পৃষ্ঠা:মহাসতী জয়মতী.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
মহাসতী জয়মতী।


জঁয় পৰা আহোম ৰাজত্বৰ নব বিকাশ হৈ অসম ৰাজ্য সু-গোন্ধত আমোলমোল হ’ব; বুজিব নোৱাৰিলে, সতীয়ে নাৰীজাতিৰ উদ্ধাৰৰ অৰ্থে দেহত্যাগ কৰিবলৈ সঙ্কল্প কৰিছে। সতীৰ মহিমা বতাহৰ লগত দূৰ-দূৰণিলৈ ব্যাপৃত হ'ল। বতাহৰ ঢৌ উঠি বাগৰি বাগৰি আকাশ-মণ্ডলত খলকনি লাগিল। সতীৰ পাদ-পদ্ম যুগল দৰ্শনৰ অভিলাষ কৰি হেজাৰ হেজাৰ নৰনাৰী আহি জেৰেঙা ভৰি পৰিছে। জয়মতীয়ে নিদাৰুণ যন্ত্ৰৰ্ণা অকাতৰে সহ্য কৰি জগতক সতীত্বৰ অলৌকিক চানেকী দেখুৱালে। এইদৰে পোন্ধৰ দিন অতিবাহিত হ’ল। তথাপি সতীৰ প্ৰতিজ্ঞা অটল—তেওঁ স্বামীৰ সন্ধান কেতিয়াও নিদিয়ে। জয়মতীৰ প্ৰাণ বিয়োগ-ঘটিব বুলি চাওদাঙে নেজানিছিল। চাওদাঙে ভাবিলে, শেষত জয়মতীয়ে স্বামীৰ সম্ভেদ দিব— আৰু তেতিয়া হলে সিহঁতে ৰজাৰপৰা মূল্যবান বঁটা আৰু ডাঙৰ বিষয় বাব পাব। ৰজাৰ হুকুমো আছিল, জয়মতীৰ প্ৰাণ-বধ নকৰিব। কিন্তু সেয়ে ঘটি নুঠিল। ঈশ্বৰে জয়মতীৰ যজ্ঞ পৰিপূৰ্ণ কৰিলে। ইয়াৰ ভিতৰতে প্ৰজাবিলাকৰ মাজত হুলস্থুল লাগি পৰিছে। লৰা ৰজাৰ বিপক্ষে মুখ ফালি মানুহে কবলৈ সাহ নকৰে। কিন্তু ভিতৰি ভিতৰি বিদ্ৰোহ-বীজৰ কুঁহি গজিব লাগিছে। দেশত আউল লাগি পৰিছে। সতীৰ যজ্ঞ ফল সুনিশ্চিত। জেৰেঙাৰ অত্যাচাৰৰ আখ্যান সতীৰ নিজ মুখেৰে শুনি সকলোৱে জীৱন ধন্য কৰক-