পৃষ্ঠা:মহাসতী জয়মতী.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মহাসতী জয়মতী।

“তিৰোতাই বল নিদিলে অসাধাৰণ বল কোনো পুৰুষে পাব নোৱাৰে। এই কথা জানিবই লাগিব। কিন্তু তেনে তিৰোতা বাছি উলিওৱা বৰ টান।”

 এইদৰে গলা-গপা কৰি গদাপাণিয়ে বিয়া কৰিবৰ নিমিত্তে মন বান্ধিলে। উপযুক্ত তিৰোতাৰ ৰূপো তেওঁৰ মনত প্ৰতিভাত হ’ল। তেওঁ মনতে ভাবিলে “মোৰ নিমিত্তে জয়মতীয়েই উপযুক্ত ঘৈণী হ’ব—নহলে মোৰ বিয়া নহব। এলেবাং ছোৱালী এজনী বিয়া কৰিলে মোৰ সহায় নহৈ গলগ্ৰহ হে হ’ব।” কিন্তু এই কথা গদাপাণিয়ে কাৰো আগত বেকত নকৰিলে। সমাজ ভাঙি সকলো কোঁৱৰ ঘৰাঘৰি গ’ল।


—তৃতীয় আধ্যা—
পুঙা দলৈ।

 বিখ্যাত টঙা দলৈ দৈবজ্ঞৰ ঘৰ গোলাঘাট মহকুমাৰ বোকাখাট মৌজাত। তেওঁবিলাক জ্যোতিষ শাস্ত্ৰত প্ৰাজ্ঞ। টঙা দলৈ বুঢ়া মানুহ—ঘৰতে থাকি মানুহক দান দক্ষিণাৰ ব্যৱস্থা দিয়ে আৰু ভৱিষ্যৎ-বাণী কয়। আহোম ৰজা, ডাঙৰীয়া আৰু বিষয়া সকলোৱেই জ্যোতিষ বৰকৈ মানে। আন কি, ৰণ কৰিবলৈ হলেও খেণ-বাৰ চাই হে যাত্ৰা কৰে। ৰণ-থলীতো এজন দৈৱজ্ঞ থাকে। পুঙা দলৈ বাজত ফুৰি ফুৰি বিস্তৰ উপাৰ্জ্জন কৰিছিল। আজি তেওঁ বৰগোহাঁই ডাঙৰীয়াৰ