পৃষ্ঠা:মহাসতী জয়মতী.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
মহাসতী জয়মতী।

বাধ্য কৰোৱাটো আপোনাৰ ন্যায় আৰু ধৰ্ম্ম সন্মত নে কি?” ৰজাই উত্তৰ দিলে “কিন্তু এয়ে ৰাজবিধি। ৰাজবিধি মতে কাৰ্য্য নকৰিলে মোৰ ৰাজ্য কেনেকৈ অটুট থাকিব? “জয়মতীয়ে ক’লে আহোম ৰাজ্য বহুকাল অটুট থাকক। সেইবাবে আমি অহৰহঃ চেষ্টা কৰিছোঁ। কিন্তু আপোনাৰ নিচিনা অধৰমী ৰজা যেন পৃথিবীয়ে আৰু সৰহ দিন ভাৰ ববলৈ নাপায়। মই যদি সতী হওঁ, এই সমাজতে মই অভিসম্পাত দিছোঁ, আপোনাৰ নশ্বৰ দেহা অচিৰতে লয় প্ৰাপ্ত হৈ সদৌ আহোম ৰাজ্যৰ শ্ৰেষ্ঠ মঙ্গল সাধিত হওক।” ৰজাই আৰু ধৈৰ্য্য ধৰি থাকিব নোৱাৰিলে! তেওঁ ভাবিলে জয়মতী কুৱঁৰীক লাঞ্ছনা কৰিলে তেওঁৰ অকীৰ্ত্তি পৃথিবীত ৰৈ যাব। কিন্তু তেওঁৰ উপায় নাইকিয়া। তেওঁ এতিয়া থিৰাংকৈ বুজিব পাৰিলে যে গদাপাণিয়ে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে আৰু অচিৰতে কিবাস্বৰূপে তেওঁক ভাঙিবলৈ আয়োজন কৰিব। এতেকে গদাপাণি ক’ত আছে, সেই কথাৰ সম্ভেদ যেনে তেনে প্ৰকাৰে উলিয়াব লাগিব। এই সম্ভেদ ঘৈণীয়েকে নাজানিলে আনে নাজানে। এইবিলাক কথা ভাবি তেওঁ শেষ বাৰৰ নিমিত্তে জয়মতীক সুধিলে “তিৰোতা মানুহেৰে সৈতে বাক-বিতণ্ডা কৰিবলৈ মোৰ প্ৰয়োজন নাই। খাতাংকৈ কোৱা, তোমাৰ স্বামীৰ সন্ধান দিবা নে নিদিয়া।” জয়মতীয়ে তললৈ মুখ কৰি একো উত্তৰ নিদিলে। তেওঁ উত্তৰ পূৰ্ব্বতে দিছে—নতুনকৈ উত্তৰ দিবলৈ একো নাই। ৰজাই ভাবিলে, জয়মতীয়ে অলপ শাম কাটিছে, হয়তো স্বামীৰ