পৃষ্ঠা:মহাসতী জয়মতী.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
8
মহাসতী জয়মতী।

বিলাকৰ চকুত টোপনি নাই—কাৰ পাল কেতিয়া আহে, তালৈকে বাট চাই ছট্‌ ফটাব লাগিছে। ৰজা হোৱাটোৱেই ভয়ৰ কাৰণ হৈছে। কোঁৱৰবিলাক সেই ভয়তে পেপুৱা লাগিছে। আজি যি জন কোঁৱৰক ৰজা পাতিব, কাইলৈ তেওঁৰ দশা কি হয়, কোনে জানে! এইবিলাক কাৰণতে মোৰ মন সদায় দোলায়িত। যেতিয়ালৈকে এই দেশত শান্তি নহয়, তেতিয়ালৈকে মোৰ মনত শান্তি নহয়, নহয়, নিশ্চয় জানিবা।

 ভানুমতী—সখী, তোমাৰ কিহৰ ভয়। তোমাৰ দেউতাৰাঁ বৰগোহাঁই—তেওঁৰ অখণ্ড প্ৰতাপ। তেওঁ হাত-দীঘল পুৰুষ! তেওঁৰ ভয়ত বনৰ বাঘো কঁপি থাকে!

 জয়মতী—সেয়ে তো ভয়ৰ কাৰণ। অখণ্ড প্ৰতাপ খণ্ড খণ্ড হবলৈ কেই দিন লাগিছে? দেবেৰা বৰবৰুৱাৰ অখণ্ড প্ৰতাপ নাছিল নে? তেওঁ চুন্যত্ ফা, চুহুং আৰু গোবৰ সৰ্গদেওক চক্ৰান্ত কৰি মাৰিলে। চুক্লন্‌ফা-সৰ্গদেও নৰিয়া পৰি মৰিল। নহলে দেবেৰা বৰবৰুৱাই তেওঁকো বিহ, খুৱাই নেমাৰিলেহেতেঁন বুলি কোনে কব পাৰে? পাচত সেই দেবেৰা বৰবৰুৱাকো আন আন ডাঙৰীয়া আৰু বিষয়াসকলে বধ নকৰিলে জানো! এতেকে দেউতাৰ অখণ্ড প্ৰতাপৰ কথা সুৱঁৰি মোৰ মনত বিভীষিকা উপস্থিত হৈছে৷ সেইটো সেই–তাৰ উপৰি প্ৰজাৰ বিলৈ দখি পানীতো হাহঁ নচৰা হৈছে। মই কেনেকৈ থিৰে থাকো? সখী, এটা উপায় দিয়াচোন, মোৰ মনটো কেনেকৈ থিৰ হয়।