পৃষ্ঠা:মহাসতী জয়মতী.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
মহাসতী জয়মতী।


মই পাতনি মেলিছোঁ, তাৰ কাৰণ কব খুজিছোঁ। মই সাংসাৰিক ভোগবিলাসৰ নিমিত্তে তোমাৰে সৈতে সংযুক্ত হোৱা নাই। আৰু মই বঢ়িয়াকৈ বুজিছোঁ তোমাৰ মনতো কোনো স্বাৰ্থপৰতা আৰু সঙ্কীৰ্ণ পাৰ্থিৱতা নাই। আমাৰ দুয়োৰো আশা আকাঙ্ক্ষা একেই। কিন্তু আমাৰ সংঙ্কল্পৰ সংসিদ্ধিৰ নিমিত্তে এফেৰিমানো আগুৱাব পাৰিছোঁ নে? ৰাজ্য ছিগি-ভাগি গৈছে। কাৰ কেতিয়া মৰণ মিলে, কোনেও ক’ব নোৱাৰে। চুন্যত্‌ফা ৰজাক দেবেৰা বৰবৰুৱাই বিহ খুৱাই মাৰিলে। চুক্লন্‌ফাৰ ভাগ্যক্ৰমে স্বাভাৱিক মৃত্যু ঘটিল——নহলে তেওঁৰো এনে দশাই মিলিলহেতেঁন। চামগুৰীয়া ফৈদৰ চুহুং ৰজাকো দেবেৰা বৰবৰুৱাই বিহু খুৱাই বধিলে। মোৰ পিতাদেওৰ শোচনীয় পৰিণামৰ কথা ক’ব খুজিলে বুকু ফাটি যাব খোজে। বুঢ়াগোহায়ে চুজিন্‌ফা ৰজাৰ চকু কঢ়ালে–সেই বেজাৰতে তেওঁ শিলত মূৰ আফালি আপোনঘাতী হ’ল। চুদিফা ৰজাকো চক্ৰান্ত কৰি বধ কৰা হ’ল এতিয়৷ চুলিক্‌ফা ৰজা হৈছে। তেওঁ লৰা মানুহ—ডাঙৰীয়া আৰু বিষয়াসকলৰ হাতৰ পুতলা। সেই দেখি মই ধূৰুপ জানিছোঁ, তেওঁৰ আমোলত প্ৰজাবৰ্গ আৰু কোঁৱৰসকলৰ নানা প্ৰকাৰ দুৰ্গতি ঘটিব। মই অসম-আকাশত এচমকা ক’লা ডাৱৰ দেখিছোঁ। চাওঁতে চাওঁতেই সি লাহে লাহে বহলি গৈছে। ডাৱৰবিলাক লাহে লাহে সিঁচৰতি হৈ পৰিছে। সেইবিলাকে নানা প্ৰকাৰ মূৰ্ত্তি ধাৰণ কৰিছে। কেতিয়াবা

২ ]