পৃষ্ঠা:মহাসতী জয়মতী.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
মহাসতী জয়মতী


তেওঁ ঘূনাক্ষৰেও স্বামীৰ সন্ধান নিদিয়ে। তেওঁ এতিয়া ভাবলে –“মোৰ স্বামী পৰ্ব্বতত লুকাই আছে বুলি জানিব পাৰিলে তেওঁক বিচাৰি আহোম ৰজাই প্ৰত্যেক শিল চপৰাটোলৈকে একোজন মানুহ পঠাব। স্বামী নগা পৰ্ব্বতলৈ যোৱা কথা মই প্ৰাণ গলেও ব্যক্ত নকৰোঁ। হে হৰি!, মোৰ মনত বল দিবা। আজি জগতত দেখুৱাম, তিৰোতাৰ শক্তি কিমান। আহোম ৰমণীৰ মাহাত্ম্য জগতত ঘোষণা কৰিম”। এইদৰে তেওঁ নানা কথা আলচিবলৈ ধৰিলে। সেই মুহূৰ্ত্ততে যেন জয়মতীৰ মুখৰ বৰণৰ সলনি হল। তেওঁৰ জিভাত স্বয়ং সৰস্বতী অধিষ্ঠিত হল। তেও সুললিত কণ্ঠেৰে শেষ মেলানিৰ গীত আৰম্ভ কৰিলে। অগণন প্ৰজাবৰ্গই নিস্তব্ধহৈ শুনিবলৈ ধৰিলে।—

মোৰে বন্দী ঐ, মোৰে বেটী ঐ,
 বুজিবি কথাৰে ভাও।
আজি দুপৰীয়া ৰজাৰ চৰালৈ
 ডিঙি আগে কৰি যাওঁ॥
কাপোৰৰ পেটাৰি  লৈ আহ লিগিৰী,
 গড়ত থৈয়ে থৈয়ে কুটোঁ।
জনমলৈ আৰু  নেলাগে খনীয়া,
 মৰণৰ দোলাতে উঠোঁ।