পৃষ্ঠা:মহাসতী জয়মতী.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মহাসতী জয়মতী।

 

দ্বিতীয় আধ্যা।
গদাপাণিৰ বিয়াৰ আলোচনা

 তুংখুঙীয়া ফৈদৰ গোবৰ ৰজাৰ পুতেক লাঙি গদাপাণি। তেওঁৰ বয়স এতিয়া ২৫ বছৰ। তেওঁ শকত-ডাঙৰ বাহুবলী আছিল। তেওঁৰ গাত খতি-খুন নাছিল। তেওঁ হৃষ্ট-পুষ্ট আৰু বলৱন্ত আছিল। আন আন কোঁৱৰবিলাকৰ মাজত থিয় দিলে, লাপিলুপা আওকাঠৰ মাজত এডাল শাল গছ জিলিকিছে, তেওঁক এনে হেন দেখা গৈছিল। তেওঁকেই সকলোৱে দলপতি বুলি মানি লৈছিল। এদিন তেওঁৰ চকুৱে যেন ফিৰিঙতি হে ওলাইছিল। লগৰীয়াবিলাকে উচাপ খালে। এজনে আগ বাঢ়ি তেওঁক সুধিলে—“আজি তোমাৰ বৰ খং উঠিছে যেন দেখিছোঁ। কি হৈছে?” গদাপাণিয়ে কলে —“মোৰ দেউতাৰ কেনেকৈ মৃত্যু হ’ল, তোমালোকে জানা। মোৰ চকুত যি কুৰা জুই দেখিছা, সেই জুই প্ৰতিহিংসাৰ জুই! মই যেতিয়াকৈলে প্ৰতিহিংসা লব নোৱাৰোঁ আৰু দেশৰ শৃঙ্খলা ঘটাব নোৱাৰোঁ, তেতিয়ালৈকে এই কুৰা জুই মোৰ চকুৰ আগত দেখিবা।” লগৰীয়া কোৱঁৰে কলে “তুমি অকলৈ কেনেকৈ প্ৰতিহিংসা লবা”? গদাপাণিয়ে কলে “লগ নো ক’ত পাওঁ তাকে ভাবি উলিয়াব পৰা নাই। তেতিয়া দুয়োৰো ভিতৰত এইদৰে আলাপন