ্ঞা শুনালে। জয়মতীয়ে ধীৰ, গম্ভীৰভাৱে ৰাজ আজ্ঞা গ্ৰহণ কৰিলে। বাতৰি পাই চাৰিওফালৰপৰা অসংখ্য প্ৰজা ছাপি আহিল। বন্দী বেটী লাই, লেচাই আৰু পৰিয়ালৰ অন্যান্য সকলোৱে কান্দিবলৈ ধৰিলে। দোলাৰ লগত গায়ন-বায়ন আহিছিল। সিহঁতেও নেকান্দি নোৱাৰিলে। এই গায়ন-বায়নৰ গীত বাদ্য আনন্দ- উৎসৱ-ব্যঞ্জক নহয়। শ্মশানলৈ মৃতদেহ নিওঁতে যেনে গীত বাদ্য হয়, ইও সেই শ্ৰেণীৰ। কটকীয়ে ৰাজ আজ্ঞা শুনাওঁতে তেওঁৰ দুচকুৰপৰা দুটোপা চকুলো পৰিছিল। জয়মতীয়ে কিন্তু মৃত্যুলৈ ভয় কৰা নাই। তেওঁ জানিছিল, তেওঁৰ মৃত্যু সুনিশ্চিত। তেওঁ আৰু জানিছিল, তেওঁৰ স্বামী ক’ত লুকাই আছে, সেইটো কথা তেওঁক সুধিব। তেওঁ দৃঢ়প্ৰতিজ্ঞ হল।