পৃষ্ঠা:মহাসতী জয়মতী.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মহাসতী জয়মতী।

যথেষ্ট আছিল। ভানুমতী জয়মতীৰ সম-বয়সীয়া। জয়মতীয়ে কেতিয়াবা ভানুমতীৰ লগ এৰি অকলে অকলে গছৰ তলত বহি কিবা ভাবি থাকে। ভানুমতীয়ে তেওঁৰ মনৰ কথাৰ গম লবলৈ বহুত চেষ্টা কৰিও কৃতকাৰ্য্য হব পৰা নাই। এইদৰে কাল অতিবাহিত হবলৈ ধৰিলে। জয়মতীৰ বয়স এতিয়া ১৯ বছৰ। জয়মতী এতিয়া পূৰ্ণ-যৌৱনা। এনে বয়সত ছোৱালী স্বভাৱতে ৰাংঢালী হয়, কিন্তু জয়মতীক বিপৰীত ভাৱাপন্ন দেখি এদিন ভানুমতীয়ে ভিতৰুৱাকৈ তেওঁৰে সৈতে আলাপ পাতিলে।

 ভানুমতী—আজি মই তোমাক এটা কথা সুধিবলৈ আগ বাঢ়িলোঁ৷ কিবা দোষ হলে ক্ষমা কৰিবা।

 জয়মতী—তোমাক মই ভাল পাওঁ, জানাই! যি কথা কব খুজিছা, অবাধে কবলৈ অনুমতি দিছোঁ।

 ভানুমতী—তোমাৰ মনটো সদায় এক-লেখীয়া দেখিছোঁ। আন ছোৱালীবিলাকৰ দৰে তুমি হাঁহি-মাতি নুফুৰাঁ৷ তোমাৰ নো অসন্তোষৰ কাৰণ কি থাকিব পাৰে?

 জয়মতী—মোৰ নিজৰ নিমিত্তে একো চিন্তা নাই। কিন্তু মই দেশৰ কথা ভাবি ভাবি ব্যাকুল হৈছোঁ। দেখা নাইনে, ডাঙৰীয়া আৰু বিষয়াবিলাকৰ ভিতৰত ইটে-সিটে দন্দ-খৰিয়াল, হিংসা-হিংসি। তাৰ ফলত ৰাজ্যত ভীষণ বিশৃঙ্খলা ঘটিছে। ৰজা প্ৰজাঁ কাৰো মনত শান্তি নাই। সকলো ফৈদৰ কোঁৱৰ-