পৃষ্ঠা:মহাসতী জয়মতী.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
মহাসতী জয়মতী।

ধাৰণা হৈছে। গদাপাণিৰ নিজৰ দেউতাককে কেনে নিষ্ঠুৰভাৱে হত্যা কৰা হ’ল। গদাপাণিয়ে তাৰ প্ৰতিশোধ লবলৈ নিশ্চয় আগ বাঢ়িব। দেশৰ খেলি-মেলি ভাঙি ধৰ্ম্মৰ ওপৰত ৰাজ্য প্ৰতিষ্ঠিত কৰিব পাৰিব। ইন্দ্ৰবংশীয় আহোম ৰাজ্যক ধ্বংসৰ মুখৰপৰা ওভতাব পাৰিব। মোৰ যদি মনত ধৰ্ম্মৰ বল আছে, তেওঁ সিদ্ধি লাভ কৰিব। বন্দৰ বৰফুকন তেওঁৰ ভিনীহিয়েক আছে। তেওঁৰপৰাও আমি শক্তি আহৰণ কৰিব পাৰিম। সখী, হিয়া উবুৰিয়াই মই তোমাক ধন্যবাদ দিছোঁ। মোৰ বিয়া স্বাৰ্থজড়িত নহয়, ই ধৰ্ম্ম-প্ৰণোদিত ঈশ্বৰাদিষ্ট দৈৱ নিবন্ধন”।

 ভানুমতীয়ে জয়মতীৰ মুখত অলৌকিক জেউতি দেখিবলৈ পালে। ভানুমতীয়ে ভাবিলে “সঁচাকৈয়ে মই আজি নজনাকৈয়ে এটা মহৎ কাম সাধিলোঁ নে কি”? জয়মতীৰ স্বৰ্গীয় জেউতিৰ দ্বাৰা অভিভূত হৈ ভানুমতীয়ে জয়মতীৰপৰা সন্তৰ্পণে বিদায় ললে।

চতুৰ্থ আধ্যা
লাইথেপেনা বৰগোহাঁই আৰু সিদ্ধেশ্বৰী আইকুৱৰীদেও।

 বৰগোহাঁয়ে আইকুৱৰী দেওক সম্বোধন কৰি কলে—“ভানুমতীৰ মুখে সকলো কথা শুনিছাই। জয়মতীৰ যথেষ্ট বয়স হৈছে—গদাপাণি উপযুক্ত ডেকা। এনে মিলন ঈশ্বৰানুমোদিত বুলি ধৰিব লাগে”। আইকুৱৰীদেৱে কলে—“জয়মতীৰো এই