পৃষ্ঠা:মহাসতী জয়মতী.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
মহাসতী জয়মতী।


একাদশ আধ্যা

ৰাজসভাত জয়মতী।

 জয়মতীয়ে নিঃশঙ্কোচে পোনে পোনে গৈ লৰা ৰজাৰ আগত থিয় হ’ল। যেন এটি আগ্নেয়গিৰি মাটি ফুটি আৱিৰ্ভূত হ’ল। সমজুৱা সকল তলমুৱা হ’ল। সকলোৰে মুখত মাত হৰিল। সভাঘৰ কাঁহ পৰি জিম গল। আগ্নেয়গিৰিৰ মুখৰ পৰা অগ্নি উদ্গীৰণ হ’ল :—

 “ধিক্ সৰ্গদেও, আপোনাৰ ৰাজত্বত ধিক্। চন্দ্ৰ সূৰ্য্য থাকে মানে আপোনাৰ গুণাৱলী পৃথিবীত ঘোষিত হব! ৰজাৰ বোৱাৰীক আনি আজি ৰাজসভাত থিয় কৰাইছে হি, ইয়াতকৈ কাপুৰুষালি আৰু কিবা হব পাৰে নে। আই বসুমতী, তুমি ফাট মেলি লৰাৰজাক সিংহাসনে সৈতে কিয় এতিয়াও ৰসাতললৈ নিয়া নাই?” লৰাৰজাই লাজ, অপমান আৰু খঙত একো নাইকিয়া হ’ল। গম্ভীৰভাৱে উত্তৰ দিলে “তোমাৰ স্বামী গদাপাণি কলৈ গল, এই কথাৰ সম্ভেদ লাগে। তাকে কৈ তুমি নিজৰ হাউলিলৈ উভতি যোৱাঁ। তুমি ৰাজসভাত এইদৰে মোক ককৰ্থনা কৰাটো অনুচিত। মোৰ ক্ষমতা কিমান, তুমি জনা নাই নে? তুমি তিৰোতা মানুহ, সেইদেখি হে তোমাক ক্ষম৷ কৰিছোঁ। কিন্তু তোমাৰ স্বামীৰ সন্ধান নিদিলে তুমি ৰক্ষা নোপোৱাঁ।” জয়মতীয়ে উত্তৰ দিলে “স্বামীৰ অহিত সাধন কৰিবলৈ তেওঁৰ সহধৰ্ম্মিণীক