পৃষ্ঠা:মহাসতী জয়মতী.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
মহাসতী জয়মতী।

জয়মতীয়ে গম্ভীৰভাৱে কলে “হে প্ৰাণবল্লভে” আপুনি কিয় তেনে কথা কয়। নিজৰ প্ৰাণৰ নিমিত্তে কাতৰ হৈ পলোৱাটো বেয়া হব পাৰে। কিন্তু মই জানো, আপুনি স্বাৰ্থান্ধ নহয়। মই আপোনাৰ চিৰ-লগৰী দাসী আছোঁ। লাই আৰু লেচাই দুটি অজান বালক আছে। নিজৰ পৰিয়ালৰ প্ৰতি আপোনাৰ কৰ্ত্তব্য আছে। আপুনি ধৰা দিলে আমাৰ কি গতি হব আৰু আহোম ৰাজ্যৰে বা কি দশা হব। আমি মনতে যি সঙ্কল্প কৰিছোঁ, সেই সঙ্কল্প কাৰ্য্যত পৰিণত কৰিবলৈ অহোপুৰুষাৰ্থ কৰিব লাগে। আপোনাৰ নিচিনা সৰ্ব্বগুণী কোঁৱৰক লৰা ৰজাই ধৰা পেলাব পাৰিলে পোতাশালত বন্দী কৰিয়েই সন্তুষ্ট নেথাকে বা অঙ্গক্ষত কৰিয়েই এৰি নিদিয়ে। আপোনাৰ নিশ্চয় প্ৰাণহানি কৰিব। এই যে ধুমুহা মাৰিছে, ই সৰহ দিন নাথাকে। যেতিয়া ধুমুহাই শাম কাটিব, তেতিয়া আপুনি গুপ্ত স্থানৰ পৰা উভতি আহিব পাৰিব। লৰা ৰজাৰ এনে অত্যাচাৰত বহু প্ৰজা আৰু বিষয়া তেওঁৰ বিপক্ষে বিদ্ৰোহী হব। আপুনি সেইবিলাকেৰে যোগ হৈ ভিনীহিদেৱেকৰ সহায় লব পাৰিব। আপুনি নিশ্চয় ৰাজপাটত বহিব পাৰিব। ম‍ই মানস-দাপোণত এইবিলাক ভবিষ্যৎ বাতৰি ফৎফটীয়াকৈ দেখিবলৈ পাইছোঁ।”

 গদাপাণি।—হে প্ৰাণ প্ৰিয়ে, সেই দেখি হে মই তোমাৰ উপদেশ লবলৈ হেবাথৰি খাই আহিছোঁ। কিন্তু পলাই জানো সাৰিব পাৰিম? ৰজাৰ চৰীয়াই চাৰিও পিনে পিঁয়াপিঁ দিছে।