পৃষ্ঠা:মহাসতী জয়মতী.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
মহাসতী জয়মতী।


মূৰত হাত দি আশীৰ্ব্বাদ কৰিলে। ইয়াৰ পাচত জয়মতীয়ে নিজৰ গৃহস্থালী কামলৈ গল। গদাপানিয়ে দেশৰ অৱস্থাৰ আও-ভাও বুজিবলৈ বাহিৰলৈ ওলাই গল।

সপ্তম আধ্যা।

লৰা ৰজাৰ বিভীষিকা।

 লৰা ৰজাৰ মানসিক অৱস্থা বৰ্ণনাতীত। যিবিলাক ৰজাৰ পূৰ্ব্বে অপমৃত্যু ঘটিছিল, তেওঁবিলাকৰ ছায়ামূৰ্ত্তি শয্যাত শুই থাকোঁতে ৰাতি চকুৰ আগতে দেখিবলৈ পালে! চুণ্যত্ফা ৰজা আৰু দেবেৰা বৰবৰুৱা দুয়োকে৷ ওচৰা-ওচৰিকৈ থিয় হৈ থকা দেখিলে। চুক্লন্‌ফা ৰজাক নৰিয়া-পাটিত পৰি থকা দেখিলে। আৰু তেওঁ কেঁকাই-গেঁথাই কোৱা শুনিলে হে প্ৰভু, এয়ে মোৰ মৃত্যু শয্যা হওক! অপঘাত মৃত্যুতকৈ এই মৃত্যু শতগুণে শ্ৰেয়ঃ।” চুহুং ৰজ৷ আৰু দেবেৰা বৰবৰুৱা দুয়োকো কোলাকুলি কৰা দেখিলে। গোবৰ ৰজাই উধবাহু হৈ দেবেৰা বৰবৰুৱাক অভিশাপ কৰা দেখিলে। চুজিন্‌ফা ৰজাক এচটা শিলত মূৰ আফালি থকা অৱস্থাত দেখিলে। চুদৈফা ৰজাৰ ভয়ঙ্কৰ মূৰ্ত্তি দেখিবলৈ পালে – ওচৰতে লালুক বৰফুকন আৰু ৰঙামাটিৰ নবাৱ থিয় দি আছিল। এবাৰ লৰা ৰজাই ডাঙৰীয়া আৰু বিষয়া সকলোৱেই তেওঁক বেৰি ধৰি আক্ৰমণ কৰিবলৈ অহা যেন