ভানুমতী—সখী, তুমি কোৱা কথাবিলাক সকলো সচাঁ। মই নেজানিম কেলৈ। কিন্তু তুমি সেইবিলাক কথা ভাবি কেনেকৈ পাৰ পাবা? তুমি এতিয়া ভৰ-গাভৰু—এঠাইত বিয়াখন পাতি গৃহ-বাস কৰিলেই তোমাৰ মন সুস্থিৰ হ’ব।
জয়মতী—দেশৰ এনে দুৰ্দ্দিনত নো বিয়াৰ কথা ভাবিব লাগে নে? এইবিলাক তুমি কি বেবেৰিবাং কথা কৈছা?
ভানুমতী—সখী, তুমি যদি দেশৰ নিমিত্তে কিবা কৰিব পাৰাঁ, তেতিয়া হে কৰিব পাৰিবা। তোমাৰ স্বামী নিশ্চয় এজন সৰ্ব্বগুণী ৰাজকোৱঁৰ হ’ব। তোমাৰ নিচিনা সৰ্ব্বালঙ্কৃতা সহধৰ্ম্মিণী পোৱা কেইজনৰ ভাগ্যত ঘটে। আৰু সেই পুৰুষে তোমাৰ বলেৰে বলীয়ান্ হৈ নিশ্চয় দেশৰ এটা ৰেহা লগাব পাৰিব। তুমি তেওঁক অনুপ্ৰাণিত কৰি দেশৰ বিস্তৰ উপকাৰ সাধিব পাৰিবা। সখী, মোৰ এতিয়া কাম আছে, মই যাওঁ। আকৌ পাচত আহি এই বিষয়ে বিস্তাৰিতৰূপে কথা-বতৰা পাতিম।
জয়মতীয়ে সখীয়েকক বিদায় দিলে। তেওঁ মনত ভালেই পালে, কিয়নো বিয়াৰ বিষয়ে কথাটো ভাবিবলৈ কিছু পৰ তেওঁ অকলশৰীয়াকৈ থাকিবলৈ ইচ্ছা কৰিছিল।