পৃষ্ঠা:মহাসতী জয়মতী.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
মহাসতী জয়মতী।

সন্ধান দিব পাৰে। তেওঁক শাৰিৰীক শাস্তি দিলে তেওঁ কিজানি সকলো কথা কৈ দিব। ৰজাই চাওদাং বৰুৱাক ওচৰলৈ মাতি আনি গোপনে কলে “জয়মনীক জেৰেঙালৈ নি শাস্তি দিব লাগে। যিমান দিনলৈকে স্বামীৰ সন্ধান নকয়, সিমান দিনলৈকে শাস্তি দি থাকিবা। কিন্তু তেওঁৰ প্ৰাণ বধ নকৰিবা।” চাওদাং বৰুৱাই সভাৰ মাজলৈ আহি ৰাজ আজ্ঞা শুনাই দিলে। তৎক্ষণাত দুজন চাওদাঙে জয়মতীক বান্ধি পেলালে। জয়মতীয়ে ৰজাৰ ফাললৈ কটাক্ষপাত নকৰি সমজুৱা সকলক সেৱা জনা ই চাওদাঙৰ লগত সভাৰ বাজ হৈ জেৰেঙামুৱা হল। চাওঁতে চাওঁতে ক’লা ডাৱৰে বেলিটো ঢাকি পেলালে। চৰাই বিলাকে ৰমলিয়াবলৈ ধৰিলে। ধুমুহা বতাহ আহি প্ৰজাবৰ্গৰ মনত বিভীষিকাৰ সঞ্চাৰ কৰিলে।

দ্বাদশ আধ্যা

—জেৰেঙাত জয়মতী—

 জেৰেঙাত চাওদাঙে দিনে দিনে নতুন শাস্তি দিবলৈ ধৰিলে। চমতাৰে কোবালে, গাত চোৰাত আমৰলি মেলিলে। আৰু অনেক অমানুষিক অত্যাচাৰ কৰিবলৈ ধৰিলে। কিন্তু স্বামীৰ বাতৰি সুধিলে সতীয়ে একো নামাতে। অত্যাচাৰৰ পুঙ্খানুপুঙ্খ বৰ্ণনা আমি দিব নোৱাৰোঁ— হৃদয়ে কান্দিবলৈ ধৰে। সাতদিনৰ মূৰত গদাপাণিয়ে নগা পৰ্ব্বতত অহুকাণে-