পৃষ্ঠা:মহাসতী জয়মতী.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
মহাসতী জয়মতী।


গাৰ ঘুণ থাকিলে ৰজা হ’ব নোৱাৰে, - এই ৰীতি আহোম শাসনত বদ্ধমূল আছিল। প্ৰায়ে কাণৰ লতি এটা কাটি ঘুন লগোৱা হৈছিল আৰু তেওঁবিলাকক লাকুৱা অঞ্চলত একে ঠাইতে থাকিবলৈ দিলে। সততে চোৰাংচোৱাই তেওঁবিলাকৰ কাৰ্য্যবিধি পৰিবেক্ষণ কৰি থাকে। কিন্তু গদাপাণিক ৰজাৰ গুপ্তচৰে এতিয়ালৈকে ধৰিব পৰা নাই।

অষ্টম আধ্যা

গদাপাণিৰ আত্মৰক্ষাৰ মন্ত্ৰণা।

 গদাপাণিয়ে অস্থিৰ ভাৱে ঘৰৰ ভিতৰ সোমাল। ওচৰতে এখন আসন পাই তাতে চিন্তাকুলিতভাৱে বহি পৰিল। জয়মতীয়ে দেখা পাই লৰালৰিকৈ আহি কাষতে থিয় দিলে। গদাপাণিৰ মুখৰ আকৃতি দেখি তেওঁ নজনা বিপদ-পাতৰ আশঙ্কা কৰিলে। গদাপাণিয়ে কলে “হে প্ৰাণপ্ৰিয়ে,” মই যি হব বুলি আশঙ্কা কৰিছিলোঁ, সেয়ে ফলিয়াবলৈ ধৰিছে। লৰা ৰজাৰ ভীষণ উৎপাত আৰম্ভ হৈছে। কেইবা জনো কোঁৱৰক ছল- বুদ্ধি কৰি হত্যা কৰিলে। বহুতৰ কাণৰ লতি ছেদ কৰি ঘুনীয়া কৰিলে। মোক ধৰিবৰ নিমিত্তে চৰীয়া পঠাইছে। মই পলাই ফুৰিছোঁ। এতিয়৷ সুৰুঙা পাই তোমাক দেখা কৰি তোমাৰ পৰামৰ্শ লবলৈ আহিছোঁ। পলাই ফুৰাটো কাপুৰুষৰ লক্ষণ। সেই দেখি মই নিজে ধৰা দিম বুলি ভাবিছোঁ।”