পৃষ্ঠা:মহাসতী জয়মতী.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
মহাসতী জয়মতী।


তুলি লৈ দুয়োকো চুমা খালে, আৰু সহধৰ্ম্মিণীৰ মূৰত হাত দি আশীৰ্ব্বাদ কৰিলে। গদাপাণিয়ে ছদ্মবেশেৰে নগা পৰ্ব্বতৰ ঢালে খোজ ললে।

নৱম আধ্যা।

লৰা ৰজাৰ দুৰ্ম্মতি।

 লৰা ৰজাই ছাঁটোকে বাঘটো দেখা হল। মাজে মাজে বিনা কাৰণত উচাপ খাই থাকে। আৰু দেবেৰা বৰবৰুৱাৰ প্ৰেতাত্মাই তেওঁৰ লগ নেৰা হল। চাৰিওপোনৰপৰা চৰীয়া আহি সংবাদ দিলে হি – গদাপাণিক বিচাৰি পোৱা নাই। লৰা ৰজাই ভাবিলে – গদাপাণিক নেপালে মই ইমানবিলাক কোঁৱৰক মিছাতে আঁতৰ কৰিলোঁ। গদাপাণি হে দলপতি। তেওঁ যেনে বলিষ্ঠ আৰু সাহিয়াল, তেওঁ জীয়াই থাকেমানে মোৰ মনত শান্তি নাই। যেনে তেনে প্ৰকাৰে গদাপাণিক ধৰিবই লাগিব। তেওঁ চৰীয়াবিলাকক সুধিলে— “গদাপাণিৰ ঘৈনীয়েকক গিৰিয়েকৰ বাতৰি সুধিছিলি নে?” চৰীয়াই উত্তৰ দিলে— “আমি নানা প্ৰকাৰে সুধিলোঁ। জয়মতীৰ স্বামী কলৈ গল, কোনোপধ্যে নকয়।” তেতিয়া ৰজাই কটকীক কলে—“মই নিজেই জয়মতীক সুধি চাম। তোমালোক যোৱাঁ, জয়মতীক সভালৈ লৈ আহাঁগৈ। দোলা লৈ যোৱা। দয়-দস্তুৰেৰে আনিবা। কোনো প্ৰকাৰে জয়মতীক অপমান নকৰিবা।” যেই