পৃষ্ঠা:মহাসতী জয়মতী.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
মহাসতী জয়মতী।


 পহুকাণে শুনিবলৈ পালে, যে জয়মতীক জেৰেঙাত অমানুষিক অত্যাচাৰ কৰিব লাগিছে। গদাপাণি থিৰে থাকিব নোৱাৰিলে। তেওঁ ছদ্মবেশেৰে জেৰেঙাত উপস্থিত হৈ স্বামীৰ বাতৰি কৈ প্ৰাণ ৰক্ষা কৰিবলৈ সতীক অনুৰোধ কৰিলে। সতীয়ে স্বামীক চিনিব পাৰি কপটীয়া ভেকাহিৰে তেওঁক পেপুৱা কৰিলে। সতীয়ে মাত লগালে- "য'ৰ মানুহ তলৈ যাব পায়। মই স্বামীৰ বাতৰি নকওঁ, বাটৰুৱাক কিহে কিলায়।” সতীয়ে যি যজ্ঞ পাতিছে, সেই যজ্ঞ অসম্পূৰ্ণ হব নেকি? সতীয়ে অলৌকিক তেজৰ দ্বাৰা গদাপাণিক অভিভূত কৰিলে; গদাপাণি নিমাত হল। ছদ্মবেশী গদাপাণিক আন কোনেও চিনিব নোৱাৰিলে। চিনাটো অসম্ভৱ। তেওঁ অতি কৌশলেৰে ছদ্মবেশ ধাৰণ কৰিছিল। মুখত কলা ৰহণ লগাইছিল। তাতে বিপদত আৰু বিষাদত খীণাই-শুকাই কঙ্কালসাৰ হল। সতীৰ আদেশত গদাপাণিয়ে মন্ত্ৰমুগ্ধ অৱস্থাত জেৰেঙা এৰি গুচি গল, কিন্তু সতীৰ বাক্যৰ অৰ্থ বুজি নাপালে। তেওঁ বুজিব নোৱাৰিলে, সতীৰ যজ্ঞ বূৰ্ণ হ'লে, মন্ত্ৰী ডাঙৰীয়া আৰু প্ৰজা সকলোৱে তেওঁক আহ্বান কৰি এদিন পাটত বহুৱাব; বুজিব নোৱাৰিলে, সতীৰ মৰমৰ লাই গোহাঁইদেও কালত ৰুদ্ৰসিংহ ৰজা হৈ অতুল প্ৰতাপ বিস্তাৰ কৰি সদৌ অসম ৰাজ্যক সোণাময় কৰি তুলিব; বুজিব নোৱাৰিলে, লৰা ৰজা নিজৰ দুষ্কৃতি ৰাশিৰ দ্বাৰ উদ্দীপিত বহ্নিত নিজে ভস্মীভূত হব; বুজিব নোৱাৰিলে, 

[ ৩ ]