পৃষ্ঠা:মহাসতী জয়মতী.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
মহাসতী জয়মতী।


 বৰাগীৰ গীত শুনি ডাঙৰীয়া আৰু আইকুৱঁৰীদেৱে বৰ তৃপ্তি পালে, আৰু তেওঁক যথোচিত পুৰস্কাৰ দিলে। বৰাগীয়ে মেলানি মাগি নিজ ঘৰলৈ খোজ ললে। ডাঙৰীয়া আৰু আইকুৱঁৰীদেৱে বিয়াৰ যোগাৰ কৰিবলৈ বুলি ভিতৰ সোমাল। জয়মতীয়ে মনে মনে ভাবিলে – “বৰাগীৰ গীতত বহুত কথা লুকাই আছে। দম্পতিৰ ভিতৰত এজনাক নিষ্ঠুৰ কালে হৰি নিয়ে। এয়ে মোৰ নিজৰ জীৱনৰ কাহিনী নে কি? দুটিৰ এটি বুলি অৱশ্যে মোৰ স্বামীক বুজাইছে। দলৈয়ে তেওঁৰজা হব বুলি ভবিষ্যৎ-বাণী কৈছে। তেওঁ ৰজা হলে তেওঁকো মোৰ পৰা শতুৰু কালে হৰি নিব নে কি? মোৰ জীৱন উছৰ্গা কৰি মই মোৰ স্বামীক ৰক্ষা কৰিম। যদি মই সতী সাধ্বী হওঁ, তেনেহলে মই ৰক্ষা কবচ হৈ স্বামীক সদায় বিপদৰপৰা নিলগত ৰাখিম। নিজৰ দেশৰ নিমিত্তে মোৰ এই ক্ষুদ্ৰ প্ৰাণ বলি দিম। হে ঈশ্বৰ! তুমি মোৰ সহায় থাকিবা”।

পঞ্চম আধ্যা।

জয়মতী আৰু গদাপাণিৰ চক্‌লং-বিয়া।

 আজি জয়মতীৰ বিয়া। নিমন্ত্ৰিত লোকসকল দলে দলে আহিছে। খেলে খেলে শাৰী পাতি বহিছে আৰু খেলে খেলে জলপান দিহা চলিছে। তিৰোতা সকলে বিয়া নাম গাই গোটেই ঘৰ মুখৰিত কৰিছে। গায়ন ঢুলীয়াই গীত বাদ্যৰ দ্বাৰা