পৃষ্ঠা:মহাসতী জয়মতী.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
মহাসতী জয়মতী।

বাঘৰ মূৰ্ত্তি যেন দেখা গৈছে; কেতিয়াবা ভালুক, ঘোং, দৈত্য- দানৱ, ৰাক্ষস আদি ভয়ঙ্কৰ মূৰ্ত্তি মই চকুৰ আগতে দেখিবলৈ পাইছোঁ। নানা প্ৰকাৰ ভূত-প্ৰেত, পিশাচ আদি দেখি মোৰ মনত আশঙ্কা উপজিছে।

 জয়মতী।—হে নাথ, আপুনি এনে অমঙ্গলীয়া কথা কিয় কৈছে? মোৰ নিচিনা সতী তিৰোতা থাকোঁতে আপোনাৰ বিপদ হব পাৰে নে? সাবিত্ৰীয়ে সত্যবানক যমৰ হাতৰ মুঠিৰ পৰাও উদ্ধাৰ কৰি আনিলে। ময় একনিষ্ঠভাৱে ঈশ্বৰ-পৰায়ণ হৈ অত দিন আপোনাৰ মঙ্গল কামণা কৰি আহিছোঁ।

 গদাপাণি।—হে মোৰ প্ৰাণসমা সতী, তোমাৰ কথাত মই মুগ্ধ হৈছোঁ। তোমাৰ বলতেই মই বল পাইছোঁ। তোমাৰ বুদ্ধি পৰামৰ্শ মতে মই সকলো কাম কৰিম। তুমি স্বৰ্গীয় আদেশ পাই মোক যি কৰিবলৈ কোৱা, মই তাকে কৰিম।

 এইদৰে দুয়ো আলাপ কৰাৰ পাচত গদাপাণি বহু দূৰ আশ্বস্ত, হল। জয়মতীয়ে তেওঁক নিৰ্ভয় দিলে আৰু প্ৰতিজ্ঞা কৰিলে— “মোৰ নিজৰ প্ৰাণ উছৰ্গা কৰি আপোনাক ৰক্ষা কৰিম। মোৰ নিজৰ প্ৰাণৰ মূল্য একো নাই। আপুনি যদি ঈশ্বৰৰ ইচ্ছাত ৰজা হয়, তেনেহলে ৰাজ্যৰ বিশৃঙ্খলা গুচিব আৰু পাচত লাই আৰু লেচাইলৈ বাট মুকলি হব। এই কথা কৈয়েই জয়মতীয়ে পতিৰ চৰণত সেৱা কৰিলে। গদাপাণিয়ে জয়মতীৰ