পৃষ্ঠা:মহাসতী জয়মতী.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
মহাসতী জয়মতী।

দেও ৰাজপাটত উঠিল। তেওঁৰ আহোম নাম চুখ্ৰংফা আৰু হিন্দু নাম ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহৰ ৰাজত্বৰ বিষয়ে একো বহলাই নিলিখোঁ—তেওঁৰ কাহিনী লিখাটো আজি আমাৰ উদ্দেশ্য নহয়। কেৱল এটি কথাৰ উল্লেখ কৰিবৰ নিমিত্তে তেওঁৰ বিষয়ে দু-আষাৰি লিখিলোঁ। সেই কথা হৈছে, তেওঁৰ মাতৃ দেবীৰ কীৰ্ত্তি-চিন ৰখাটো। যিটো খুটাত বান্ধি জয়মতীক লৰা ৰজাই শাস্তি দিয়াইছিল, সেই ঠাইকে কেন্দ্ৰ কৰি তাতে নাগ বহুৱাই মহাৰাজ ৰুদ্ৰসিংহই ১৭০০ চনত জয়সাগৰ নামে পুখুৰী খনালে আৰু তাৰ পাৰতে জয়দৌল নামে দৌল বন্ধালে। বৰ্ত্তমান জয়সাগৰ পুণ্য-তীৰ্থ বুলি প্ৰসিদ্ধ! বছৰি চ’ত মাহত মহাসতী প্ৰয়াণৰ তিথিত অসমীয়া নৰ-নাৰী একত্ৰিত হৈ জয়মতী উৎসৱ পালন কৰে।

 অন্যান্য কীৰ্ত্তি-কলাপৰ ভিতৰত সৰ্গদেও ৰুদ্ৰসিংহই ৰংপুৰ নগৰ আৰু কাৰেংঘৰ সজালে। আহোম গগনত মহাৰাজ ৰুদ্ৰসিংহ মধ্যাহ্ণ মাৰ্ত্তণ্ড!


—অন্ত—