পৃষ্ঠা:মহাসতী জয়মতী.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
মহাসতী জয়মতী।


দহ দিন খপিলোঁ জেৰেঙা পথাৰত,
 দেখিছে ত্ৰিদশ দেৱ।
দেৱী ভগৱতী, আজি জয়মতী
 মনতে কৰিছোঁ সেৱ॥
এঘাৰ দিন খপিলোঁ  জেৰেঙা পথাৰত,
 মুখৰ মাত আহিছে হৰি।
ভকত বৈষ্ণৱক মাগিলোঁ বিদায়,
 মনতে নমস্কাৰ কৰি॥
বাৰ দিন খপিলোঁ  জেৰেঙা পথাৰত,
 কাউৰীয়ে আৰাৱ কৰে।
তেৰ দিন খপিলোঁ জেৰেঙা পথাৰত,
 মৰণে নাচোন ধৰে॥
চৈধ্য দিন খপিলোঁ জেৰেঙা পথাৰত,
 চাপিছে কালৰে নাও।
এমেৰা ঘুৰিল ঐ কালৰে চকৰি
 লৰা ৰজাই দেখিব ভাও॥
পোন্ধৰ দিন খপিলোঁ  জেৰেঙা পথাৰত,
 ললোঁ সৰগৰে বাট।
বিধতাৰ বাজি চাই যোৱাঁ আজি,
 ভাৱৰীয়াই মেলিব নাট॥