পৃষ্ঠা:মহাসতী জয়মতী.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
মহাসতী জয়মতী।


দেখিলে। লৰা ৰজাৰ মনত এইবিলাক স্বপ্নৰ নিচিনা প্ৰতিভাত হ’ল। শয্যাৰ পৰা চক্‌মক্‌ খাই উঠিল। তেওঁ মনতে ভাবিলে, এইবিলাক তেওঁৰ মগজুৰ বিকাৰ মাথোন। আকৌ ভাবিলে, মগজুৰ বিকাৰ হোৱা হলে তেওঁ আন আন অনেক ঘটনাও দেখিবলৈ পালেহেঁতেন। অকল তেওঁ পূৰ্ব্বৰ ৰজাসকলৰ অপমৃত্যুৰ ছবি কিয় দেখিব। তেওঁ তেতিয়া মনতে ঠিক কৰিলে “এইবিলাক ঘটনা সপোনত দেখুৱাই ঈশ্বৰে মোক সাৱধান কৰি দিছে। মোৰ ৰাজ্য যাতে নিষ্কণ্টক হয়, তাৰ নিমিত্তে সজাগ থাকিবলৈ ঈশ্বৰাদেশ হৈছে। ঈশ্বৰাদেশ মই অমান্য কৰিব নোৱাৰোঁ”।

 লৰা ৰজাই এতিয়া “ঈশ্বৰাদেশ” পালিবলৈ যত্নপৰ হ’ল। তেওঁৰ যি যি শত্ৰু আছিল, তেওঁবিলাকক এজন-এজন কৈ কোনো এটা অপৰাধত পেলাই বধ কৰালে। তেওঁ ভাবিলে “এতিয়া মই নিষ্কণ্টকে ৰাজ্যভোগ কৰিব পাৰিম। কিন্তু এটা কথা ৷ ৰজাৰ উপযুক্ত অসংখ্য কোঁৱৰ আছে। ডাঙৰীয়া আৰু বিষয়াসকলে ৰজাক বধি তাৰে এজনক আনি মনোনীত কৰে। এতেকে যদি কোঁৱৰবিলাকৰ ভিতৰত “উপযুক্ত” লোক নেথাকে, তেনেহলে নতুন ৰজা পাতিবলৈ ষড়যন্ত্ৰকাৰীসকলে মন নেমেলিব। সেই দেখি কোঁৱৰবিলাকক আঁতৰাব লাগে।” এইদৰে গুণি-গাথি লৰা ৰজাই ছল-বুদ্ধি কৰি কিছুমান কোঁৱৰক হত্যা কৰিলে। কিছুমানক দেশান্তৰী কৰিলে আৰু কিছুমানক অঙ্গক্ষত কৰিলে