পৃষ্ঠা:মহাসতী জয়মতী.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

মহাসতী জয়মতী

প্ৰথম আধ্যা
জয়মতীৰ বাল্যাৱস্থা

 এতিয়া জয়মতীয়ে ১০ বছৰ বয়সত ভৰি দিলে। জয়মতী মাদুৰিয়াল লাইথেপেনা বৰগোহাঁইৰ জীয়েক। তেওঁৰ মাতৃদেবী কুৱৈঁগঞা লেচাই বুঢ়াগোহাঁইৰ জীয়েক চন্দ্ৰাদাৰু। জয়মতী দিনেক দিনে শুক্লপক্ষৰ চন্দ্ৰকলাৰ দৰে বাঢ়িবলৈ ধৰিলে। আজিকালি যাক সুন্দৰী বোলে, জয়মতী তেনে সুন্দৰী নাছিল। তেওঁ কথাছবিৰ নায়িকা মনোনীত নহব পাৰে। তেওঁ “ছাঁতে শুকোৱা, মুঠিতে লুকোৱা” নাছিল। তেওঁ খোজত উজটি খাই পৰিব নেখোজে। তেওঁ চেচুকৰ ডেমডেউকাৰ দৰে মৃদু বতাহতে হলি নপৰে৷ তেওঁ ফুলনীত ফুৰোঁতে, মানুহে তেওঁক পখিলা বুলি ভ্ৰম নকৰিব পাৰে। কিন্তু জয়মতীৰ যি সৌন্দৰ্য্য, সেই সৌন্দৰ্য্য নিশ্চয় অপাৰ্থিৱ। সেই বয়সতে তেওঁক দেখিলে সহজেই সৰ্ব্বসাধাৰণে অনুমান কৰিব পাৰিছিল যে তেওঁ ভবিষ্যৎ জীৱনত এগৰাকী মহীয়সী তিৰোতা হ’ব। তেওঁৰ শৰীৰ নিপোটল, হাত-ভৰি থুলন্তৰ আছিল। তেওঁ যেতিয়াই