পৃষ্ঠা:মহাসতী জয়মতী.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
মহাসতী জয়মতী


নেকান্দিবি দুলীয়া, নেকান্দিবি খুলীয়া,
 ফলিব বিধিৰে লিপি।
যমৰে টেকেলা আহিছে নিবলৈ,
 দুৱাৰতে আছে জুপি॥
মোৰে পুতাই অ’ লাই লেচাই,
 দেহৰে দুগুটি লাৰু।
মোৰ আয়ুষেৰে চিৰঞ্জীৱি হোৱাঁ,
 নেকান্দা উচুপি আৰু॥
মোৰে প্ৰাণ সখী মৃত্যুকন্যা আহি
 চিয়াঁৰত মাতিছে মোক।
আজি সৰগলৈ ওলালোঁ যাবলৈ;
 কোনোৱে নকৰা শোক॥
নেকান্দিবি বেলি, নেকান্দিবি আলি,
 নেকান্দিবি মোৰে দোলা।
সখী মৃত্যুকন্যা বাটলৈ চাইছে,
 পাতিছে মোলৈকে কোলা॥
এই মৰণলৈ সাজি পাৰি আছোঁ,
 মেলানি মাগিলোঁ আজি।
পৃথিবীৰে নাৰী, সৰ্গৰ অপেচৰী;
 চোৱাঁহি বিধতাৰ বাজি॥