পৃষ্ঠা:মহাসতী জয়মতী.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মহাসতী জয়মতী।

ঘৰৰ ফালে মুখ কৰিলে। হাউলিৰ ভিতৰ সোমাল। বাহিৰৰ ফুলনীত জয়মতী আৰু ভানুমতীয়ে কথা পাতি আছিল। ভানুমতীয়ে পাচত আহিম বুলি কৈ ৰাতিপুৱাই ঘৰলৈ গৈছিল। সেই কথা মতে এতিয়া আহি জয়মতীক ফুলনীত দেখা পাই তালৈকে আহি দুয়ো লগ হ’ল। তেনে সময়তে দলৈক দেখি ভানুমতীয়ে মাতিলে। ভানুমতীয়ে ক’লে “দলৈ, মোৰ সখীৰ মনটো কিছু দিনৰপৰা বিৰস। আপুনি পুথি-পাঁজি চাই কি কৰিব লাগে, অনুগ্ৰহ কৰি কৈ দিয়কচোন”? দলৈয়ে পুথি-পাঁজি মেলি কিবাকিবি চালে। তাৰ পাচত গহীনাই ক’লে—“আইদেওৰ সোনকালে লিখা আছে। তেওঁৰ স্বামীৰ ৰজা হোৱা যোগ আছে। আইদেৱে সতী সাধ্বী হৈ পৃথিবীত যুগমীয়া কীৰ্ত্তি ৰাখিব। আইদেও সকল, এতিয়া মই ডাঙৰীয়াৰ ঘৰৰ ভিতৰলৈ যাওঁ। আজি এটি গ্ৰহ-যজ্ঞ কৰিব লাগে। সেই দেখি হে আহিছো”। এই কথা কৈ দলৈয়ে জয়মতীৰ ঘৰৰ ফালে খোজ ললে।

 ভানুমতীয়ে ৰাতিপুৱা জয়মতীক এৰি যোৱাৰ পাচত জয়মতীয়ে নিজে নিজে বিয়াৰ বিষয়ে আলোচনা কৰি ভানুমতীৰ প্ৰস্তাৱত সাৰবত্তা আছে বুলি ধৰি ল’লে। ভানুমতীয়ে আগৰ দৰে সখীয়েকৰ মুখ গহীন নেদেখিলে। মনটোও উলাহৰ মাদলি দেখা নগল। ভানুমতীয়ে মনতে ভাবিলে “সখীয়ে বিয়া নকৰোৱাটোকে থিৰাং কৰিলে নেকি! কিন্তু তেওঁৰ মুখখন