অপৰিসীম বিকাশ ঘটে। কিন্তু এটা কথা। আহোম ৰজাৰ
ক্ষমতা এতিয়াও অটুট হৈ আছে। তদুপৰি নগা ৰজা আৰু
আহোম ৰজাৰ মাজত শত্ৰুতা নাই— আছে কেৱল মনোমালিন্য।
আহোম ৰজাই কটকী পঠালে নগা ৰজাই আশ্ৰিতক এৰি
নিদিবও পাৰে—কিন্তু নগা ৰাজ্যত তেওঁক থাকিবলৈ ঠাই
নিদিব। সেয়ে হলেই আহোম ৰজাই মোক সহজে ধৰিব
পাৰিব। কিন্তু তোমাৰ উপদেশৰ পৰা মই এইটো সাৰ
কথা পালোঁ যে পলাবলৈ হলে নগা পৰ্ব্বতলৈ যাব লাগে।
কিন্তু সেই কথাৰ সম্ভেদ ৰাজ্যৰ কোনোৱে ফুটকে পাব নেলাগে।”
জয়মতী।—“ফলাফল যেনে কি হওক মোৰ মনে ধৰিছে, আপুনি নগা পৰ্ব্বতলৈ পলাই যাওক।”
গদাপানি।–“কিন্তু লৰা ৰজাই যদি মোক নেপাই তোমাক শাস্তি দিয়ে-”
জয়মতী।–“সেই নিমিত্তে আপুনি একো চিন্তা নকৰিব। লৰা ৰজা অধৰমী হলেও তেওঁ তিৰোতাৰ ওপৰত অত্যাচাৰ নকৰে।”
এইদৰে আলাপন কৰি গদাপাণিয়ে নগা পৰ্ব্বতলৈকে ছদ্মবেশেৰে পলাই যাবলৈ থিৰাং কৰিলে। জয়মতীয়ে হাত যোৰ কৰি চকুৰ দৃষ্টি সৰগলৈ পেলাই মনতে স্বামীৰ মঙ্গলাৰ্থে প্ৰাৰ্থনা জনালে। তাৰ পাচত স্বামীক দণ্ডৱৎ কৰি তেওঁৰ পদধূলি শিৰত ললে। গদাপাণিয়ে লাই আৰু লেচাইক কোলাত